728 x 90
Like Us On Facebook
Facebook Pagelike Widget
728 x 90

ঘৰত প্ৰৱেশ কৰি আক্ৰমণ কৰাটো আমাৰ সংস্কৃতি নহয়, এয়া বাংলাদেশী সংস্কৃতিঃ মন্ত্ৰী পীযুষ হাজৰীকা

ঘৰত প্ৰৱেশ কৰি আক্ৰমণ কৰাটো আমাৰ সংস্কৃতি নহয়, এয়া বাংলাদেশী সংস্কৃতিঃ মন্ত্ৰী পীযুষ হাজৰীকা

‘সন্দেহযুক্ত বাংলাদেশী দুষ্কৃতিকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ’ব’জাগীৰোডৰ ঝাৰগাঁৱত সন্দেহযুক্ত নাগৰিকে আক্ৰমণ কৰা পৰিয়ালৰ কাষত মন্ত্ৰী পীযুষ হাজৰীকাঅৰাজগতা কৰাসকলৰ বিৰুদ্ধে প্ৰশাসনক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ মন্ত্ৰীগৰাকীৰ সন্দেহযুক্ত একাংশ দুষ্কৃতিকাৰীয়ে আমাৰ স্থানীয় মানুহক আক্ৰমণ কৰিছে। এইসকলৰ বিৰুদ্ধে আমি কঠোৰ শাস্তিৰ ব্যৱস্থা নিশ্চয় কৰিম। এনেকৈ ঘৰত সোমাই আহি আক্ৰমণ কৰাটো আমাৰ সংস্কৃতি নহয়। এয়া বাংলাদেশী সংস্কৃতি।

‘সন্দেহযুক্ত বাংলাদেশী দুষ্কৃতিকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ’ব’
জাগীৰোডৰ ঝাৰগাঁৱত সন্দেহযুক্ত নাগৰিকে আক্ৰমণ কৰা পৰিয়ালৰ কাষত মন্ত্ৰী পীযুষ হাজৰীকা
অৰাজগতা কৰাসকলৰ বিৰুদ্ধে প্ৰশাসনক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ মন্ত্ৰীগৰাকীৰ

সন্দেহযুক্ত একাংশ দুষ্কৃতিকাৰীয়ে আমাৰ স্থানীয় মানুহক আক্ৰমণ কৰিছে। এইসকলৰ বিৰুদ্ধে আমি কঠোৰ শাস্তিৰ ব্যৱস্থা নিশ্চয় কৰিম। এনেকৈ ঘৰত সোমাই আহি আক্ৰমণ কৰাটো আমাৰ সংস্কৃতি নহয়। এয়া বাংলাদেশী সংস্কৃতি। এই অসংস্কৃতিৰ বিৰুদ্ধে আমি গুৰুত্বসহকাৰে কাম কৰিছো। এনে ধৰণৰ অসাংস্কৃতিক আৰু অসাংবিধানিক আচৰণ কোনোপধ্যেই সহ্য কৰা নহ’ব।- এই মন্তব্য মন্ত্ৰী পীযুষ হাজৰীকাৰ। জাগীৰোডৰ ঝাৰগাঁৱত বিশেষ সম্প্ৰদায়ৰ একাংশ নাগৰিকে আক্ৰমণ কৰা পৰিয়ালৰ কাষত মন্ত্ৰীগৰাকী আজি উপস্থিত হৈ সাংবাদিকৰ আগত এইদৰে মন্তব্য কৰে।
তেওঁ কয় যে সন্দেহযুক্ত কিছু দুষ্কৃতিকাৰীয়ে আমাৰ ইয়াৰ স্থানীয় মানুহক আক্ৰমণ কৰিছে। আমি কঠোৰ শাস্তিৰ ব্যৱস্থা নিশ্চয়কৈ কৰিম। কাৰণ এনেকৈ ঘৰত সোমাই আহি আক্ৰমণ কৰা আমাৰ সংস্কৃতি নহয়। এয়া বাংলাদেশী সংস্কৃতি। এই অপসংস্কৃতিৰ বিৰুদ্ধে আমি গুৰুত্বসহকাৰে কাম কৰিছো। এতিয়ালৈকে ১১ জন ব্যক্তিক আমি গ্ৰেপ্তাৰ কৰাইছো বা পুলিছে গ্ৰেপ্তাৰ কৰিছে। তেওঁলোকক কঠোৰ শাস্তি দিবলৈ আমি নিৰ্দেশ দিছো। এনে অৰাজগতা অন্ততঃ আমি আমাৰ সমষ্টিত কাকো কৰিবলৈ নিদিওঁ। মন্ত্ৰীগৰাকীয়ে অৰাজগতা কৰাসকলৰ বিৰুদ্ধে প্ৰশাসনক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে।
উল্লেখ্য যে কেইদিনমান পূৰ্বে জাগীৰোডৰ ঝাড়গাঁৱৰ গৰুমৰা দলনিগাঁৱত দুষ্কৃতিকাৰীৰ আক্ৰমণত বহুকেইগৰাকী স্থানীয় ব্যক্তি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল। সন্দেহযুক্ত দুষ্কৃতিকাৰীৰ আক্ৰমণত গুৰুতৰভাৱে আহত হোৱা এই লোককেইগৰাকীক আজি মন্ত্ৰীগৰাকীয়ে সাক্ষাৎ কৰি স্বাস্থ্যৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে স্থানীয় ৰাইজৰ সৈতে ঘটনা সন্দৰ্ভত বাৰ্তালাপ কৰে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে অপৰাধ আৰু অপৰাধীক প্ৰশ্ৰয় নিদি কঠোৰ হাতেৰে দমন কৰাৰ বাবে দৃঢ়তাৰে পদক্ষেপ গ্ৰহণ কৰি আহিছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰি এই আক্ৰমণৰ ঘটনাত জড়িত দোষীসকলক কৰায়ত্ত কৰি কঠোৰ শাস্তি বিহাৰ বাবে প্ৰশাসনক পদক্ষেপ গ্ৰহণ কৰিবলৈ মই নিৰ্দেশ দিয়ে। ইতিমধ্যে আৰক্ষীয়ে ১১ অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। আনহাতে, তদন্ত প্ৰক্ৰিয়া ক্ষিপ্ৰ কৰিবলৈ মন্ত্ৰীগৰাকীয়ে প্ৰশাসনক নিৰ্দেশ দিয়ে।

Posts Carousel

Leave a Comment

Your email address will not be published. Required fields are marked with *

Latest Posts

Top Authors

Most Commented

Featured Videos

error: Content is protected !!