728 x 90
Like Us On Facebook
Facebook Pagelike Widget
728 x 90

নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সম্পাদক তথা দলৰ ৰাজ্যিক সহ-তত্ত্বাবধায়কৰ বিৰুদ্ধে ফৌজদাৰী মানহানি গোচৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সম্পাদক তথা দলৰ ৰাজ্যিক সহ-তত্ত্বাবধায়কৰ বিৰুদ্ধে ফৌজদাৰী মানহানি গোচৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

দিছপুৰ, ১৫ ফেব্ৰুৱাৰীঃ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি গুৱাহাটীস্থিত কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সম্পাদক তথা অসমৰ দায়িত্বত থকা দলৰ সহ-তত্ত্বাবধায়ক মনোজ চৌহানৰ বিৰুদ্ধে ফৌজদাৰী মানহানি গোচৰ দাখিল কৰিছে।উল্লেখ্য যে, নিখিল ভাৰত কংগ্রেছ কমিটীৰ সম্পাদক তথা অসমৰ দায়িত্বত থকা দলৰ সহ-তত্ত্বাবধায়ক চৌহানে যোবা ১১ ফেব্রুৱাৰীত গুৱাহাটীত অনুষ্ঠিত এখন

দিছপুৰ, ১৫ ফেব্ৰুৱাৰীঃ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি গুৱাহাটীস্থিত কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সম্পাদক তথা অসমৰ দায়িত্বত থকা দলৰ সহ-তত্ত্বাবধায়ক মনোজ চৌহানৰ বিৰুদ্ধে ফৌজদাৰী মানহানি গোচৰ দাখিল কৰিছে।
উল্লেখ্য যে, নিখিল ভাৰত কংগ্রেছ কমিটীৰ সম্পাদক তথা অসমৰ দায়িত্বত থকা দলৰ সহ-তত্ত্বাবধায়ক চৌহানে যোবা ১১ ফেব্রুৱাৰীত গুৱাহাটীত অনুষ্ঠিত এখন সংবাদমেলত মুখ্যমন্ত্রী ড০ শর্মাই ডুবাই আৰু ছিংগাপুৰত শ্বপিং ম’ল আৰু হোটেলৰ ব্যৱসায়ত ধন বিনিয়োগ কৰা বুলি অভিযোগ কৰিছিল। নিখিল ভাবত কংগ্রেছ কমিটীৰ নেতাগৰাকীয়ে কৰা এনে ভিত্তিহীন অভিযোগৰ পৰিপ্রেক্ষিততে মুখ্যমন্ত্রী ড০ শর্মাই আজি গুৱাহাটীস্থিত কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত চৌহানৰ বিৰুদ্ধে ফৌজদাৰী মানহানি গোচৰ দাখিল কৰে। মুখ্যমন্ত্রীৰ এই গোচৰৰ আধাৰত আদালতে চি আৰ ৭৮/২০২৫ নম্বৰৰ গোচৰ ৰুজু কৰি নিখিল ভাৰত কংগ্রেছ কমিটীৰ সম্পাদকগৰাকীক কাৰণ দশোবা জাননী (গ্রী কগনাইজেন্স ন’টিছ) জাৰি কৰিছে। আদালতে লগতে চৌহানক অহা ১৭ মার্চত আদালতত উপস্থিত হ’বলৈও নির্দেশ প্রদান কৰিছে। আনহাতে, মুখ্যমন্ত্রীয়ে নিখিল ভাৰত কংগ্রেছ কমিটীৰ নেতাগৰাকীৰ বিৰুদ্ধে আদালতত দেৱানী মানহানি গোচৰ দাখিল কৰাৰো সিদ্ধান্ত গ্রহণ কৰিছে।

Posts Carousel

Leave a Comment

Your email address will not be published. Required fields are marked with *

Latest Posts

Top Authors

Most Commented

Featured Videos