728 x 90
Like Us On Facebook
Facebook Pagelike Widget
728 x 90

ছিংগাপুৰৰ উপ-প্ৰধানমন্ত্ৰী গেন কিম য়ঙক সাক্ষাৎ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

ছিংগাপুৰৰ উপ-প্ৰধানমন্ত্ৰী গেন কিম য়ঙক সাক্ষাৎ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

🔹ভাৰত-আছিয়ানৰ সৰ্বাংগীন কৌশলগত অংশীদাৰিত্বত অসমৰ প্ৰচেষ্টাকে ধৰি বিভিন্ন বিষয়ত আলোচনা🔹ছিংগাপুৰৰ ছেমিকণ্ডাক্টৰ উদ্যোগৰ মূল অংশীদাৰসকলৰ সৈতেও আলোচনা🔹ৰাজ্যখনক ছেমিকণ্ডাক্টৰ হাবলৈ ৰূপান্তৰ কৰাৰ বাবে পদক্ষেপ গ্ৰহণ সম্পৰ্কীয় বিভিন্ন বিষয়ত আলোচনা এডভাণ্টেজ আছাম-২.০ৰ বাবে ছিংগাপুৰ ভ্ৰমণৰ দ্বিতীয় দিনা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দেশখনৰ উপ-প্ৰধানমন্ত্ৰীৰ লগতে মুখ্য বিনিয়োগকাৰীক সাক্ষাৎ কৰে। বুধবাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ছিংগাপুৰৰ উপ-প্ৰধানমন্ত্ৰী গেন

🔹ভাৰত-আছিয়ানৰ সৰ্বাংগীন কৌশলগত অংশীদাৰিত্বত অসমৰ প্ৰচেষ্টাকে ধৰি বিভিন্ন বিষয়ত আলোচনা
🔹ছিংগাপুৰৰ ছেমিকণ্ডাক্টৰ উদ্যোগৰ মূল অংশীদাৰসকলৰ সৈতেও আলোচনা
🔹ৰাজ্যখনক ছেমিকণ্ডাক্টৰ হাবলৈ ৰূপান্তৰ কৰাৰ বাবে পদক্ষেপ গ্ৰহণ সম্পৰ্কীয় বিভিন্ন বিষয়ত আলোচনা

