728 x 90
Like Us On Facebook
Facebook Pagelike Widget
728 x 90

অসম আৰু এতিয়া বন্ধ দিয়া প্ৰদেশ হৈ থকা নাই, অসম এতিয়া ছেমিকণ্ডাক্টৰৰ দেশঃ মন্ত্ৰী পীযুষ হাজৰীকা

অসম আৰু এতিয়া বন্ধ দিয়া প্ৰদেশ হৈ থকা নাই, অসম এতিয়া ছেমিকণ্ডাক্টৰৰ দেশঃ মন্ত্ৰী পীযুষ হাজৰীকা

🔹’অসমে দেশৰ ইণ্ডাষ্ট্ৰীয়েল মেপত শক্তিশালীভাৱে খোজ পেলাব’🔹’অসমক আমি ষ্টাৰ্টআপৰ হাব বনাবো খুজিছো’🔹এডভাণ্টেজ আছাম 2.0 ত বিনিয়োগ সন্দৰ্ভত মন্ত্ৰী পীযুষ হাজৰীকাৰ মন্তব্য অসম আৰু এতিয়া বন্ধ দিয়া প্ৰদেশ হৈ থকা নাই। অসম এতিয়া আইন-শৃংখলাজনিত পৰিৱেশ থকা ৰাজ্য হৈ থকা নাই। চান্দা সংস্কৃতি থকা এখন অসম হৈ থকা নাই। অসম এতিয়া ছেমিকণ্ডাক্টৰৰ দেশ।- এই ভাষ্য মন্ত্ৰী পীযুষ

🔹’অসমে দেশৰ ইণ্ডাষ্ট্ৰীয়েল মেপত শক্তিশালীভাৱে খোজ পেলাব’
🔹’অসমক আমি ষ্টাৰ্টআপৰ হাব বনাবো খুজিছো’
🔹এডভাণ্টেজ আছাম 2.0 ত বিনিয়োগ সন্দৰ্ভত মন্ত্ৰী পীযুষ হাজৰীকাৰ মন্তব্য

