728 x 90
Like Us On Facebook
Facebook Pagelike Widget
728 x 90

বঙাইগাঁও আৰু চিৰাঙত বীৰ চিলাৰায় দিৱসৰ কেইবাটাও অনুষ্ঠানত মন্ত্ৰী পীযুষ হাজৰীকা

বঙাইগাঁও আৰু চিৰাঙত বীৰ চিলাৰায় দিৱসৰ কেইবাটাও অনুষ্ঠানত মন্ত্ৰী পীযুষ হাজৰীকা

বীৰ চিলাৰায়ৰ পৰাক্ৰম আৰু পাণ্ডিত্য আমাৰ সকলোৰে আদৰ্শ: মন্ত্ৰী হাজৰীকাবীৰ চিলাৰায় আৰু ৰজা নৰনাৰায়ণৰ পৃষ্ঠপোষকতা নোপোৱাহ’লে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ বহু ৰচনাৰ পৰা আমি বঞ্চিত হলোহেঁতেন বঙাইগাঁও, ১২ ফেব্ৰুৱাৰী: অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ, জলসম্পদ, তথ্য আৰু জনসংযোগ ইত্যাদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই আজি বঙাইগাঁও আৰু চিৰাং জিলা ভ্ৰমণ কৰি কেইবাটাও স্থানত বীৰ চিলাৰায়

বীৰ চিলাৰায়ৰ পৰাক্ৰম আৰু পাণ্ডিত্য আমাৰ সকলোৰে আদৰ্শ: মন্ত্ৰী হাজৰীকা
বীৰ চিলাৰায় আৰু ৰজা নৰনাৰায়ণৰ পৃষ্ঠপোষকতা নোপোৱাহ’লে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ বহু ৰচনাৰ পৰা আমি বঞ্চিত হলোহেঁতেন

বঙাইগাঁও, ১২ ফেব্ৰুৱাৰী: অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ, জলসম্পদ, তথ্য আৰু জনসংযোগ ইত্যাদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই আজি বঙাইগাঁও আৰু চিৰাং জিলা ভ্ৰমণ কৰি কেইবাটাও স্থানত বীৰ চিলাৰায় দিৱসৰ অনুষ্ঠানত অংশ গ্ৰহণ কৰে । প্ৰথমতে মন্ত্ৰী হাজৰীকাই বঙাইগাঁও জিলাৰ কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ সচিবালয় প্ৰাংগণত ৫১৫ সংখ্যক বিশ্ব মহাবীৰ চিলাৰায় দিৱস উদযাপন কাৰ্যসূচীত উপস্থিত হৈ বিশ্ব মহাবীৰ গৰাকীৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পন কৰি শ্ৰদ্ধাঞ্জলি জনায় । এই অনুষ্ঠানত বক্তব্য ৰাখি সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ মন্ত্ৰীগৰাকীয়ে কয় যে আমাৰ ইতিহাসৰ যিকেইগৰাকী বীৰ যোদ্ধাৰ পৰাক্ৰমৰ কাহিনী ভৌগোলিক পৰিসীমাৰ বাহিৰলৈ ব্যাপ্ত হৈ আছে, তেওঁলোকৰ ভিতৰত বীৰ চিলাৰায় অন্যতম । বীৰ চিলাৰায় আমাৰ বাবে পৰাক্ৰম, অদম্য সাহসৰ উপৰি সম্প্ৰীতিৰো আদর্শ বুৰি মন্তব্য কৰি মন্ত্ৰী হাজৰীকাই কয় যে সুনিপুণ আঁচনি, কৌশল, দূৰদৰ্শী চিন্তাৰে সমৃদ্ধ বীৰ চিলাৰায়ে ভাতৃ নৰনাৰায়ণৰ সৈতে মিলি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক বৈষ্ণৱ ধৰ্ম প্ৰচাৰ আৰু সৃষ্টিশীল ৰচনাসমূহ কৰিবলৈ পৃষ্ঠপোষকতা কৰিছিল । আনহাতে গুৱাহাটীত মা কামাখ্যা মন্দিৰ পুনৰ নিৰ্মাণ কৰি বীৰ চিলাৰায়ে আমাৰ সমাজলৈ গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই থৈ গৈছে বুলি তেওঁ উল্লেখ কৰে । বীৰ চিলাৰায় আৰু কোচ ৰজা নৰনাৰায়ণৰ পৃষ্ঠপোষকতা নোপোৱাহ’লে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ বহুতো অমূল্য ৰচনাৰ পৰা আমি বঞ্চিত হলোহেঁতেন বুলিও মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে ।

