প্রসংগঃ এডভাণ্টেজ আছাম ২.০অসমত বিনিয়োগৰ সিদ্ধান্ত আদৰণীয়; ফলাফল পালেহে আশ্বস্ত হ’ব ৰাইজ; থলুৱাৰ সংস্থাপন নিশ্চিত হ’ব লাগিবঃ ছাত্র সন্থা গুৱাহাটী, ২৮ ফেব্ৰুৱাৰীঃ অসমৰ অৰ্থনৈতিক উন্নয়নৰ প্ৰতি লক্ষ্য ৰাখি এডভাণ্টেজ আছাম ২.০ত দেশ-বিদেশৰ ভিন্ন ক্ষেত্ৰৰ বিনিয়োগকাৰীসকলে অসমত বিনিয়োগ কৰিবলৈ গ্ৰহণ কৰা সিদ্ধান্তক সদৌ অসম ছাত্ৰ সন্থাই আদৰণি জনাইছে। ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান আৰু ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানে অসমৰ
প্রসংগঃ এডভাণ্টেজ আছাম ২.০
অসমত বিনিয়োগৰ সিদ্ধান্ত আদৰণীয়; ফলাফল পালেহে আশ্বস্ত হ’ব ৰাইজ; থলুৱাৰ সংস্থাপন নিশ্চিত হ’ব লাগিবঃ ছাত্র সন্থা
গুৱাহাটী, ২৮ ফেব্ৰুৱাৰীঃ অসমৰ অৰ্থনৈতিক উন্নয়নৰ প্ৰতি লক্ষ্য ৰাখি এডভাণ্টেজ আছাম ২.০ত দেশ-বিদেশৰ ভিন্ন ক্ষেত্ৰৰ বিনিয়োগকাৰীসকলে অসমত বিনিয়োগ কৰিবলৈ গ্ৰহণ কৰা সিদ্ধান্তক সদৌ অসম ছাত্ৰ সন্থাই আদৰণি জনাইছে। ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান আৰু ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানে অসমৰ বিভিন্ন ক্ষেত্রত বিনিয়োগ কৰিবলৈ আগবাঢ়ি অহাটো ইতিবাচক। অসমৰো কিছু বিনিয়োগকাৰী এই প্রক্রিয়াটোত জড়িত হৈ পৰাটো আশাৰ বতৰা। কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন বিভাগেও বিশেষ বিশেষ প্রকল্প ঘোষণা কৰিছে। বিনিয়োগৰ প্ৰতিটো সিদ্ধান্ত আৰু ঘোষণা সঁচা অৰ্থত কাৰ্যকৰী হোৱাটো ছাত্ৰ সন্থাই বিচাৰে। এই সকলো সিদ্ধান্ত আৰু ঘোষণা ফলাফললৈ ৰূপান্তৰ হ’লেহে অসমৰ ৰাইজ আশ্বস্ত হ’ব। এই বিনিয়োগৰ ফলত অসমত যথেষ্ট সংখ্যক নিয়োগ সৃষ্টি হ’ব। অসমৰ নিবনুৱা যুৱক-যুৱতীসকলৰ বাবে ই এক আশাৰ বতৰা। ছাত্ৰ সন্থাৰ স্পষ্ট মত-এই ক্ষেত্ৰত অসমৰ থলুৱা যুৱক-যুৱতীৰ সংস্থাপন সুনিশ্চিত হ’ব লাগিব। অসম চৰকাৰে এই দায়িত্ব দায়ৱদ্ধতাৰে পালন কৰিব লাগিব।
ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা আৰু সাধাৰণ সম্পাদক সমীৰণ ফুকনে এই সম্পৰ্কত প্রকাশ কৰা এটা বিবৃতিত কয়- এডভাণ্টেজ আছাম ২.০ৰ জৰিয়তে অসমত বিনিয়োগ কৰিবলৈ আগবাঢ়ি অহা দেশ-বিদেশৰ বিনিয়োগকাৰীসকলক ছাত্ৰ সন্থাই আদৰণি জনাইছে। অসমৰ অৰ্থনৈতিক উন্নয়নৰ স্বাৰ্থত ছাত্ৰ সন্থাই পূৰ্বৰ পৰাই অসমত বিনিয়োগকাৰীক আদৰণি জনাই আহিছে। অসমৰ উন্নয়নৰ বাবে বিনিয়োগ লাগিবই।
