গুৱাহাটী, ১৪ ফেব্ৰুৱাৰীঃ সংসদত দেশৰ সুৰক্ষা বিঘ্নিত কৰা প্ৰশ্নৰ প্রতি সৰৱ হৈ উঠিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা। সামাজিক মাধ্যমত বৃহস্পতিবাৰৰ পৰা মুখ্যমন্ত্ৰীয়ে অসমৰ সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে কেইবাটাও অভিযোগ তুলি দেশৰ সুৰক্ষাজনিত বহু প্রশ্ন উত্থাপন কৰিছে।মুখ্যমন্ত্ৰীৰ এই প্রশ্ন তথা অভিযোগৰ পাছতে দেশজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে। বৃহস্পতিবাৰে এক্স আৰু ফে’চবুক মাধ্যমেৰে মুখ্যমন্ত্রীয়ে গৌৰৱ গগৈক উদ্দেশ্য
গুৱাহাটী, ১৪ ফেব্ৰুৱাৰীঃ সংসদত দেশৰ সুৰক্ষা বিঘ্নিত কৰা প্ৰশ্নৰ প্রতি সৰৱ হৈ উঠিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা। সামাজিক মাধ্যমত বৃহস্পতিবাৰৰ পৰা মুখ্যমন্ত্ৰীয়ে অসমৰ সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে কেইবাটাও অভিযোগ তুলি দেশৰ সুৰক্ষাজনিত বহু প্রশ্ন উত্থাপন কৰিছে।
মুখ্যমন্ত্ৰীৰ এই প্রশ্ন তথা অভিযোগৰ পাছতে দেশজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে। বৃহস্পতিবাৰে এক্স আৰু ফে’চবুক মাধ্যমেৰে মুখ্যমন্ত্রীয়ে গৌৰৱ গগৈক উদ্দেশ্য কৰি কয়– ২০১৫ চনৰ কথা। ভাৰতস্থ পাকিস্তানৰ উচ্চাযুক্ত আব্দুল বাছিতে নতুন দিল্লীত পাকিস্তানৰ উচ্চাযুক্ত কাৰ্যালয়ত ভাৰত-পাকিস্তানৰ সম্পৰ্কৰ বিষয়ে আলোচনা কৰিবলৈ প্রথম কার্যকালৰ এগৰাকী নৱাগত সাংসদ আৰু তেওঁৰ ষ্টার্টআপ ‘ইউথ ফ’ৰাম ফৰেইন পলিটী ‘ক আমন্ত্রণ জনাইছিল।
লক্ষণীয়ভাৱে, সেই সময়ত এই নতুন সাংসদজন বৈদেশিক পৰিক্ৰমাৰ সংসদীয় সমিতিৰো সদস্য নাছিল। সেয়ে এই বিশেষ আমন্ত্ৰণৰ আঁৰৰ উদ্দেশ্যক লৈ প্রশ্ন উত্থাপন হৈছিল। বিশেষকৈ হুৰিয়ৎ কনফাৰেন্সৰ সৈতে সংপৃক্ত দেশৰ অভ্যন্তৰীণ বিষয়ত পাকিস্তানী উচ্চায়ুক্তৰ এনে হস্তক্ষেপৰ বিৰুদ্ধে ভাৰতে আনুষ্ঠানিকভাৱে প্রতিবাদ কৰাৰ পাছতো সংসদজনে এই আমন্ত্রণ ৰক্ষা কৰিছিল। এই সন্দৰ্ভত কেন্দ্ৰৰ উদ্বেগক আওকাণ কৰিও সাংসদগৰাকীয়ে ৫০-৬০জন ভাৰতীয় যুৱক-যুৱতীক লগত লৈ পাকিস্তানী বিষয়াবর্গক সাক্ষাৎ কৰিছিল। এই ঘটনাৰ পাছতে সাংসদজনৰ স্টার্টআপে ‘দ্য হিন্দু’ কাকতত এটা প্রবন্ধ প্রকাশ কৰি বাংলাদেশী অনুপ্ৰৱেশকাৰীক নিয়ন্ত্ৰণৰ ক্ষেত্ৰত সীমান্ত নিৰাপত্তা বাহিনীৰ ভূমিকাক কঠোৰ সমালোচনা কৰিছিল।
