728 x 90
Like Us On Facebook
Facebook Pagelike Widget
728 x 90

APSCৰ স্থায়ী অধ্যক্ষ পাতিবলৈ প্ৰতি সপ্তাহত তৰুণ গগৈক সাক্ষাৎ কৰিছিল ৰাকেশ পালে

APSCৰ স্থায়ী অধ্যক্ষ পাতিবলৈ প্ৰতি সপ্তাহত তৰুণ গগৈক সাক্ষাৎ কৰিছিল ৰাকেশ পালে

🔹বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ প্ৰতিবেদনত বিস্ফোৰক তথ্য🔹প্ৰতিটো সাক্ষাততে তৰুণ গগৈক দামী দামী উপহাৰ দিছিল ৰাকেশ পালে🔹তৰুণ গগৈয়ে নীতিবৰ্হিভূতভাৱে ৰাকেশ পালক APSCৰ অধ্যক্ষ নিযুক্তি দিছিল বিপ্লৱ কুমাৰ শৰ্মাৰ প্ৰতিবেদনে ৰাজ্যত জোকাৰণিৰ সৃষ্টি কৰিছে। প্ৰতিবেদনৰ পৃষ্ঠাই পৃষ্ঠাই উন্মোচিত হৈছে এপিএছচি কেলেংকাৰিৰ ভয়ংকৰ তথ্য। প্ৰতিবেদনত উত্থাপিত হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰু তেওঁৰ পুত্ৰ গৌৰৱ গগৈৰ বিৰুদ্ধে বিস্ফোৰক

🔹বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ প্ৰতিবেদনত বিস্ফোৰক তথ্য
🔹প্ৰতিটো সাক্ষাততে তৰুণ গগৈক দামী দামী উপহাৰ দিছিল ৰাকেশ পালে
🔹তৰুণ গগৈয়ে নীতিবৰ্হিভূতভাৱে ৰাকেশ পালক APSCৰ অধ্যক্ষ নিযুক্তি দিছিল