এডভাণ্টেজ আছাম-২.০ৰ বাবে ছিংগাপুৰ ভ্ৰমণৰ দ্বিতীয় দিনা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দেশখনৰ উপ-প্ৰধানমন্ত্ৰীৰ লগতে মুখ্য বিনিয়োগকাৰীক সাক্ষাৎ কৰে। বুধবাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ছিংগাপুৰৰ উপ-প্ৰধানমন্ত্ৰী গেন কিম য়ঙক সাক্ষাৎ কৰে৷ এই সময়ছোৱাত মুখ্যমন্ত্ৰীগৰাকীয়ে ছেমিকণ্ডাক্টৰ, দক্ষতা আৰু সেউজ শক্তিৰ ক্ষেত্ৰত অধিক সহযোগিতাৰ জৰিয়তে ভাৰত-আছিয়ানৰ সৰ্বাংগীন কৌশলগত অংশীদাৰিত্বৰ মূলত থকা অসমৰ প্ৰচেষ্টাকে ধৰি বিভিন্ন বিষয়ত আলোচনা কৰে৷ অসম আৰু ছিংগাপুৰৰ মাজত বিদ্যমান সম্পৰ্কক অধিক শক্তিশালী কৰাৰ বাবে উপ-প্ৰধানমন্ত্ৰীগৰাকীয়ে দেখুওৱা দায়বদ্ধতাৰ বাবে মুখ্যমন্ত্ৰীয়ে তেখেতক কৃতজ্ঞতা জ্ঞাপন কৰে।
ইয়াৰ পিছত ছিংগাপুৰৰ ছেমিকণ্ডাক্টৰ উদ্যোগৰ মূল অংশীদাৰসকলৰ সৈতে আজি পুৱা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এক বৈঠকৰ জৰিয়তে আলোচনাত মিলিত হয়। বৈঠকত ‘এডভাণ্টেজ আছাম-২.০’ত অসমে বিশ্বাসযোগ্য যোগান শৃংখল আৰু সংযোগৰ জৰিয়তে ৰাজ্যখনক ছেমিকণ্ডাক্টৰ হাবলৈ ৰূপান্তৰ কৰাৰ বাবে পদক্ষেপ গ্ৰহণ সম্পৰ্কীয় বিভিন্ন বিষয়ত আলোচনা কৰা হয়। আজিৰ আলোচনাত অংশগ্ৰহণ কৰা টাটা ইলেক্ট্ৰনিকছ, ফুজি মেচিন মেনুফেকচাৰিং, কীচাইট টেক, নৰ্ডচন কৰ্প, লিনটেক কৰ্প, কহু ইংক, ইক’ছফ্ট, টপ্পান ফটোমাস্ক, ছিংগাপুৰ বিজনেছ ফেডাৰেচন আৰু ইণ্ডিয়ান অ’চিয়ান গোটৰ প্ৰতিনিধিসকলক মুখ্যমন্ত্ৰীয়ে কৃতজ্ঞতা জ্ঞাপন কৰে। এডভাণ্টেছ আছাম ২.০ত তেওঁলোকক লগ পাব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে৷
ছিংগাপুৰ ভ্ৰমণৰ সময়ত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এক ৰোড শ্ব’ত ২০০ৰো অধিক উদ্যোগী নেতাক সম্বোধন কৰে৷ মুখ্যমন্ত্ৰী ড০ শৰ্মাই প্ৰতিগৰাকী সম্ভাৱ্য বিনিয়োগকাৰীক ‘এডভাণ্টেজ আছাম-২.০’ৰ অংশ হ’বলৈ আৰু অসমে আগবঢ়োৱা বৈচিত্ৰ্যপূৰ্ণ সুযোগসমূহৰ অন্বেষণ কৰিবলৈ আমন্ত্ৰণ জনায়। মুখ্যমন্ত্ৰীয়ে অসম প্রচুৰ সম্ভাৱনাৰে উদ্ভাসিত প্রতিশ্রুতিসম্পন্ন গন্তব্যস্থান বুলি উল্লেখ কৰে। এই সন্দৰ্ভত সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীয়ে ছিংগাপুৰৰ বিনিয়োগকাৰী মহলে ভাৰতৰ অৰ্থনৈতিক সম্ভাৱনাৰ দিশত অসমৰ অনন্য সুবিধাসমূহৰ প্ৰতি দেখুওৱা উৎসাহজনক আগ্রহে তেওঁক অধিক উৎসাহিত কৰি তোলা বুলি প্ৰকাশ কৰে। তেওঁ কয় যে আমাৰ ভৌগোলিক স্থিতিৰ সুবিধা, ছিংগল-উইণ্ডো ক্লীয়াৰেন্স, অনুকূলিত উদগনি, শক্তিশালী আইন-শৃংখলা আৰু শৃংখলাবদ্ধ কৰ্মচাৰী আমাৰ বাণিজ্যিক সম্ভাৱনাৰ মূল বিশেষত্ব হিচাপে আজি স্বীকৃত হৈ পৰিছে।
১৪৩ বিলিয়ন ডলাৰৰ প্রস্তাৱিত জি এছ ডি পি, ১২.২ বিলিয়ন ডলাৰৰ আন্তঃগাঁথনি পুনৰ্নিৰ্মাণ, দৈনিক ১৫ কিল’মিটাৰ পথ নিৰ্মাণ, ৬০০০ মেগাৱাট সেউজ শক্তিৰ লক্ষ্য, ৪.৭ বিলিয়ন ডলাৰ ব্যক্তিগত বিনিয়োগ আৰু ঋণৰ পৰা জি এছ ডি পিৰ নিম্ন অনুপাতৰ সৈতে অসমে বিনিয়োগকাৰীসকলক উৎকৃষ্ট সম্ভাৱনা আৰু বিনিয়োগভিত্তিক উত্তম লাভ প্ৰদান কৰাত সমর্থ বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে।
