728 x 90
Like Us On Facebook
Facebook Pagelike Widget
728 x 90

অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বহুত ভাল কাম কৰি আছেঃ যশস্বী কণ্ঠশিল্পী কুমাৰ ছানু

অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বহুত ভাল কাম কৰি আছেঃ যশস্বী কণ্ঠশিল্পী কুমাৰ ছানু

‘অসমৰ ৰাইজৰ বাবে এয়া সৌভাগ্যৰ কথা যে তেওঁলোকে বহুত বছৰৰ মূৰত এনেকুৱা এজন মুখ্যমন্ত্ৰী পাইছে’মই ভাবো তেওঁ অসমক উচ্চ শিখৰলৈ লৈ যাবঃ কুমাৰ ছানু অসমৰ মুখ্যমন্ত্ৰীয়ে বহুত ভাল কাম কৰি আছে। অসমৰ ৰাইজৰ বাবে এয়া সৌভাগ্যৰ কথা যে তেওঁলোকে বহুত বছৰৰ মূৰত এনেকুৱা এজন মুখ্যমন্ত্ৰী পাইছে। মই ভাবো তেওঁ অসমক উচ্চ শিখৰলৈ লৈ যাব।- এই

‘অসমৰ ৰাইজৰ বাবে এয়া সৌভাগ্যৰ কথা যে তেওঁলোকে বহুত বছৰৰ মূৰত এনেকুৱা এজন মুখ্যমন্ত্ৰী পাইছে’
মই ভাবো তেওঁ অসমক উচ্চ শিখৰলৈ লৈ যাবঃ কুমাৰ ছানু

অসমৰ মুখ্যমন্ত্ৰীয়ে বহুত ভাল কাম কৰি আছে। অসমৰ ৰাইজৰ বাবে এয়া সৌভাগ্যৰ কথা যে তেওঁলোকে বহুত বছৰৰ মূৰত এনেকুৱা এজন মুখ্যমন্ত্ৰী পাইছে। মই ভাবো তেওঁ অসমক উচ্চ শিখৰলৈ লৈ যাব।- এই মন্তব্য বলিউডৰ মেলডি কিং ৰূপে খ্যাত কুমাৰ ছানুৰ। সংবাদ মাধ্যমৰ আগত অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা সন্দৰ্ভত এইদৰে মন্তব্য কৰে দেশৰ যশস্বী কণ্ঠশিল্পীগৰাকীয়ে। অসমৰ লগতে ভাৰতীয় সংস্কৃতিৰ প্ৰচাৰ-প্ৰসাৰৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই গ্ৰহণ কৰা আন্তৰিক প্ৰচেষ্টাৰো তেওঁ শলাগ লয়। তেওঁ কয় যে অসমত যি চলি আছে, এয়া সঁচাকৈয়ে ভাল কথা। আমাৰ সংস্কৃতিক নিশ্চয়কৈ বিশ্ব দৰবাৰলৈ নিব লাগে। ভাৰতীয় সংস্কৃতি, মৌলিক সংস্কৃতি ইয়াৰ প্ৰচাৰ আৰু প্ৰসাৰ হ’ব লাগে। ইয়াৰ বাবে যিয়ে কাম কৰে, তেওঁক আমি নিশ্চয়কৈ সহযোগ কৰিম। যশস্বী শিল্পীগৰাকীয়ে মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ বিষয়ে পুনৰ কয় যে ড০ হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে অসমত উন্নয়ন ভালদৰে হৈ আছে। তেওঁ বহুত ভাল কাম কৰি আছে। তেওঁ এজন প্ৰকৃত ব্যক্তি, মোৰ পচন্দৰ ব্যক্তি।
ইপিনে, অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিষয়ে কুমাৰ ছানুৱে আগবঢ়োৱা এনে মন্তব্যত আনন্দ প্ৰকাশ কৰিছে মন্ত্ৰী পীযুষ হাজৰীকাই। দেশৰ এগৰাকী যশস্বী শিল্পী কুমাৰ ছানুৱে আগবঢ়োৱা এনে মন্তব্য সঁচাকৈয়ে গৌৰৱৰ বিষয় বুলি সামাজিক মাধ্যমযোগে প্ৰকাশ কৰিছে মন্ত্ৰীগৰাকীয়ে। অসমৰ লগতে ভাৰতীয় সংস্কৃতিৰ প্ৰচাৰ-প্ৰসাৰৰ ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আন্তৰিক প্ৰচেষ্টাৰ বিষয়ে দেশৰ এগৰাকী যশস্বী শিল্পী শ্ৰী কুমাৰ শানু ডাঙৰীয়াৰ এই মন্তব্য সঁচাকৈয়ে গৌৰৱৰ বিষয় বুলি বুলি সামাজিক মাধ্যমত উল্লেখ কৰি শিল্পীজনে মুখ্যমন্ত্ৰী সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত আগবঢ়োৱা বক্তব্যৰ ভিডিঅ’টি প্ৰকাশ কৰিছে।

Posts Carousel

Leave a Comment

Your email address will not be published. Required fields are marked with *

Latest Posts

Top Authors

Most Commented

Featured Videos