বিপ্লৱ কুমাৰ শৰ্মাৰ প্ৰতিবেদনে ৰাজ্যত জোকাৰণিৰ সৃষ্টি কৰিছে। প্ৰতিবেদনৰ পৃষ্ঠাই পৃষ্ঠাই উন্মোচিত হৈছে এপিএছচি কেলেংকাৰিৰ ভয়ংকৰ তথ্য। প্ৰতিবেদনত উত্থাপিত হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰু তেওঁৰ পুত্ৰ গৌৰৱ গগৈৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ। তদুপৰি APSC কেলেংকাৰিত নাম সাঙোৰ খাই পৰিছে ৰাজনৈতিক তথা দল-সংগঠনৰ নেতাৰ। আয়োগৰ প্ৰতিবেদনত প্ৰকাশ পাইছে ৰাকেশ পালৰ পৰ্বতসম দুৰ্নীতিৰ অখেল তথ্য। APSCৰ স্থায়ী অধ্যক্ষ পাতিবলৈ প্ৰায়ে তৰুণ গগৈক সাক্ষাৎ কৰিছিল ৰাকেশ পালে। ৰাকেশ পালে মধ্যভোগীৰ জৰিয়তে প্ৰথমে তৰুণ গগৈক সাক্ষাৎ কৰিছিল। বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ ওচৰত লিখিত আকাৰত এই চাঞ্চল্যকৰ স্বীকাৰোক্তি দিছে ডাঃ মৃগেন শইকীয়াই। ২০২১ চনৰ ১৬ অক্টোবৰত ডাঃ শইকীয়াই এই বিস্ফোৰক স্বীকাৰোক্তি দিয়ে। APSCৰ স্থায়ী অধ্যক্ষ পাতিবলৈ ৰাকেশ পালে সাক্ষাৎ কৰিছিল তেতিয়াৰ মুখ্যমন্ত্ৰী তৰুণ গগৈক। ২০১৩ ত তৰুণ গগৈক প্ৰথম সাক্ষাৎ কৰিছিল ৰাকেশ পালে। ডাঃ মৃগেন শইকীয়াৰ দ্বাৰা সাক্ষাৎ কৰোৱা হৈছিল তৰুণ গগৈক। পিছলৈ প্ৰতি সপ্তাহত তৰুণ গগৈক সাক্ষাৎ কৰিছিল ৰাকেশ পালে। তেতিয়াৰ মুখ্যমন্ত্ৰী তৰুণ গগৈক পতিয়ন নিয়াবৰ বাবে প্ৰতিটো সাক্ষাততে তৰুণ গগৈক দামী দামী উপহাৰ দিছিল এপিএছচি কেলেংকাৰিৰ মহানায়ক ৰাকেশ পালে। ৰাকেশ পালে গৌৰৱ গগৈৰ বিয়াত দিছিল সোণৰ অলংকাৰ। সোণৰ চেইন, আঙঠি আৰু ব্ৰেচলেট উপহাৰ দিছিল গৌৰৱ গগৈক। পৰৱৰ্তী সময়ত তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে APSCৰ স্থায়ী অধ্যক্ষ পাতিছিল ৰাকেশ পালক। প্ৰয়াত তৰুণ গগৈয়ে নীতিবৰ্হিভূতভাৱে ৰাকেশ পালক APSCৰ অধ্যক্ষ নিযুক্তি দিছিল।
ডাঃ শইকীয়াই আয়োগৰ আগত দিয়া স্বীকাৰোক্তিত তেতিয়াৰ এ পি এছ চিৰ অধ্যক্ষ ৰাকেশ কুমাৰ পালক ২০১২ চনৰ ডিচেম্বৰৰ পৰা চিনি পোৱাৰ কথা উল্লেখ কৰে। ২০১২ চনৰ ডিচেম্বৰৰ পৰা ২০১৩ চনৰ জানুৱাৰীলৈকে খানাপাৰা পশু চিকিৎসা চৌহদত অনুষ্ঠিত এক ধৰ্মীয় সন্মিলনত তেওঁৰ সংস্পৰ্শলৈ অহাৰ কথা উল্লেখ কৰে। সেই সময়ত ৰাকেশ কুমাৰ পাল এ পি এছ চিৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ আছিল। শইকীয়াই নিজৰ পদোন্নতিৰ বাবে এ পি এছ চিৰ গৱেষণা বিষয়া মুকুল ডেকাৰ সৈতে যোগাযোগ কৰিছিল। মুকুল ডেকাই ৰাকেশ কুমাৰ পালক জনাইছিল যে ডাঃ শইকীয়া অসমৰ তেতিয়াৰ মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈৰ চুবুৰীয়া আৰু প্ৰয়াত তৰুণ গগৈৰ লগত তেওঁৰ ঘনিষ্ঠ সম্পৰ্ক আছিল।
লাহে লাহে পালৰ সৈতে শইকীয়াৰ সম্পৰ্ক অধিক গঢ় হৈ পৰে আৰু তেতিয়াৰ মুখ্যমন্ত্ৰীৰ কাইনাধৰাৰ বাসগৃহলৈ পালক লৈ যায়। এয়া ২০১৩ চনৰ ফেব্ৰুৱাৰী মাহত। ইয়াৰ পিছত প্ৰায় প্ৰতি সপ্তাহতে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিবলৈ পাল যায়।
ডাঃ শইকীয়াই এনে ভ্ৰমণৰ সময়ত পালে মুখ্যমন্ত্ৰীৰ বাবে উপহাৰ কঢ়িয়াই লৈ ফুৰাৰ কথা আয়োগৰ আগত উল্লেখ কৰে। ইয়াৰ পিছত পালে মুখ্যমন্ত্ৰীৰ পুত্ৰ গৌৰৱ গগৈক বিয়াত সোণৰ চেইন, আঙঠি, ব্ৰেচলেট আদি অলংকাৰ দিয়ে। মুখ্যমন্ত্রীৰ সৈতে এনে এখন বৈঠকৰ সময়ত পালে তেওঁক এ পি এছ চিৰ স্থায়ী অধ্যক্ষ বনাবলৈ কৰা অনুৰোধৰ কথা কয়৷ মুখ্যমন্ত্রীয়ে শইকীয়াক প্রয়োজনীয় ব্যৱস্থা লোৱাৰ আশ্বাস দি কিছুদিন অপেক্ষা কৰিবলৈ কয়৷ শইকীয়াই কয় যে মুখ্যমন্ত্ৰীৰ সৈতে আমাৰ বৈঠক অব্যাহত আছিল আৰু তেনে এক ভ্ৰমণত মুখ্যমন্ত্ৰীয়ে আমাক জনাইছিল যে ৰাকেশ পালক এ পি এছ চিৰ স্থায়ী অধ্যক্ষ হিচাপে নিযুক্তিৰ বাবে ফাইল প্ৰস্তুত কৰিবলৈ তেওঁ ইতিমধ্যে কৰ্মচাৰী বিভাগক নিৰ্দেশ দিছে। ফাইলটো আচলতে সৃষ্টি কৰি প্ৰক্ৰিয়াকৰণ কৰা হৈছিল আৰু অৱশেষত আইনী বিভাগত উপস্থিত হৈছিল। এই কামৰ বাবে পালে ডাঃ শইকীয়াক ৫ লাখ টকা দিছিল।
এনেধৰণৰ বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ প্ৰতিবেদৰ পৃষ্ঠাই পৃষ্ঠাই এপিএছচি কেলেংকাৰিৰ ভয়ংকৰ তথ্য প্ৰকাশ পাইছে। প্ৰতিবেদনৰ তথ্যই এই কেলেংকাৰিৰ সৈতে তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ জড়িত থকা বিষয়টোও উন্মোচিত কৰিছে। ৰাকেশ পালে তৰুণ গগৈক প্ৰতিটো সাক্ষাততে উপঢৌকন, উপহাৰ দি এপিএছচিৰ অধ্যক্ষ পদটো যে সহজতে হস্তগত কৰিব পাৰিছিল সেয়া বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ প্ৰতিবেদনৰ তথ্যই উদঙাই দিছে।

Posts Carousel

Leave a Comment

Your email address will not be published. Required fields are marked with *

Latest Posts

Top Authors

Most Commented

Featured Videos