728 x 90
Like Us On Facebook
Facebook Pagelike Widget
728 x 90

একো একোটা অঞ্চলৰ সভ্যতা-সংস্কৃতি নিৰ্ভৰ কৰে বিশ্ববিদ্যালয়ৰ ওপৰতঃ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা

একো একোটা অঞ্চলৰ সভ্যতা-সংস্কৃতি নিৰ্ভৰ কৰে বিশ্ববিদ্যালয়ৰ ওপৰতঃ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা

‘অমৃত মধুৰ, তাতকৈ মধুৰ সংস্কৃত…’‘সাধাৰণতে সভ্যতা আৰু সংস্কৃতি হৈ পৰে বিশ্ববিদ্যালয় কেন্দ্ৰিক’কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাছাত্র-ছাত্রী তথা শিক্ষক-কৰ্মচাৰীৰ যাতায়াতৰ সুবিধাৰ্থে বাছ ক্রয়ৰ বাবে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ চেক প্রদান অমৃত মধুৰ, তাতকৈ মধুৰ সংস্কৃত। দেৱতাসকলৰ কাৰণে ভোগ্য, সেই কাৰণে ইয়াক দেৱভাষা বুলি কোৱা হয়।- এই মন্তব্য অসম চৰকাৰৰ মন্ত্ৰী জয়ন্ত

‘অমৃত মধুৰ, তাতকৈ মধুৰ সংস্কৃত…’
‘সাধাৰণতে সভ্যতা আৰু সংস্কৃতি হৈ পৰে বিশ্ববিদ্যালয় কেন্দ্ৰিক’
কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ত মন্ত্ৰী জয়ন্ত মল্লবৰুৱা
ছাত্র-ছাত্রী তথা শিক্ষক-কৰ্মচাৰীৰ যাতায়াতৰ সুবিধাৰ্থে বাছ ক্রয়ৰ বাবে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ চেক প্রদান