প্ৰবন্ধটোৰ বিষয়বস্তু আৰু ভাষাই বুজাই দিয়ে যে কেনেকৈ সাংসদগৰাকীয়ে পাকিস্তানৰ প্ৰ’পাগাণ্ডাক আমাৰ মানুহৰ মাজত প্ৰচাৰ কৰিবলৈ বিচাৰিছিল। মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে আমি মনত ৰখাটো উচিত অসমে বাংলাদেশী অনুপ্রৱেশকাৰীৰ বাবে সৃষ্টি হোৱা কিমান গুৰুতৰ সমস্যাৰ মাজেৰে পাৰ হৈ আহিছে। তেওঁৰ সেই সময়ৰ সংসদীয় প্রশ্নসমূহ পুংখানুপুংখভাৱে পৰীক্ষা কৰিলে ক’ষ্ট গার্ডৰ ৰাডাৰ স্থাপন, ভাৰতৰ অস্ত্ৰ কাৰখানা, বিমান প্ৰতিৰক্ষা, ইৰানৰ সৈতে বাণিজ্যৰ বাবে ট্রেনজিট পথ, কাশ্মীৰী ছাত্র-ছাত্রী আৰু গির্জাত আক্ৰমণৰ অভিযোগ আদিৰ বিষয়ে অনুসন্ধানকে ধৰি অতি স্পৰ্শকাতৰ প্ৰতিৰক্ষা সম্পর্কীয় বিষয়সমূহে গুৰুত্ব বেছিকৈ পোৱাটো পৰিলক্ষিত হয়।
এই প্রসংগই বাস্তৱিকতে অতি স্পর্শকাতৰ বিষয়সমূহৰ প্ৰতি তেওঁৰ অবাঞ্ছিত আগ্রহকে প্রতিপন্ন কৰিছে। লক্ষণীয়ভাৱে এই সমগ্র ঘটনাপ্রবাহ তেওঁ ‘প্রফেশনেল বেকগ্রাউণ্ড’ থকা এগৰাকী ব্ৰিটিছ যুৱতীৰ সৈতে বিবাহপাশত আবদ্ধ হোৱাৰ পিছমুহূৰ্ততে ঘটিছিল আৰু সেয়ে স্বাভাৱিকতেই ই বিভিন্ন প্রশ্নৰ অৱতাৰণা ঘটাইছে। বিবাহৰ পূৰ্বে সংসদজনৰ পত্নীয়ে পাকিস্তানী প্রতিষ্ঠানৰ সৈতে ঘনিষ্ঠ সম্পর্কৰ বাবে বিশেষভাৱে পৰিচিত এজন আমেৰিকান চিনেটৰৰ বাবে কাম কৰিছিল আৰু পাছলৈ যথেষ্ট সময় পাকিস্তানতে কটাইছিল। তেওঁ পাক চোৰাংচোৱা সংস্থা আই এছ আইৰ ঘনিষ্ঠ বুলি পৰিচিত এটা সংস্থাত কৰ্মৰত আছিল।
এই সমগ্র ঘটনাপ্রবাহ আৰু ঘটনাৰ সময়সূচীয়ে সাংসদগৰাকীৰ ৰাজনৈতিক স্থিতি আৰু পদক্ষেপ সন্দর্ভত আন এক অত্যন্ত সন্দেহজনক অধ্যায়ৰ সংযোজন ঘটাইছে। মুখ্যমন্ত্রীয়ে পুনৰ প্রশ্ন তোলে যে বিৰোধী ৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূতৰ সৈতে এনে উচ্চ পর্যায়ৰ বৈঠকৰ বাবে বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ অনুমোদন আৰু বৈঠকৰ পাছত ইয়াৰ বিতং বৰ্ণনাৰ প্রয়োজন হয়। ৰাজনীতিতকৈ ৰাষ্ট্ৰীয় নিৰাপত্তাই যিহেতু সদায়েই প্রাথমিক অগ্রাধিকাৰ পাব লাগে, সাংসদগৰাকীয়ে সেই সময়ত এই অত্যাৱশ্যকীয় চর্তসমূহ সম্পূর্ণকৈ মানি চলিছিলনে বুলি মুখ্যমন্ত্রীয়ে প্রশ্ন উত্থাপন কৰে।
