728 x 90
Like Us On Facebook
Facebook Pagelike Widget
728 x 90

এডভাণ্টেজ আছামৰ ২.০ৰ বিনিয়োগকাৰীক সাক্ষাতৰ উদ্দেশ্যে ছিংগাপুৰত উপস্থিত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা

এডভাণ্টেজ আছামৰ ২.০ৰ বিনিয়োগকাৰীক সাক্ষাতৰ উদ্দেশ্যে ছিংগাপুৰত উপস্থিত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা

🔹ছিংগাপুৰৰ ৰাষ্ট্ৰপতিৰ সৈতে সাক্ষাতে লাভ কৰিছে বিশেষ চর্চা🔹ছেমিকণ্ডাক্টৰ হৈছে ভাৰত-ছিংগাপুৰৰ পাৰস্পৰিক সহযোগিতাৰ এক গুৰুত্বপূৰ্ণ দিশঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা🔹এডভাণ্টেজ আছাম ২.০ৰ জৰিয়তে আমি অসমক আৰু অধিক গতিশীলতা প্ৰদান কৰাৰ প্ৰয়াস কৰিছোঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা🔹ভাৰত-ছিংগাপুৰ পাৰস্পৰিক সহযোগিতা, অসমৰ ছেমিকণ্ডাক্টৰ, ইলেক্ট্রনিক চিটী আদি বিভিন্ন বিষয় সামৰি বিভিন্ন খণ্ডৰ উদ্যোগপতিৰে ধাৰাবাহিক বৈঠক মুখ্যমন্ত্রী ড০ হিমন্ত

🔹ছিংগাপুৰৰ ৰাষ্ট্ৰপতিৰ সৈতে সাক্ষাতে লাভ কৰিছে বিশেষ চর্চা
🔹ছেমিকণ্ডাক্টৰ হৈছে ভাৰত-ছিংগাপুৰৰ পাৰস্পৰিক সহযোগিতাৰ এক গুৰুত্বপূৰ্ণ দিশঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
🔹এডভাণ্টেজ আছাম ২.০ৰ জৰিয়তে আমি অসমক আৰু অধিক গতিশীলতা প্ৰদান কৰাৰ প্ৰয়াস কৰিছোঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
🔹ভাৰত-ছিংগাপুৰ পাৰস্পৰিক সহযোগিতা, অসমৰ ছেমিকণ্ডাক্টৰ, ইলেক্ট্রনিক চিটী আদি বিভিন্ন বিষয় সামৰি বিভিন্ন খণ্ডৰ উদ্যোগপতিৰে ধাৰাবাহিক বৈঠক

