728 x 90
Like Us On Facebook
Facebook Pagelike Widget
728 x 90

গৌৰৱ গগৈৰ পত্নী এলিজাবেথ ক’লবাৰ্ণৰ বিৰুদ্ধে ভাৰতৰ শত্ৰু ৰাষ্ট্ৰৰ স’তে মিতিৰালিৰ গুৰুতৰ অভিযোগ

গৌৰৱ গগৈৰ পত্নী এলিজাবেথ ক’লবাৰ্ণৰ বিৰুদ্ধে ভাৰতৰ শত্ৰু ৰাষ্ট্ৰৰ স’তে মিতিৰালিৰ গুৰুতৰ অভিযোগ

পাকিস্তানৰ ISIৰ সৈতে এলিজাবেথৰ আছে ঘনিষ্ঠ সম্পৰ্কআমেৰিকান দীপ ষ্টেটৰ প্ৰবক্তা জৰ্জ ছ’ৰ’ছৰ সৈতেও এলিজাবেথ ক’লবাৰ্ণ গগৈৰ আছে সু-সম্পৰ্কসাংসদ পত্নীৰ বিৰুদ্ধে উঠা গুৰুতৰ অভিযোগ সন্দৰ্ভত উত্তৰ বিচাৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সাংসদ গৌৰৱ গগৈৰ পত্নীৰ বিৰুদ্ধে উঠিছে ভাৰতৰ শত্ৰু ৰাষ্ট্ৰৰ স’তে মিতিৰালিৰ গুৰুতৰ অভিযোগ। সাংসদ গৌৰৱ গগৈৰ পত্নী এলিজাবেথ ক’লবাৰ্ণ গগৈক লৈ সৃষ্টি হৈছে তীব্ৰ

পাকিস্তানৰ ISIৰ সৈতে এলিজাবেথৰ আছে ঘনিষ্ঠ সম্পৰ্ক
আমেৰিকান দীপ ষ্টেটৰ প্ৰবক্তা জৰ্জ ছ’ৰ’ছৰ সৈতেও এলিজাবেথ ক’লবাৰ্ণ গগৈৰ আছে সু-সম্পৰ্ক
সাংসদ পত্নীৰ বিৰুদ্ধে উঠা গুৰুতৰ অভিযোগ সন্দৰ্ভত উত্তৰ বিচাৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই

সাংসদ গৌৰৱ গগৈৰ পত্নীৰ বিৰুদ্ধে উঠিছে ভাৰতৰ শত্ৰু ৰাষ্ট্ৰৰ স’তে মিতিৰালিৰ গুৰুতৰ অভিযোগ। সাংসদ গৌৰৱ গগৈৰ পত্নী এলিজাবেথ ক’লবাৰ্ণ গগৈক লৈ সৃষ্টি হৈছে তীব্ৰ বিতৰ্কৰ৷ পাকিস্তানৰ ISIৰ সৈতে এলিজাবেথৰ ঘনিষ্ঠ সম্পৰ্ক থকাৰ অভিযোগ উত্থাপিত হৈছে। আনকি আমেৰিকান Deep Stateৰ প্ৰবক্তা তথা ৰাষ্ট্ৰীয়তাবাদ বিৰোধী হিচাপে পৰিচিত জৰ্জ ছ’ৰ’ছৰ সৈতেও এলিজাবেথ ক’লবাৰ্ণ গগৈৰ আছে সু-সম্পৰ্ক। এনেবোৰ তথ্যই পাকিস্তানৰ পৰা আমেৰিকা পৰ্যন্ত যে সাংসদপত্নী এলিজাবেথ ক’লবাৰ্ণ গগৈৰ লিংক আছে তাকে প্ৰতীয়মান কৰে বুলি বিভিন্নজনে অভিযোগ কৰিছে। প্ৰাপ্ত তথ্য মতে, গৌৰৱ গগৈলৈ বিয়া হোৱাৰ পূৰ্বে এলিজাবেথ ক’লবাৰ্ণ এটা স্বেচ্ছাসেৱী সংগঠনৰ সৈতে জড়িত আছিল। পৰৱৰ্তী সময়ত পাকিস্তানৰ লীড নামৰ স্বেচ্ছাসেৱী সংগঠনটোৰ হৈ ভাৰতত কাম কৰি আছিল এলিজাবেথে। এই সংগঠনটোৰ নেতৃত্বত আছিল আলী তাকিৰ শ্বেখ নামৰ এজন পাকিস্তানী নাগৰিক। আৰু আলী তাকিৰ শ্বেখ হৈছে পাকিস্তানৰ পৰিকল্পনা আয়োগৰ অন্যতম উপদেষ্টা। পাক চোৰাংচোৱা সংস্থা ISIৰ সৈতেও ঘনিষ্ঠ আলী তাকিৰ শ্বেখ। এই আলী তাকিৰ শ্বেখ লীড নামৰ সংস্থাটোৰ CEO। সেই আলী তাকিৰ শ্বেখৰ NGO লীডৰ অধীনৰ প্ৰকল্প Climate and Development Knowledge Network, চমুকৈ CDKNৰ সমন্বয়ক আছিল এলিজাবেথ ক’লবাৰ্ণ। এই CKDN প্ৰকল্প ৰূপায়ণ কৰিবলৈ NGO লীডে Open Society Foundationৰ পৰা ধন লাভ কৰিছিল। এই ICLEIএ ২১ লাখ মাৰ্কিন ডলাৰ পাইছিল Open Society Foundationৰ পৰা। Open Society Foundation হ’ল ৰাষ্ট্ৰীয়তাবাদ বিৰোধী তথা ভাৰতক অস্থিৰ কৰাৰ ষড়যন্ত্ৰ ৰচা মাৰ্কিন নাগৰিক জৰ্জ ছ’ৰ’ছ নেতৃত্বাধীন সংস্থা। এনেবোৰ তথ্য ফাদিল হোৱাৰ পিছতে সমগ্ৰ বিষয়টোৰ উপযুক্ত তদন্তৰ দাবী উত্থাপন হৈছে।
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বিষয়টো সন্দৰ্ভত সামাজিক মাধ্যমত উদ্বেগ প্ৰকাশ কৰিছে। তেওঁ সামাজিক মাধ্যমত প্ৰকাশ কৰে যে ছিংগাপুৰত ভাৰতীয় বৈদেশিক সেৱাৰ এগৰাকী বিষয়াৰ সৈতে হোৱা বাৰ্তালাপৰ সময়ত জানিব পাৰিলোঁ যে ভাৰত চৰকাৰৰ অনুমতি অবিহনে ভাৰতীয় বৈদেশিক সেৱাৰ বিষয়াসকলে বিদেশী নাগৰিকক বিয়া কৰাব নোৱাৰে। তদুপৰি অনুমতি পোৱাৰ পাছতো এক চৰ্তাৱলী থাকে যে পত্নীয়ে ছমাহৰ ভিতৰত ভাৰতীয় নাগৰিকত্ব লাভ কৰিব লাগিব। আমোদজনকভাৱে এই নিয়ম আমাৰ সাংসদসকলৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়। তদুপৰি সাংসদৰ বিদেশী পত্নীয়ে ১২ বছৰ কাল বিদেশী নাগৰিকত্বৰ সৈতে থাকিবলৈ পোৱাৰ দৰে বিষয়সমূহ ভাবি চাবলগীয়া৷ আন সকলো বিবেচনাতকৈ জাতিৰ প্ৰতি আনুগত্যই সদায় অগ্ৰাধিকাৰ পোৱাটো উচিত বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।