মুখ্যমন্ত্রীয়ে ২৬/১১ৰ মুম্বাই আক্রমণে ভাৰতৰ উপকূলীয় সুৰক্ষা ব্যৱস্থাত থকা সুৰুঙাসমূহ উন্মোচিত কৰিছিল বুলি উল্লেখ কৰি কয় যে সেই সম্পর্কে গৌৰৱ গগৈয়ে সংসদত উত্থাপন কৰা এটি প্রশ্নৰ জৰিয়তে উপকূলীয় ৰাডাৰ ষ্টেচনসমূহৰ সম্পর্কে বিশদ তথ্য বিচাৰিছিল। তেওঁ কয় যে সাংসদগৰাকীৰ এই প্ৰশ্নৰ পাছত স্বাভাৱিকতে প্রশ্ন উত্থাপিত হৈছে অসমৰ দৰে ৰাজ্য এখনৰ সাংসদে কিয় উপকূলীয় ৰাডাৰ ব্যৱস্থা সন্দৰ্ভত ভাৰত চৰকাৰৰ পৰা গোপন তথ্য বিচাৰিছিল?
লগতে এনে সংবেদনশীল তথ্য ৰাজহুৱা কৰাৰ কিবা প্রয়োজন আছে নেকি? মুখ্যমন্ত্রীয়ে পুনৰ প্রশ্ন তোলে যে পাকিস্তানৰ উচ্চাযুক্তৰ সৈতে বৈঠকৰ পাছতে সংসদত কিয় এনে প্রশ্ন উত্থাপন কৰা হৈছিল? গৌৰৱ গগৈৰ পত্নীৰ ভাৰতীয় নাগৰিকত্বক লৈ প্রশ্ন তুলি মুখ্যমন্ত্রী শর্মাই সামাজিক মাধ্যমত ২০২৫ চনৰ ভোটাৰ তালিকাৰ প্রামাণিক প্রতিলিপি দি তীব্ৰ কটাক্ষ কৰি কয়- সাংসদগৰাকীৰ পত্নীয়ে ভাৰতীয় নাগৰিকত্ব লৈছে নে নাই বুলি সুধি থকাসকলৰ বাবে মোৰ সহজ উত্তৰ হ’ল— মই নাজানো।
কিন্তু ইয়াৰ সৈতে সংলগ্ন কৰি দিয়া যোৰহাটৰ ভোটাৰ তালিকাৰ প্রামাণিক প্রতিলিপিত পৰিয়ালৰ প্ৰতিগৰাকী সদস্যৰ নাম অন্তর্ভুক্ত হোৱা দেখা গৈছে, কিন্তু তেওঁৰ পত্নীৰ নামটো ইয়াত নাই। মুখ্যমন্ত্রীয়ে এই সাঁথৰৰ উত্তৰ ৰাইজক বিচাৰ কৰিবলৈ আহ্বান জনায়। মুখ্যমন্ত্রীয়ে অহা ১৬ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া অসম কেবিনেটৰ বৈঠকত সেইসমূহ বিষয়ত আলোচনা কৰা হ’ব বুলি উল্লেখ কৰি সেই আলোচনাই বিষয়টো সম্পূর্ণ নিৰপেক্ষ আৰু পুংখানুপুংখভাবে মূল্যায়ন কৰি পক্ষপাতহীন দৃষ্টিকোণেৰেই যিকোনো প্রয়োজনীয় পদক্ষেপ গ্রহণ কৰাটো নিশ্চিত কৰিব বুলিও উল্লেখ কৰে।