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া এডভাণ্টেজ আছাম-২.০ৰ বাবে ছিংগাপুৰৰ ৰাষ্ট্ৰপতি, মন্ত্ৰী আৰু বিনিয়োগকাৰীক সাক্ষাতৰ উদ্দেশ্যে সোমবাৰে ছিংগাপুৰত উপস্থিত হয়। ছিংগাপুৰত ভাৰতৰ উচ্চাযুক্ত ড০ শিল্পক আম্বুলেই তেওঁক আদৰণি জনায়।
আজি মুখ্যমন্ত্রী ড০ শৰ্মাই ছিংগাপুৰৰ ৰাষ্ট্ৰপতি থাৰমান ছানমুগাৰাটনামৰ সৈতে সাক্ষাতত মিলিত হয়। যথাৰ্থতে বহিঃৰাষ্ট্ৰৰ সন্মানীয় এগৰাকী ৰাষ্ট্ৰপতিৰ সৈতে অসমৰ মুখ্যমন্ত্ৰীৰ এই সাক্ষাতে এক বিশেষ চর্চা লাভ কৰিছে। ৰাষ্ট্ৰপতিৰ সৈতে উক্ত আলোচনাত অসমৰ সৈতে চলিত সহযোগিতামূলক প্রকল্পসমূহক সামৰি লোৱা হৈছিল। লগতে ভাৰত-ছিংগাপুৰৰ ব্যাপক কৌশলগত অংশীদাৰিত্বৰ মূল স্তম্ভ হিচাপে অসমৰ ভূমিকাৰ দিশত বিশেষ গুৰুত্ব প্রদান কৰা হয়। তদুপৰি এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণত ছিংগাপুৰৰ মূল্যৱান সমৰ্থনকো উক্ত আলোচনাত সামৰি লোৱা হয়। ২০২২ চনত ৰাষ্ট্ৰপতিগৰাকীৰ অসম ভ্ৰমণৰ অভিজ্ঞতা তথা সুমধুৰ স্মৃতিও ৰাষ্ট্ৰপতিগৰাকীয়ে ৰোমন্থন কৰে। ছিংগাপুৰৰ মহামহিম ৰাষ্ট্ৰপতি থাৰমান ছানমুগাৰাটনামৰ সৈতে স্মৰণীয় সাক্ষাতৰ সময়ত মনৰ অনুভৱ লিপিবদ্ধ কৰি ‘এয়া এক পৰম ধন্য ক্ষণ’ বুলি মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমযোগে প্ৰকাশ কৰে।
এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণত ছিংগাপুৰৰ অংশীদাৰিত্বৰ বাবে মুখ্যমন্ত্রীয়ে শলাগ লৈ মুখ্যমন্ত্ৰীয়ে ব্যক্ত কৰে– “ছেমিকণ্ডাক্টৰ, সেউজ শক্তি আৰু উন্নত প্রযুক্তিৰ দৰে আমাৰ উদীয়মান খণ্ডসমূহত ৰাষ্ট্ৰখনৰ সৈতে সহযোগিতামূলক সম্পর্কক সবলীকৰণৰ আমি পোষকতা কৰিছোঁ।”
ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে ছিংগাপুৰত ছেমিকণ্ডাক্টৰ উদ্যোগৰ নেতৃবৃন্দৰ সৈতে এক ফলপ্রসূ আলোচনাত মিলিত হৈ দিনটোৰ আৰম্ভণি কৰে। মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমযোগে ব্যক্ত কৰে— ছেমিকণ্ডাক্টৰ হৈছে ভাৰত-ছিংগাপুৰৰ পাৰস্পৰিক সহযোগিতাৰ এক গুৰুত্বপূৰ্ণ দিশ। মই তেওঁলোকক জাগীৰোডত হ’বলগীয়া ইলেক্ট্রনিক চিটীত আমাৰ সৈতে অংশীদাৰ হ’বলৈ আমন্ত্রণ জনাইছোঁ। উল্লেখ্য যে, উক্ত বৈঠকত এ এছ এম পি টি, এ ই এম, বেছি, টামাছেক, ছিলিকন বক্স, নিটো ডেংকো কর্প, হেলাৰ ইণ্ডাস্ট্রিজ আৰু মেইনধাৰ্ট দৰে বিখ্যাত গ্ৰুপৰ নেতাবৃন্দ উপস্থিত থাকে।
তেওঁ কয় যে মই তেখেতসকলক জাগীৰোডত হ’বলগীয়া ইলেক্ট্ৰনিক চিটীত আমাৰ সৈতে অংশীদাৰ হ’বলৈ আমন্ত্ৰণ জনাইছো। বৈঠকত যোগদান কৰাৰ বাবে এ এছ এম পি টি, এ ই এম, বেছি, টামাছেক, ছিলিকন বক্স, নিট্টো ডেংকো কৰ্প, হেলাৰ ইণ্ডাষ্ট্ৰিজ আৰু মেইনধাৰ্ট গ্ৰুপৰ নেতাসকলক মুখ্যমন্ত্ৰীগৰাকীয়ে কৃতজ্ঞতা জ্ঞাপন কৰে। এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ জৰিয়তে অসমক আৰু অধিক গতিশীলতা প্ৰদান কৰিবলৈ প্ৰয়াস কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে।
