উত্তৰ গুৱাহাটী, ১১ ফেব্ৰুৱাৰীঃ আমিনগাঁওস্থিত উপায়ুক্তৰ কাৰ্যালয় চৌহদত কালি সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ বিষয়ববীয়া সমন্বিতে সমূহ কৰ্মচাৰীয়ে আবেলি ৪ বজাৰ পৰা ৫ বজালৈ এঘণ্টীয়া কৰ্মবিৰতি কাৰ্যসূচী ৰূপায়ণ কৰে। উল্লেখ্য যে সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থাই বিগত কিছু বছৰৰ পৰা বিভিন্ন দাবীৰ ভিত্তিত ধাৰাবাহিকভাৱে আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে। শেহতীয়াভাৱে মাজুলী জিলাৰ গৌতম
উত্তৰ গুৱাহাটী, ১১ ফেব্ৰুৱাৰীঃ আমিনগাঁওস্থিত উপায়ুক্তৰ কাৰ্যালয় চৌহদত কালি সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ বিষয়ববীয়া সমন্বিতে সমূহ কৰ্মচাৰীয়ে আবেলি ৪ বজাৰ পৰা ৫ বজালৈ এঘণ্টীয়া কৰ্মবিৰতি কাৰ্যসূচী ৰূপায়ণ কৰে। উল্লেখ্য যে সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থাই বিগত কিছু বছৰৰ পৰা বিভিন্ন দাবীৰ ভিত্তিত ধাৰাবাহিকভাৱে আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে। শেহতীয়াভাৱে মাজুলী জিলাৰ গৌতম ভূঞা নামৰ এগৰাকী জ্যেষ্ঠ সহায়কক নীতি বহিৰ্ভূতভাৱে যোৰহাটলৈ বদলি কৰাৰ পৰিপ্ৰেক্ষিতত কৰ্মচাৰী সন্থাটোৰ আন্দোলনে এক নতুন মোৰ লয়। সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ ছাৰ্ভিচ ৰুল ভংগ কৰি এই বদলিকৰণ প্ৰক্ৰিয়া সম্পন্ন হৈছে বুলি অভিযোগ উত্থাপিত হৈছে। ছাৰ্ভিচ ৰুল অনুসৰি অসম চৰকাৰৰ জি এ ডি বিভাগে আগতীয়া অনুমোদনৰ ভিত্তিত জিলাৰ পৰা জিলালৈ বদলিকৰণ কৰিব পাৰে যদিও গৌতম ভূঞাৰ বদলিকৰণ প্ৰক্ৰিয়াত এই নিয়ম সম্পূৰ্ণৰূপে উপেক্ষা কৰা হৈছে। ইতিমধ্যে যোৱা ২২ জানুৱাৰীত সন্থাই ইয়াৰ প্ৰতিবাদত দিনজোৰা কৰ্মবিৰতি আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছিল। তাৰ পিছতো চৰকাৰে কোনো ইতিবাচক পদক্ষেপ নোলোৱাত বাধ্য হৈ সন্থাটোৱে পুণৰ আন্দোলনৰ কাৰ্যসূচী ল’বলগীয়া হৈছে। আজিও আবেলি ৩ বজাৰ পৰা ৫ বজালৈ দুঘণ্টীয়া কৰ্মবিৰতি পালন কৰা হয়।


















Leave a Comment
Your email address will not be published. Required fields are marked with *