অসম আৰু এতিয়া বন্ধ দিয়া প্ৰদেশ হৈ থকা নাই। অসম এতিয়া আইন-শৃংখলাজনিত পৰিৱেশ থকা ৰাজ্য হৈ থকা নাই। চান্দা সংস্কৃতি থকা এখন অসম হৈ থকা নাই। অসম এতিয়া ছেমিকণ্ডাক্টৰৰ দেশ।- এই ভাষ্য মন্ত্ৰী পীযুষ হাজৰীকাৰ। এডভাণ্টেজ আছাম 2.0 ৰ দ্বিতীয় দিনা বিনিয়োগ সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কি আশা কৰে বুলি আজি সাংবাদিকে সোধা প্ৰশ্নৰ দিবলৈ গৈ মন্ত্ৰীগৰাকীয়ে এইদৰে মন্তব্য কৰে। তেওঁ কয় যে অসম এতিয়া ছেমিকণ্ডাক্টৰৰ দেশ, অসমত নতুন নতুন উদ্যোগ আহিব। মই আশা কৰিম যে অসমত অচিৰেই ম’বাইল মেনুফেকচাৰিং হ’ব। অসমৰ ইণ্ডাষ্ট্ৰীয়েল যি গ্ৰোথ বা গ্ৰোথ হিষ্ট্ৰৰী ভাৰতবৰ্ষৰ অন্য ঠাইত আলোচনা হ’ব। পৃথিৱীৰ অন্য জেগাই ক’ব যে অসমত ইণ্ডাষ্ট্ৰী কৰিবলৈ গৈছিলো, তাত বাণিজ্য বহুত শক্তিশালী, গভমেণ্ট ইছ ভেৰী প্ৰডাক্টিভ। আৰু আমাৰ ছিষ্টেমসমূহ তেনেি সাধাৰণ- তেনেকুৱা হ’ব বুলি মই আশা কৰো। আৰু তেতিয়াহে অসম এখন ডেভলপ ষ্টেট ৰূপে ৰূপান্তৰিত হ’ব। মন্ত্ৰীগৰাকীয়ে পুনৰ কয় যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সদায় কয় যে অসমে কেন্দ্ৰীয় চৰকাৰৰ পৰা সাহায্য লোৱা ৰাজ্য হৈ থাকিব নোখোজে। অসমে কেন্দ্ৰীয় চৰকাৰলৈ বৰঙনি আগবঢ়াবলৈ বিচাৰে যাতে অসমৰ পৰা লোৱা বৰহনি ভাৰতৰ বেলেগ ৰাজ্যলৈকে কেন্দ্ৰীয় চৰকাৰে দিব পাৰে। এয়াই হ’ব অসমৰ সকলোতকৈ ডাঙৰ সফলতা। অসমীয়া ল’ৰাই চাকৰি পাব, অসমীয়া ছোৱালীয়ে চাকৰি পাব, নিৱনুৱা সমস্যা নাইকিয়া হ’ব। এয়াই মোৰ আশা। এইক্ষেত্ৰত এডভাণ্টেজ আছাম ২.০ যথেষ্ট সহায়ক হ’ব বুলি মন্ত্ৰীগৰাকীয়ে আশা ব্যক্ত কৰে।
এডভাণ্টেজ আছাম ২.০ত আজি ষ্টাৰ্টআপৰ বিষয়ে আলোচনা হৈছিল। এই সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে মই আজি পুৱা ষ্ট্ৰাৰ্টআপ ছেছনটোত অধ্যক্ষতা কৰিছিলো, জানি ভাল লাগিল যে অসমৰ ল’ৰাই কাম কৰিব খোজে। অসমৰ ল’ৰাই এতিয়া চাকৰিৰ পাছত দৌৰিব নোখোজে। মই মিটিঙত কৈছিলো, অসমৰ পৰিৱেশটো আচলতে কি- সৰু ব্যাৱসায় এটা কৰি চলিম, সেইটো চিন্তা নকৰো, চৰকাৰী চাকৰি এটা ল’ব পাৰিলে যেন সকলোখিনি শেষ। আগতে এনেকুৱা এটা চিন্তা আছিল। কিন্তু সেই পৰিৱেশটোৰ পৰা অসম লাহে লাহে মুক্ত হৈছে, অসম আগুৱাই গৈছে আৰু আগুৱাই যাব বুলি কয় মন্ত্ৰীগৰাকীয়ে। তেওঁ কয় যে আমাৰ চৰকাৰে ইতিমধ্য ইনক্লিভেচন, ইনোভেচন আৰু ষ্টাৰ্টআপ বুলি এটা বিভাগ শেহতীয়াভাৱে প্ৰতিষ্ঠা কৰিছে। এইবাৰ বাজেটত মুখ্যমন্ত্ৰী ডাঙৰীয়া বা বিত্তমন্ত্ৰী ডাঙৰীয়াইনীয়ে হয়তো ১০০ কোটি টকাৰ ক’ৰপৰ্ছ ফান্দ এই বিভাগটোক দিব যাতে আমি যুৱ উদ্যমীসকলক সহায় কৰিব পাৰো। এইদৰে অসমক আমি ষ্টাৰ্টআপৰ হাব বনাবো খুজিছো। মন্ত্ৰীগৰাকীয়ে পুনৰ কয় যে মই আশা ৰাখিম ইয়াতো ইউনিকন হওক, অসমতো ইউনিকন হওক।
জাগীৰোডৰ ছেমিকণ্ডাক্টৰ প্ৰকল্পত কেতিয়া ডেইলী ৪৮ মিলিয়ন চিপছ উৎপাদন হ’ব বুলি সাংবাদিকো সোধা প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে এই বছৰৰ শেষৰ পিনে চিপছৰ উৎপাদন আৰম্ভ হ’ব। হয়তো ডেইলী ৪৮ মিলিয়ন চিপছ হ’বলৈ দুবছৰমান লাগিব, কিন্তু উৎপাদন এই বছৰৰ শেষৰ পিনে আৰম্ভ হ’ব। আনহাতে, টাটা কোম্পানীয়ে অসমলৈকে ম’বাইল মেনুফেকচাৰিং ইণ্ডাষ্ট্ৰীও আনিব বুলি মন্ত্ৰীগৰাকীয়ে আশা কৰে। অসমত আৰু ডাঙৰ ডাঙৰ কাম হ’ব। অসমে দেশৰ ইণ্ডাষ্ট্ৰীয়েল মেপত শক্তিশালীভাৱে খোজ পেলাব বুলি মন্ত্ৰীগৰাকীয়ে আশা ব্যক্ত কৰে।
আনহাতে, ডিফেন্স কৰিড’ৰ সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা ডাঙৰ পইণ্ট লৈছে, সেইটো অকল মুখ্যমন্ত্ৰী ডাঙৰীয়াইহে ভাবিব পাৰে। পইণ্ট তথা যুক্তিটো হ’ল যে নৰ্থইষ্টখন আৱৰি বহুতো বহুতো শত্ৰু দেশ আছে। আমাৰ প্ৰতিৰক্ষা সঁজুলিৰ বেছিভাগ উত্তৰ পূৰ্বাঞ্চলত থাকে। এতিয়া যদি ডিফেন্স ইকুৱেটমেণ্ট এটা বেয়া হয়, আমি তাক তামিলনাডুলৈ ভাল কৰিবলৈ লৈ যাম, সেইখিনি সময়ত দেখোন আমাক শত্ৰুৱে আহি মাৰি পেলাব। সেয়ে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে ‘উই শ্বুড হেভ ডিফেন্স কৰিডৰ’। আমাৰ প্ৰতিৰক্ষা কৰিডৰ থকা উচিত। তাৰ কাৰণে আমি ষ্ট্ৰং কাম কৰিব লাগিব। সেই ষ্ট্ৰং কাম মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিশ্চয় কৰিব বুলি মন্ত্ৰীগৰাকীয়ে আশা ব্যক্ত কৰে।

Posts Carousel

Leave a Comment

Your email address will not be published. Required fields are marked with *

Latest Posts

Top Authors

Most Commented

Featured Videos

error: Content is protected !!