অসমৰ মাটিত হোৱা বিনিয়োগে অসমৰ থলুৱা যুৱক-যুৱতীৰ বাবে নিয়োগৰ দুৱাৰ মুকলি কৰিব। জাতিটোৰ অৰ্থনৈতিক বুনিয়াদ টনকীয়াল কৰিবলৈ কৃষি অর্থনীতিৰ লগতে উদ্যোগ, বিনিয়োগ লাগিবই। এই সকলো ক্ষেত্ৰত থলুৱাৰ নিযুক্তি নিশ্চিত হ’ব লাগিব। ইতিমধ্যে স্থাপন হৈ থকা আৰু হ’বলগীয়া উদ্যোগসমূহত কেৱল তৃতীয়, চতুৰ্থ বৰ্গৰ চাকৰিতেই নহয় আন সকলো উচ্চ বৰ্গৰ কাৰিকৰী, অকাৰিকৰী পদতো থলুৱা যুৱক-যুৱতীক মকৰল কৰিব লাগিব। সেই উদ্দেশ্যৰে বিনিয়োগ আৰু উদ্যোগৰ সমান্তৰালভাৱে চৰকাৰে দক্ষতা বিকাশৰ অভিযান আৰম্ভ কৰিব লাগিব। তাৰ বাবে অসম চৰকাৰে পৰিকল্পিতভাৱে INDUSTRY ACADEMIA LINKAGE স্থাপন কৰক, অর্থাৎ ঔদ্যোগিক ক্ষেত্ৰখনত সৃষ্টি হ’ব পৰা নিয়োগৰ চাহিদা পূৰাব পৰাকৈ অসমৰ বিশ্ববিদ্যালয়, মহাবিদ্যালয়, পলিটেকনিক্, আই টি আইসমূহত আধুনিক বৃত্তিমুখী পাঠ্যক্ৰম প্ৰৱৰ্তন কৰক।
এনে বিনিয়োগৰ উপৰি অসমত ইতিমধ্যে সংস্থাপন সৃষ্টি কৰি অহা ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানসমূহক অসম চৰকাৰে অধিক গতিশীল কৰি তুলিব লাগিব। ধাৰাবাহিক লোকচানৰ সন্মুখীন হৈ অহা ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানসমূহ চৰকাৰে পুনৰুজ্জীৱিত কৰিবই লাগিব। অসমত উদ্যোগ স্থাপন আৰু বিভিন্ন ক্ষেত্রত নিয়োগ সৃষ্টিৰ প্ৰক্ৰিয়াটো অবিৰত হ’ব লাগিব। অসমত ইতিমধ্যে স্থাপন হোৱা উদ্যোগসমূহৰ ক্ষেত্ৰত ভটিয়নী (DOWNSTREAM) উদ্যোগ স্থাপন কৰিব লাগিব। এডভাণ্টেজ আছাম ২.০ৰ জৰিয়তে STARTUP INCUBATION আৰু ANGEL FINANCING ৰ পথ প্রশস্ত হ’ব লাগিব। অৰ্থাৎ থলুৱা যুৱক-যুৱতীৰ সম্ভাৱনাপূর্ণ ব্যৱসায়িক চিন্তা, উদ্ভাৱনক আর্থিকভাৱে সহায় কৰিবলৈ আৰু পৰিকল্পিতভাৱে অভিভাৱকত্ব প্রদান কৰিবলৈ এই ৰাজহুৱা খণ্ড আৰু ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানসমূহক অসম চৰকাৰে দায়ৱদ্ধ কৰিব লাগিব। অসমৰ ৰাইজ আৰু ছাত্ৰ সন্থাই বহনক্ষম উন্নয়ন বিচাৰে। প্ৰকৃতি আৰু পৰিৱেশৰ সৈতে সামঞ্জস্য থকা উন্নয়নহে আমাৰ দৰকাৰ। উন্নয়নৰ নামত যধে-মধে বন ধ্বংস আৰু প্ৰাকৃতিক ভাৰসাম্য বিনষ্ট হোৱা কাৰ্য যাতে সংঘটিত নহয় চৰকাৰ তাৰ প্ৰতি সচেতন হ’ব লাগিব।
অসমৰ উন্নয়নৰ বাবে কৃষি অর্থনীতি আৰু ঔদ্যোগিক বিনিয়োগ দুয়োটাই জৰুৰী। অসমৰ কৃষিভূমি যিকোনো পৰিস্থিতিতেই সম্পূর্ণ সুৰক্ষিত হৈ থাকিব লাগিব। কৃষিভূমি সুৰক্ষা আৰু ঔদ্যোগিক ভূমি সৃষ্টি সম্পৰ্কত অসম চুক্তিৰ ৬নং দফা অনুসৰি অৱসৰ প্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ প্ৰতিবেদনত স্পষ্টভাৱে পৰামৰ্শ আগবঢ়াইছে। সেই অনুসৰি চৰকাৰে কাৰ্যব্যৱস্থা ল’ব লাগিব বুলি সন্থাই বিবৃতিটোত উল্লেখ কৰে।
Leave a Comment
Your email address will not be published. Required fields are marked with *