স্বাভাৱিকতেই এনে প্রশ্নসমূহৰ গোপন উদ্দেশ্য আৰু বিস্তৃত প্রভাৱৰ বিষয়টোৱে গুৰুতৰ চিন্তাৰ উদ্রেক কৰিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে গৌৰৱ গগৈক আক্ৰমণ কৰি কয় যে ভাৰতে আব্দুল বাছিতৰ আচৰণৰ প্ৰতি কঠোৰ দৃষ্টিভংগী ল’বলৈ আৰম্ভ কৰাৰ পাছত প্ৰতিৰক্ষা আৰু পাৰমাণৱিক বিষয়ৰ প্ৰতি সাংসদগৰাকীৰ আগ্রহ লক্ষণীয়ভাৱে হ্রাস পালে, গতিকে এই বিষয়বোৰো গুৰুত্ব সহকাৰে বিবেচনা কৰাৰ প্ৰয়োজন আছে।
ইয়াৰ পাছতে শুকুৰবাৰে গৌৰৱ গগৈয়ে সামাজিক মাধ্যমযোগে মুখ্যমন্ত্রীক উদ্দেশ্যে এটি স্পষ্টীকৰণ দিয়ে আৰু তাৰ পাছতে মুখ্যমন্ত্রীয়ে কয় যে গৌৰৱ গগৈৰ স্পষ্টীকৰণে পাকিস্তান উচ্চাযুক্তৰ সৈতে হোৱা বৈঠক আৰু তাৰ পাছত কৰা সংসদীয় প্রশ্নসমূহৰ সৈতে একাকাৰ কৰিব নোৱাৰি।
মুখ্যমন্ত্রীয়ে উল্লেখ কৰে যে আমি কৰা সহজ অথচ গুৰুতৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়াৰ পৰা তেওঁ বিৰত আছে। পাকিস্তান উচ্চায়ুক্তৰ সৈতে হোৱা বৈঠক ভাৰত চৰকাৰৰ সন্মতি সাপেক্ষে হৈছিল নেকি? আৰু সাংসদগৰাকীয়ে বৈঠকৰ অন্তত গৃহ মন্ত্ৰ্যালয় বা বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ক ইয়াৰ বৰ্ণনা দিছিল নেকি বুলি মুখ্যমন্ত্রীয়ে গৌৰৱ গগৈক উভতি ধৰে। অসমৰ কেইবাগৰাকী বিশিষ্ট নাগৰিকৰ ফটো শ্বেয়াৰ কৰি গৌৰৱ গগৈয়ে ৰাজহুৱা জবাবদিহিতাক অন্য দিশলৈ ঠেলিবলৈ কৰা অপচেষ্টাই মূল বিষয়টোক প্রকৃতাৰ্থত সলনি নকৰে বুলি মুখ্যমন্ত্রীয়ে উভতি ধৰে। ক্ৰমাৎ বিষয়টো গভীৰতলৈ গৈ থকা সময়ত মুখ্যমন্ত্রীয়ে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি উঠা প্ৰশ্নৰ বাবে বেচৰকাৰী সংস্থাটোৰ বিষয়ে সবিশেষ জানিব বিচাৰোঁ বুলি কৈ উল্লেখ কৰে যে ভাৰতীয় নাগৰিক হিচাপে সাংসদগৰাকীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ এন জি অ’ৰ সমর্থনত বেষ্ট বেংকৰ নাবলুছ, বামাল্লাহ, হেব্ৰন, জেনিন, নাজৰেথ, বেখেলেহমৰ দৰে ঠাই ভ্ৰমণ কৰিছিল নেকি বুলি প্রশ্ন উত্থাপন কৰি কয় যে এই প্রশ্ন কৰিবলৈ আমাৰ সম্পূৰ্ণ অধিকাৰ আছে বুলি ভাবোঁ।


















Leave a Comment
Your email address will not be published. Required fields are marked with *