আনহাতে, আজি ছিংগাপুৰত মধ্যাহ্ন ভোজনৰ সময়তে দেশখনৰ কেইগৰাকীমান মুখ্য বিনিয়োগকাৰী আৰু অংশীদাৰৰ সৈতে মুখ্যমন্ত্ৰী ড০ শৰ্মাই এক বিশেষ বার্তালাপত মিলিত হয়। এই সন্দৰ্ভত সামাজিক মাধ্যমত তেওঁ প্ৰকাশ কৰে যে কেইবছৰমান আগলৈকে যি পৰিস্থিতি আমি কল্পনাও কৰিব পৰা নাছিলোঁ— আজি তাৰ পৰিৱর্তে ইতিবাচক পৰিৱেশ সূচনাৰ ফলত ছিংগাপুৰৰ বিনিয়োগকাৰী তথা অংশীদাৰসকলৰ অসমত নিজৰ অৱস্থিতি স্থাপনত অভূতপূর্ব উৎসাহ পৰিলক্ষিত হৈছে! এয়াও বিকশিত অসম নির্মাণৰ দিশত আমাৰ বাবে শুভ লক্ষণ।
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ছিংগাপুৰ ভ্ৰমণৰ সময়ত এ ই এম হোল্ডিংছ, ক্লিনটেক, লেৱে ইঞ্জিনিয়াৰিং, ষ্টেটছ চিপাক, এণ্টাৰপ্ৰাইজ এছ জি, আক্ৰিবিছ ছিষ্টেমছ, পি ই পি ইনোভেচন, এম টি আই আৰু টেমাছেক পলিটেকনিকৰ নেতাসকলৰ সৈতে সাক্ষাতত মিলিত হয়। এই সময়ছোৱাত অসমৰ ছেমিকণ্ডাক্টৰ পৰিৱেশ তন্ত্ৰক শক্তিশালী কৰা আৰু নতুন সহযোগিতা গঢ়ি তোলাৰ দিশত আলোচনা কৰা হয়।
ইয়াৰ পিছত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ছিলিকন বক্সৰ অত্যাধুনিক চিপ নিৰ্মাণ প্ৰক্ৰিয়া প্রত্যক্ষ কৰাৰ লগতে আৰু মুখ্য কার্যবাহী বিষয়া ড০ বায়ুং জুন হান আৰু তেওঁৰ দলটিক সাক্ষাৎ কৰে। ছিংগাপুৰৰ ছিলিকন বক্সে অত্যাধুনিক সমাধান আৰু গুৰুত্বপূৰ্ণ উন্নয়নৰ সৈতে প্ৰযুক্তি জগতত এক বিপ্লৱৰ সূচনা কৰিছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে।
মুখ্যমন্ত্ৰীয়ে এ ই এম ছিংগাপুৰৰ চৌহদ পৰিদৰ্শন কৰি তেওঁলোকৰ বিশ্বমানৰ পৰীক্ষণ সুবিধাসমূহৰ চাক্ষুষ অভিজ্ঞতা লয়। লগতে ছিংগাপুৰ ছেমিকণ্ডাক্টৰ উদ্যোগ সংস্থা আৰু অন্যান্য ছেমিকণ্ডাক্টৰ পৰিস্থিতি তন্ত্ৰৰ অংশীদাৰসকলকো মুখ্যমন্ত্ৰীয়ে সাক্ষাৎ কৰে। মুখ্যমন্ত্ৰীয়ে কয় যে আমাৰ দৃষ্টিভংগী হৈছে অসমক এক গোলকীয় ছেমিকণ্ডাক্টৰ কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰোৱা৷ এই লক্ষ্য প্ৰাপ্ত কৰিবলৈ আমি ছেমিকণ্ডাক্টৰ নির্মাণৰ সম্পূর্ণ প্ৰক্ৰিয়াৰ সৈতে জড়িত প্ৰতিষ্ঠানসমূহক অসমত তেওঁলোকৰ আধাৰ স্থাপন কৰিবলৈ আমন্ত্ৰণ জনাইছোঁ। একে সময়তে আমি বিশ্বব্যাপী উদ্যোগ আৰু প্ৰতিষ্ঠানসমূহৰ সহযোগত এক বিশ্ব দক্ষতা কেন্দ্ৰ স্থাপন কৰি উদ্যোগ ৪.০ৰ প্ৰয়োজনীয়তা পূৰণ কৰাৰ হকে আমাৰ কৰ্মশক্তিৰ বাবে এক বৃহৎ পৰিসৰৰ দক্ষতামূলক প্ৰচেষ্টা গ্রহণ কৰি আছোঁ।
মূল্যৱান সময় আৰু পৰামর্শৰে সমৃদ্ধ কৰাৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এ ই এম হোল্ডিংছ, ক্লিনটেক, লেৱে ইঞ্জিনিয়াৰিং, ষ্টেটছ চিপ্পাক, এণ্টাৰপ্ৰাইজ এছ জি, এক্ৰিবিছ ছীষ্টেমছ, পেপ ইন’ভেচন, এম টি আই আৰু টেমাছেক পলিটেকনিকৰ অধ্যক্ষ আৰু মুখ্য কাৰ্যবাহী বিষয়াসকলক কৃতজ্ঞতা জ্ঞাপন কৰে।

Posts Carousel

Leave a Comment

Your email address will not be published. Required fields are marked with *

Latest Posts

Top Authors

Most Commented

Featured Videos

error: Content is protected !!