অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ ইত্যাদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই আজি অসম ৰক আৰু স্পৰ্ট ক্লাইম্বিং সংস্থা (ARSCA)ৰ উদ্যোগত আয়োজিত এক সম্বৰ্ধনা অনুষ্ঠানত অংশ লৈ বিগত মাহত জামচেদপুৰত অনুষ্ঠিত টাটা ষ্টীল স্পৰ্ট ক্লাইম্বিং চেম্পিয়নশ্বিপত দুটাকৈ আন্তৰ্জাতিক স্বৰ্ণ পদক লাভ কৰা অসমৰ খেলুৱৈ জন মেথিউ মাৰাকক সম্বৰ্ধনা জ্ঞাপন কৰে। অসম ৰক আৰু স্পৰ্ট ক্লাইম্বিং সংস্থা
অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ ইত্যাদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই আজি অসম ৰক আৰু স্পৰ্ট ক্লাইম্বিং সংস্থা (ARSCA)ৰ উদ্যোগত আয়োজিত এক সম্বৰ্ধনা অনুষ্ঠানত অংশ লৈ বিগত মাহত জামচেদপুৰত অনুষ্ঠিত টাটা ষ্টীল স্পৰ্ট ক্লাইম্বিং চেম্পিয়নশ্বিপত দুটাকৈ আন্তৰ্জাতিক স্বৰ্ণ পদক লাভ কৰা অসমৰ খেলুৱৈ জন মেথিউ মাৰাকক সম্বৰ্ধনা জ্ঞাপন কৰে। অসম ৰক আৰু স্পৰ্ট ক্লাইম্বিং সংস্থা (ARSCA)ৰ অন্যতম সদস্য জন মেথিউ মাৰাকে বিগত দুটা বছৰ ধৰি আইএমএফ নেচনেল স্পৰ্ট ক্লাইম্বিং চেম্পিয়নশ্বিপত ৰাষ্ট্ৰীয় স্বৰ্ণ পদক লাভ কৰিছিল। আজি দিশপুৰস্থিত লোকনিৰ্মাণ বিভাগৰ কনভেনচন চেণ্টাৰত আয়োজিত সম্বৰ্ধনা অনুষ্ঠানত খেলুৱৈগৰাকীক সম্বৰ্ধনা জনাই মন্ত্ৰী হাজৰীকাই জন মাৰাকৰ ভৱিষ্যত ক্ৰীড়াৰ যাত্ৰাত সহযোগিতা আগবঢ়াব বুলি মন্তব্য প্ৰকাশ কৰে। বিগত সময়ছোৱাত অসমৰ বহুসংখ্যক খেলুৱৈয়ে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উন্নত প্ৰদৰ্শন আগবঢ়াবলৈ সক্ষম হোৱা বাবে মন্ত্ৰীগৰাকীয়ে গৌৰৱ অনুভৱ কৰা বুলি উল্লেখ কৰি খেলুৱৈ জন মাৰাকৰ ভৱিষ্যত যাত্ৰাৰ বাবে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে।



















Leave a Comment
Your email address will not be published. Required fields are marked with *