আনহাতে আজিৰ পৰা প্ৰায় ৫০০ বছৰৰ আগতেই কোচবিহাৰৰ পৰা বৰ্তমানৰ লখিমপুৰ জিলাৰ নাৰায়ণপুৰ পৰ্যন্ত প্ৰায় ৬০০ কিল’মিটাৰ পথ নিৰ্মাণ কৰি বীৰ চিলাৰায় আৰু তেওঁৰ ভাতৃ গোহাই কমলে কোচ সাম্ৰাজ্যৰ দূৰদৰ্শী চিন্তাৰ প্ৰতিফলন ঘটাইছিল বুলি মন্ত্ৰী হাজৰীকাই ভাষণ প্ৰসংগত মন্তব্য কৰে । মন্ত্ৰী হাজৰীকাই আজিৰ এই অনুষ্ঠানৰ পূৰ্বে কমতাপুৰ অতিথিশালা নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে । আজিৰ অনুষ্ঠানতে মন্ত্ৰীগৰাকীয়ে প্ৰয়াত সাহিত্যিক অৰুণ কুমাৰ ৰায়লৈ মৰণোত্তৰভাৱে ‘বীৰ চিলাৰায় বঁটা’ প্ৰদান কৰে ।

ইয়াৰ পাছতে মন্ত্ৰী হাজৰীকাই বঙাইগাঁও জিলাৰে খোৰাগাঁৱত কোচ ৰাজবংশী ঐক্য মঞ্চৰ উদ্যোগত বঙাইগাঁও জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থা আৰু খোৰাগাঁও অঞ্চলবাসীৰ সহযোগত অনুষ্ঠিত ৫১৫সংখ্যক কেন্দ্ৰীয় বিশ্ব মহাবীৰ চিলাৰায় দিৱসৰ কাৰ্যসূচীত অংশ লয় । এই অনুষ্ঠানতো বিশ্ব মহাবীৰ গৰাকীক সোঁৱৰি মন্ত্ৰী হাজৰীকাই কয় যে ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্য চৰকাৰে মহাবীৰ চিলাৰায়ৰ আদৰ্শৰেই ৰাজ্যখনৰ সকলো খিলঞ্জিয়া জনগোষ্ঠীৰ উন্নয়নৰ বাবে কাম কৰি আহিছে । মেডিকেল কলেজত অধ্যয়নৰ বাবে আসন সংৰক্ষণকে ধৰি কোচ ৰাজবংশী সম্প্ৰদায়ৰ লোকসকলৰ বাবেও চৰকাৰে বহুতো কাম কৰি আছে বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য প্ৰকাশ কৰে ।

পাছত মন্ত্ৰী হাজৰীকাই চিৰাং জিলাৰ বিজনী ছোৱালী হাইস্কুল খেলপথাৰত সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা আৰু কোচ ৰাজবংশী সন্মিলিত মঞ্চৰ উদ্যোগত বিজনী মহকুমা কোচ ৰাজবংশী ছাত্ৰ সন্থা আৰু বৃহত্তৰ বিজনীবাসী ৰাইজৰ সহযোগত কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত বিশ্ব মহাবীৰ চিলাৰায় দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচীত উপস্থিত থাকে । এই অনুষ্ঠানতো মন্ত্ৰীগৰাকীয়ে সুনিপুণ যোদ্ধা, দূৰদৰ্শী ব্যক্তিত্বৰ অধিকাৰী বীৰ চিলাৰায়ৰ আদৰ্শক শ্ৰদ্ধাৰে স্মৰণ কৰে

Posts Carousel

Leave a Comment

Your email address will not be published. Required fields are marked with *

Latest Posts

Top Authors

Most Commented

Featured Videos

error: Content is protected !!