পৰৱৰ্তী সময়ত ড০ হিমন্ত বিশ্ব শর্মাই ছিংগাপুৰত লো চেৰ এক আৰু তেওঁৰ দলৰ সৈতে অসমত ছাৰ্বানা জুৰঙৰ বিদ্যমান প্রকল্পসমূহৰ পৰ্যালোচনা বৈঠকত অংশগ্রহণ কৰে। ছিংগাপুৰৰ নগৰ পৰিকল্পনাৰ বিশেষ দক্ষতাৰ জৰিয়তে অসমৰ ভৱিষ্যতৰ চহৰ আৰু ঔদ্যোগিক উদ্যান নির্মাণ তথা অসমৰ লোকসকলৰ জীৱন ধাৰণৰ সহজতা বৃদ্ধিৰ দিশত তেওঁলোকক কাম কৰাৰ পোষকতা কৰে মুখ্যমন্ত্ৰীয়ে।
ইয়াৰ পাছতে মুখ্যমন্ত্রী ড০ শর্মাই ছিংগাপুৰ আই টি ইৰ শিক্ষা সেৱাৰ মুখ্য কাৰ্যবাহী বিষয়া সুৰেশ নটৰাজন আৰু তেওঁৰ দলৰ সৈতে এক বিশেষ বৈঠকত মিলিত হয়। মুখ্যমন্ত্ৰীয়ে ব্যক্ত কৰে যে কাৰিকৰী শিক্ষা, কৰ্মশক্তিৰ তৎপৰতা আৰু সামাজিক গতিশীলতা উন্নত কৰিবলৈ দক্ষ কর্মশক্তিৰ এক বৃহৎ গোট বিকশিত কৰাৰ দিশত তেওঁলোকৰ দৃষ্টিভংগী আৰু অসমৰ লক্ষ্য ওতঃপ্রোতভাৱে সংযোজিত। আগন্তুক মাহসমূহত অসম দক্ষতা বিশ্ববিদ্যালয় আৰু আই টি ই-ছিংগাপুৰৰ মাজত ঘনিষ্ঠ সহযোগিতামূলক কৰ্মৰাজি দেখিবলৈ পোৱাৰ আশা ব্যক্ত কৰাৰ লগতে ব্যক্তিগত খণ্ডৰ উপৰি অসমত বিশ্ব দক্ষতা কেন্দ্ৰ স্থাপনৰ ক্ষেত্ৰতো তেওঁলোকৰ বিশেষ দক্ষতাৰ ব্যৱহাৰেৰে উপায় অন্বেষণৰ কথাও উল্লেখ কৰে।
এই সময়ত নিপুণ দক্ষতাৰে ঔদ্যোগিক সমাধানত গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰা ফেকাল্টীৰ মান আৰু উদ্যোগ বিশেষ বৈমানিক পৰীক্ষাগাৰ, স্মার্ট নির্মাণ আৰু ইলেক্ট্রনিকছ সম্পর্কেও মুখ্যমন্ত্রীয়ে বুজাৰ প্রয়াস কৰে।
ছিংগাপুৰ ভ্ৰমণৰ সময়ত আজি মুখ্যমন্ত্ৰী ড০ শৰ্মাই ছিংগাপুৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ভিভিয়ান বালাকৃষ্ণনক সাক্ষাৎ কৰে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাষ্ট্ৰখনৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ভিভিয়ান বালাকৃষ্ণনক সাক্ষাৎ কৰি ভাৰতৰ এক্ট ইষ্ট নীতিৰ সামগ্ৰিক পৰিকাঠামোৰ অধীনত অসম আৰু ছিংগাপুৰৰ মাজত বিদ্যমান অংশীদাৰিত্ব সুদৃঢ় কৰাৰ দিশত বাৰ্তালাপ কৰে।
উল্লেখ্য যে, মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন অসম চৰকাৰে এডভাণ্টেজ আছাম-২.০ক অসমৰ উন্নয়নৰ গতিশীলতাক অধিক বৃদ্ধি কৰিবলৈ এক মঞ্চ হিচাপে ব্যৱহাৰ কৰিছে। এই লক্ষ্যক সাৰোগত কৰিয়েই মুখ্যমন্ত্রীয়ে ভূটান, দক্ষিণ কোৰিয়া, জাপান, ছিংগাপুৰ আদিৰ দৰে উন্নত ৰাষ্ট্ৰসমূহৰ সৈতে সংযোগ স্থাপন কৰিছে। বুধবাৰৰ দিনটোও মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই ছিংগাপুৰত অতিবাহিত কৰিব।

Posts Carousel

Leave a Comment

Your email address will not be published. Required fields are marked with *

Latest Posts

Top Authors

Most Commented

Featured Videos

error: Content is protected !!