যথোচিত মাত্ৰাত খাদ্য উৎপাদনৰ বাবে বতৰৰ প্ৰেক্ষাপটৰ সঠিক নিৰ্ধাৰণ অতি প্ৰয়োজনীয়ঃ মন্ত্ৰী কেশৱ মহন্ত যোৰহাট, ১৩ ফেব্ৰুৱাৰীঃ অসম কৃষি বিশ্ববিদ্যালয়ত “কৃষি আৰু আনুসংগিক খণ্ডত বতৰ আৰু জলবায়ু ভিত্তিক সিদ্ধান্তৰ বাবে অগ্রণী প্রযুক্তি কৌশল(এগমেট ২০২৫)” শীৰ্ষক তিনিদিনীয়া ৰাষ্ট্ৰীয় সম্মিলন আজিৰে পৰা আৰম্ভ হৈছে। অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি বতৰ বিজ্ঞান বিভাগৰ উদ্যোগত আয়োজিত সম্মিলনৰ উদ্বোধনী অনুষ্ঠানত অসম
যথোচিত মাত্ৰাত খাদ্য উৎপাদনৰ বাবে বতৰৰ প্ৰেক্ষাপটৰ সঠিক নিৰ্ধাৰণ অতি প্ৰয়োজনীয়ঃ মন্ত্ৰী কেশৱ মহন্ত
যোৰহাট, ১৩ ফেব্ৰুৱাৰীঃ অসম কৃষি বিশ্ববিদ্যালয়ত “কৃষি আৰু আনুসংগিক খণ্ডত বতৰ আৰু জলবায়ু ভিত্তিক সিদ্ধান্তৰ বাবে অগ্রণী প্রযুক্তি কৌশল(এগমেট ২০২৫)” শীৰ্ষক তিনিদিনীয়া ৰাষ্ট্ৰীয় সম্মিলন আজিৰে পৰা আৰম্ভ হৈছে। অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি বতৰ বিজ্ঞান বিভাগৰ উদ্যোগত আয়োজিত সম্মিলনৰ উদ্বোধনী অনুষ্ঠানত অসম চৰকাৰৰ তথ্য প্ৰযুক্তি, বিজ্ঞান, প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। বিশ্ববিদ্যালয়ৰ মাধৱ চন্দ্ৰ দাস সোঁৱৰণী প্ৰেক্ষাগৃহত আয়োজিত অনুষ্ঠানটোত বক্তব্যত কৃষিক্ষেত্ৰত বতৰ বিজ্ঞানৰ ভূমিকা আৰু শেহতীয়া তথ্য প্ৰযুক্তিৰ জৰিয়তে কৃষকক সকাহ দিয়াৰ ওপৰত গুৰুত্ব আৰোপ কৰি মন্ত্ৰী মহন্তই কয় যে অগ্ৰণী কৃষি উৎপাদক দেশ হিচাপে ভাৰতবৰ্ষই যথোচিত মাত্ৰাত খাদ্য উৎপাদনৰ বাবে বতৰৰ প্ৰেক্ষাপটৰ সঠিক নিৰ্ধাৰণ অতি প্ৰয়োজনীয়। জলবায়ু পৰিবৰ্তনৰ বাবে বিকল্প বতৰৰ নমুনাৰ প্ৰেক্ষাপটত গোলকীয় উষ্ণতা বৃদ্ধিৰ সমান্তৰালকৈ খৰাংসদৃশ পৰিস্থিতি আৰু ৰোগৰ প্ৰাদুৰ্ভাৱ বাঢ়ি অহাৰ বাবে এই দিশত সঠিক বতৰ ব্যৱস্থাপনা জৰুৰী বুলি উল্লেখ কৰে। এনে অৱস্থাত বিশ্বৰ অন্যান্য লোকৰ দৰে অসমৰ কৃষিজীৱি সকলো ক্ষতিগ্ৰস্ত হৈছে। সেয়ে ইয়াৰ মোকাবিলা কৰিবলৈ অধিক পৰম্পৰাগত জ্ঞান আৰু আধুনিক প্ৰযুক্তি বিশেষকৈ কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰয়োগ, ড্ৰোন টেকনলজিৰ ব্যৱহাৰেৰে স্মাৰ্ট কৃষিৰ জৰিয়তে ভূমিৰ মান অক্ষুণ্ণ ৰখাৰ প্ৰয়োজনীয়তাৰ বিষয়ে উল্লেখ কৰে। কৃষি বিজ্ঞান গুৰু ড০ প্ৰসন্ন কুমাৰ পাঠকে আদৰণি ভাষণ আগবঢ়োৱা অনুষ্ঠানটোত সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰি উপাচাৰ্য ড০ বিদ্যুৎ চন্দন ডেকাই বক্তব্যত কৃষি পৰিবেশ ভিত্তিক তথ্যৰ সঠিক উপস্থাপনেৰে কৃষকক সঠিক বাৰ্তা দিব পৰা যায় বুলি প্ৰকাশ কৰি কৃষি পৰিৱেশ তথ্যৰ বিশ্লেষণৰ জৰিয়তে ৰাডাৰ সুপ্ৰয়োগ কৰি দীৰ্ঘম্যাদী বতৰ পূৰ্বাভাসৰ তথ্য প্ৰস্তুত কৰাটো সাম্প্ৰতিক সময়ত অতি প্ৰয়োজনীয় বুলি উল্লেখ কৰে। অনুষ্ঠানত কৃষি বতৰ বিজ্ঞান সংঘৰ অধ্যক্ষ তথা এগমেট ২০২৫ ৰ চেয়াৰমেন ড০ কমলেশ কে সিঙে কৃষি বতৰ বিজ্ঞানৰ জৰিয়তে সমন্বিত প্ৰয়াসেৰে আধুনিক প্ৰযুক্তি কৌশলৰ ব্যৱহাৰ কৰি কৃষকক সকাহ দিয়াৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি উল্লেখ কৰে। কৃষি বতৰ বিজ্ঞান সংঘ, আনন্দ, গুজৰাটৰ সচিব এছ বি যাদৱ, নাবাৰ্ডৰ চিফ জেনেৰেল মেনেজাৰ লোকেন দাসেও অনুষ্ঠানত বক্তব্য আগবঢ়ায়। উদ্বোধনী অনুষ্ঠানটোত সন্মিলন উপলক্ষে প্ৰকাশিত স্মৃতিগ্ৰন্থৰ লগতে আৰু ৬ খন গ্ৰন্থ উন্মোচন কৰা হয়। অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি বতৰ বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ড০ ৰাজীৱ লোচন ডেকাই শলাগ জ্ঞাপন কৰা উদ্বোধনী অনুষ্ঠানটোত ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিভিন্ন শাখাৰ কেইবাটাও বঁটা প্ৰদান কৰাৰ লগতে কৃষি বতৰ বিজ্ঞানৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে বতৰ বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক-বিজ্ঞানী ড০ কমলাকান্ত নাথ, ড০ ৰফিউল হুছেইন আৰু ড০ পুণ্য গগৈ খনিকৰক সন্মান জনোৱা হয়।


















Leave a Comment
Your email address will not be published. Required fields are marked with *