728 x 90
Like Us On Facebook
Facebook Pagelike Widget
728 x 90

পেট্ৰ’লিয়ামজাত সামগ্ৰী সংৰক্ষণৰ বাবে আয়োজিত সজাগতা অনুষ্ঠান ‘সক্ষম ২০২৪-২৫’ৰ সামৰণি

পেট্ৰ’লিয়ামজাত সামগ্ৰী সংৰক্ষণৰ বাবে আয়োজিত সজাগতা অনুষ্ঠান ‘সক্ষম ২০২৪-২৫’ৰ সামৰণি

ভাৰত চৰকাৰৰ পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰ্যালয়ৰ নিৰ্দেশনাত সমগ্ৰ তেল উদ্যোগৰ অংশগ্ৰহণেৰে যোৱা ১৪ ফেব্ৰুৱাৰীত আৰম্ভ হোৱা পেট্ৰ’লিয়ামজাত সামগ্ৰী সংৰক্ষণৰ বাবে সজাগতা অনুষ্ঠান ‘সক্ষম ২০২৪-২৫’(সংৰক্ষণ ক্ষমতা মহোৎসৱ)ৰ সামৰণি অনুষ্ঠান আজি গুৱাহাটীত অনুষ্ঠিত হয়। উল্লেখ্য যে, ভাৰত চৰকাৰৰ পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰ্যালয়ৰ নিৰ্দেশনাত সমগ্ৰ তেল উদ্যোগৰ অংশগ্ৰহণেৰে প্ৰতি বছৰে এক বিশেষ কাৰ্যসূচীৰ জৰিয়তে পেট্ৰ’লিয়াম সামগ্ৰীৰ

ভাৰত চৰকাৰৰ পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰ্যালয়ৰ নিৰ্দেশনাত সমগ্ৰ তেল উদ্যোগৰ অংশগ্ৰহণেৰে যোৱা ১৪ ফেব্ৰুৱাৰীত আৰম্ভ হোৱা পেট্ৰ’লিয়ামজাত সামগ্ৰী সংৰক্ষণৰ বাবে সজাগতা অনুষ্ঠান ‘সক্ষম ২০২৪-২৫’(সংৰক্ষণ ক্ষমতা মহোৎসৱ)ৰ সামৰণি অনুষ্ঠান আজি গুৱাহাটীত অনুষ্ঠিত হয়। উল্লেখ্য যে, ভাৰত চৰকাৰৰ পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰ্যালয়ৰ নিৰ্দেশনাত সমগ্ৰ তেল উদ্যোগৰ অংশগ্ৰহণেৰে প্ৰতি বছৰে এক বিশেষ কাৰ্যসূচীৰ জৰিয়তে পেট্ৰ’লিয়াম সামগ্ৰীৰ সংৰক্ষণৰ বাবে সজাগতা অনুষ্ঠানৰ আয়োজন কৰা হয়। ১৪ ফেব্ৰুৱাৰীৰ পৰা ২৮ ফেব্ৰুৱাৰীলৈ নতুন দিল্লীত কেন্দ্ৰীয়ভাৱে আৰম্ভ হোৱা এই সজাগতামূলক অনুষ্ঠান ‘সক্ষম’ প্ৰতিখন ৰাজ্যত অনুষ্ঠিত হয়। এই সজাগতা অভিযানৰ উদ্দেশ্য হৈছে স্বাস্থ্য আৰু পৰিৱেশ সুৰক্ষাৰ বাবে পেট্ৰ’লিয়াম সামগ্ৰীৰ সংৰক্ষণ আৰু কাৰ্যকৰী ব্যৱহাৰৰ প্ৰয়োজনীয়তা, সমস্যা আৰু সমাধানৰ বিষয়ে জনসাধাৰণক সজাগ কৰা।

Posts Carousel

Leave a Comment

Your email address will not be published. Required fields are marked with *

Latest Posts

Top Authors

Most Commented

Featured Videos