দেশৰ নিৰাপত্তাৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰি অহা ISIৰ ঘনিষ্ঠ পাকিস্তানৰ অধীনত কাম কৰি অহা গৌৰৱ গগৈৰ সাংসদ পত্নীয়ে দেশৰ গুৰুত্বপূৰ্ণ তথ্য পাকিস্তানলৈ সৰবৰাহ কৰাৰ সন্দেহ ঘনীভূত কৰিছে। যাৰ বাবে কংগ্ৰেছ নেতৃত্বত বিদেশী প্ৰভাৱৰ সন্দেহ বৃদ্ধি পাইছে। আনহাতে, এলিজাবেথে মাৰ্কিন চিনেটৰ টম উডালৰ সৈতেও কাম কৰিছিল, যি ছ’ৰ’ছৰ দ্বাৰা বিপুল অর্থ লাভ কৰিছিল আৰু পাকিস্তানলৈ অধিক সহায় দানৰ বাবে ছুপাৰিশ কৰিছিল। এই অভিযোগ সত্য হ’লে, ভাৰতৰ অভ্যন্তৰীণ সুৰক্ষাৰ ক্ষেত্ৰত গভীৰ সংকট সৃষ্টি কৰিব পাৰে।
গৌৰৱ গগৈয়ে গুৰুত্বপূর্ণ ৰাজনৈতিক তথ্য লাভ কৰাৰ ফলত, এই তথ্য ISI বা ছ’ৰ’ছ-সংশ্লিষ্ট সংগঠনৰ ওচৰলৈ যাব নেকি? কংগ্ৰেছ দলে গৌৰৱ গগৈৰ বিদেশী সম্পৰ্কৰ বিষয়ে আগত অৱগত আছিল নেকি? দলটোৰ বাৰে বাৰে বিদেশী প্ৰভাৱৰ সৈতে সম্পৰ্ক থকাটোৱে কি সংকেত দিয়ে? গৌৰৱ গগৈয়ে তেওঁৰ পত্নীৰ ISI আৰু চ’ৰ’চৰ সৈতে থকা সম্পৰ্কৰ বিষয়ে আগতে জানিছিল নেকি? বিদেশী সংগঠনৰ লগত সম্পৰ্ক থকা এজন ৰাজনৈতিক নেতাই ভাৰতৰ সুৰক্ষাৰ দায়িত্ব ল’ব পাৰে নেকি? কংগ্ৰেছ দলে বিদেশী স্বাৰ্থৰ সপক্ষে আছে নে, নে দেশৰ স্বাৰ্থ বিসর্জন দিছে? কংগ্ৰেছ দল এই গুৰুত্বপূর্ণ বিষয়ত নিৰৱ কিয়? এই গুৰুত্বপূৰ্ণ বিষয়টোৱে এনেধৰণৰ বহু প্ৰশ্নৰ অৱতাৰাণা কৰিছে। যাৰ উত্তৰ কংগ্ৰেছে দিব লাগিব। কংগ্ৰেছ আৰু লুকুৱাই ৰাখিব নোৱাৰে। দলটোৱে এই ভয়ংকৰ অভিযোগৰ বিষয়ে দেশবাসীক স্পষ্ট ব্যাখ্যা দিব লাগিব।
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত সামাজিক মাধ্যমযোগে এজন সাংসদ পত্নীৰ বিৰুদ্ধে উঠা গুৰুতৰ অভিযোগ সন্দৰ্ভত উত্তৰ বিচাৰিছে। সামাজিক মাধ্যমত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি মুখ্যমন্ত্ৰীয়ে কয় যে কিছুমান গুৰুতৰ প্ৰশ্নৰ উত্তৰ দিব লাগিব। আই এছ আইৰ সৈতে সম্পৰ্কৰ অভিযোগ, ব্রেইনৱাছ কৰি যুৱক-যুৱতীক মৌলবাদ বিয়পোৱাৰ উদ্দেশ্যে ব্যৱহাৰ কৰিবলৈ পাকিস্তান দূতাবাসলৈ লৈ যোৱা তথা ১২ বছৰ ধৰি ভাৰতীয় নাগৰিকত্ব ল’বলৈ অস্বীকাৰ কৰাৰ সন্দৰ্ভত উঠা প্রশ্নসমূহৰ উত্তৰ দিব লাগিব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। ৰাষ্ট্ৰীয় নিৰাপত্তা অস্থিৰ কৰাৰ বাবে ধর্মান্তৰকৰণ জোঁটত অংশগ্ৰহণ আৰু জৰ্জ ছ’ৰ’ছকে ধৰি বাহ্যিক উৎসৰ পৰা পুঁজি লাভ কৰা আদি হৈছে গুৰুতৰ উদ্বেগপূর্ণ বিষয়, যাক কেতিয়াও এৰি দিব নোৱাৰি বুলি কয় মুখ্যমন্ত্ৰীয়ে। তেওঁ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে কিছু ক্ষেত্রত দায়বদ্ধতাৰ প্ৰয়োজন হয়। কেৱল দায়িত্বচ্যুত কৰি বা বেলেগ দিশলৈ মনোযোগ স্থানান্তৰ কৰি বিপথে পৰিচালিত কৰাৰ চেষ্টাৰে মূল বিষয়ৰ পৰা হাত সাৰিব নোৱাৰিব। আজি দেশে লুকঢাক নোহোৱাকৈ প্ৰকৃত সত্যক জানিবলৈ বিচাৰে বুলি মুখ্যমন্ত্ৰীয়ে নিজৰ মত প্ৰকাশ কৰে।
সোনকালে হওক বা পলমকৈ হওক—জৰ্জ ছৰছৰ পৰিস্থিতিতন্ত্ৰৰ নেতৃত্বত কেনেদৰে বৈদেশিক শক্তিয়ে ২০১৪ চনত অসম কংগ্ৰেছৰ এটা গুৰুত্বপূৰ্ণ সিদ্ধান্তক প্ৰভাৱিত কৰিছিল, সেই কথা জানিবলৈ পোৱা যাব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰি যথা সময়ত সত্য নিশ্চিতভাৱে পোহৰলৈ আহিব বুলি আশা ব্যক্ত কৰে।
উল্লেখ্য যে, যোৱা ৬ ফ্ৰেব্ৰুৱাৰীত গৌৰৱ গগৈয়ে এটা পলিটিকেল ষ্টেটমেণ্ট দিছিল। গৌৰৱ গগৈয়ে কৈছিল যে জৰ্জ ছ’ৰ’ছৰ নাম লৈ লৈ নৰেন্দ্ৰ মোদী চৰকাৰে নিজৰ অকমন্যতা আৰু ব্যৰ্থতা ঢাকিবলৈ চেষ্টা কৰিছে। গৌৰৱ গগৈয়ে আনকি জৰ্জ ছ’ৰ’ছক সমৰ্থন কৰিও মন্তব্য কৰিছিল। গৌৰৱ গগৈৰ এই মন্তব্য প্ৰকাশৰ পিছতে ছ’চিয়েল মেডিয়া আৰু এক্স-ত বহু লোকে জৰ্জ ছ’ৰ’ছৰ লগত গৌৰৱ গগৈ আৰু তেওঁৰ পত্নী এলিজাবেথৰ সম্পৰ্ক কি বুলি প্ৰশ্ন উত্থাপন কৰে?
গৌৰৱ গগৈৰ পত্নীৰ বিৰুদ্ধে উঠা অভিযোগ সন্দৰ্ভত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে যিহেতু ধোঁৱা ওলাইছে, নিশ্চয় ক’ৰবাত জুই জ্বলিব পাৰে। জুই জ্বলিলে ধোঁৱা ওলায়। এইটো আমাৰ কাৰণে এটা অত্যন্ত দুৰ্ভাগ্যজনক কথা। এনেধৰণৰ কথা ওলাবি নালাগিছিল। এইবিলাক অভিযোগ যদি সঁচা হয়, তেন্তে এয়া এক ভয়ানক কথা। এইবোৰ কথা ভাৰত তথা অসম চৰকাৰে তদন্ত কৰিব লাগে।

Posts Carousel

Leave a Comment

Your email address will not be published. Required fields are marked with *

Latest Posts

Top Authors

Most Commented

Featured Videos

error: Content is protected !!