অমৃত মধুৰ, তাতকৈ মধুৰ সংস্কৃত। দেৱতাসকলৰ কাৰণে ভোগ্য, সেই কাৰণে ইয়াক দেৱভাষা বুলি কোৱা হয়।- এই মন্তব্য অসম চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ। নলবাৰীৰ কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ত মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ চেক প্রদান অনুষ্ঠানত আজি উপস্থিত থাকি সংস্কৃত শ্লোকৰ উদ্ধৃতি দি মন্ত্ৰীগৰাকীয়ে এইদৰে মন্তব্য কৰে। মন্ত্ৰীগৰাকীয়ে আজি এনেকুৱা এখন মধুৰ সংস্কৃত বিশ্ববিদ্যালয়লৈকে আহি ছাত্ৰ-ছাত্ৰী, শিক্ষাগুৰুসকলক লগ পাই অত্যন্ত আনন্দ অনুভৱ কৰা বুলি ভাষণৰ আৰম্ভণিতে উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে ভাষণত এই বিশ্ববিদ্যালয়খনৰ উপাচাৰ্যই কিছু অভাৱ-অভিযোগৰ কথা মন্ত্ৰীগৰাকীক কেইমাহমান পূৰ্বে অৱগত কৰাৰ কথা উল্লেখ কৰে আৰু সেই অনুসৰি মন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগত আলোচনা কৰি পৰ্যায়ক্ৰমে সেইসমূহ পূৰণ কৰাৰ উদ্যোগ লোৱা বুলি জানিবলৈ দিয়ে। কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়খনক মন্ত্ৰীগৰাকীয়ে নিজৰ মানস পুত্ৰ বুলি অভিহিত কৰি বিশ্ববিদ্যালয়খনে জন্ম লাভ কৰাৰ পৰা কিদৰে আজিৰ পৰ্যায়ত আহি উপনীত হৈছে সেই বিষয়ে ব্যাখ্যা দাঙি ধৰে। উল্লেখ্য যে ২০১১ চনত নলবাৰী মহাবিদ্যালয়ৰ এটা অংশক লৈ এই বিশ্ববিদ্যালয়খনৰ কাম আৰম্ভ কৰা হৈছিল। ২০১১ চনৰ পৰা ২০২৫ চনলৈ এই দীঘলীয়া যাত্ৰা অতিক্ৰমী আজি বিশ্ববিদ্যালয়খনে এটা ভাল ৰূপত নিজকে প্ৰতিষ্ঠা কৰিব পাৰিছে বুলি মন্ত্ৰীগৰাকীয়ে ভাষণত উল্লেখ কৰে। আনহাতে, একেলগে ঘোষণা হোৱা বহু বিশ্ববিদ্যালয়ে কিন্তু আজি এইখন বিশ্ববিদ্যালয়ৰ দৰে এই পৰ্যায়লৈ আহিব পৰা নাই বুলি তেওঁ কয়। বিশ্ববিদ্যালয়খনৰ এই শৈক্ষিক উত্তৰণ বিশ্ববিদ্যালয়খনৰ কৰ্তৃপক্ষ আৰু ইয়াৰ লগত জড়িত সকলোৱে ধন্যবাদৰ পাত্ৰ বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। তেওঁ কয় যে বিশ্ববিদ্যালয়খন আৰম্ভ কৰোঁতে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এটা আগ্ৰহ আছিল আৰু ব্যক্তিগতভাৱে ময়ো এটা আগ্ৰহ ৰাখিছিলো যে বিশ্ববিদ্যলয় বহুত ঠাইত হয়, কিন্তু এই বিশ্ববিদ্যালয়খন কুমাৰ ভাস্কৰ বাৰ্মাৰ দৰে এগৰাকী মনীষী তথা কামৰূপৰ গৌৰৱক প্ৰতিনিধিত্ব কৰা এগৰাকী ৰজাৰ নামত কৰাৰ। আমাৰ আশা এই বিশ্ববিদ্যালয়খনে প্ৰাচীন কামৰূপক প্ৰকৃতাৰ্থত প্ৰতিনিধিত্ব কৰিব। আৰু এইখন যিহেতু সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয় ইয়াৰ প্ৰাধ্যনতা থাকিব সংস্কৃত বা পুৰাতন অধ্যয়নৰ লগত। এই প্ৰায়ৰিটীৰ পৰা আমি আঁতৰি আহিব নোৱাৰো। ইয়াৰ পৰা আঁতৰি গ’লে আমি মূল সত্ত্বাৰ পৰা আঁতৰি যোৱাৰ দৰে হ’ব। কুমাৰ ভাস্কৰ বাৰ্মাই যি ধৰণে প্ৰাচীন কামৰূপক প্ৰতিনিধিত্ব কৰিছিল, এই বিশ্ববিদ্যালয়খনেও সেইদৰে প্ৰতিনিধিত্ব কৰি নিজকে প্ৰতিষ্ঠা কৰিব লাগিব বুলি মন্ত্ৰীগৰাকীয়ে ভাষণত মন্তব্য কৰে।
মন্ত্ৰীগৰাকীয়ে পুনৰ কয় যে ভাৰতবৰ্ষই হওক বা বিশ্বই হওক সাধাৰণতে সভ্যতা আৰু সংস্কৃতি বিশ্ববিদ্যালয় কেন্দ্ৰিক হৈ পৰে। আজি সনাতনী বা ভাৰতবৰ্ষৰ সভ্যতা বুলি ক’লেই নলন্দা, তক্ষশীলাক বাদ দি ভাৰতীয় সভ্যতা হ’ব নোৱাৰে। পশ্চিমীয়া দেশৰ বিভিন্ন অঞ্চলৰ সভ্যতা অক্সফৰ্ড, কেম্ব্ৰিজক বাদ দি সভ্যতা হ’ব নোৱাৰে। গতিকে একো একোটা অঞ্চলৰ সভ্যতা-সংস্কৃতি নিৰ্ভৰ কৰে বিশ্ববিদ্যালয়খনৰ ওপৰত। আজি আমি এই বৃহত্তৰ প্ৰাচীন কামৰূপৰ অংশ এই নলবাৰীৰ সমগ্ৰ ঐতিহ্য, সভ্যতা-সংস্কৃতি নিৰ্ভৰ কৰিব এই বিশ্ববিদ্যালয়খনৰ ওপৰত। এই বিশ্ববিদ্যালয়খনক গঢ় দিব লাগিব এই বৃহত্তৰ অঞ্চলটোৰ সভ্যতা-সংস্কৃতি প্ৰতিনিধিত্ব কৰাৰ কাৰণে। আমি বিশ্ববিদ্যালয়খন সেই ধাৰণাৰে আগবঢ়াই নিব লাগিব বুলি মন্ত্ৰীগৰাকীয়ে কয়। মন্ত্ৰীগৰাকীয়ে নাতিদীৰ্ঘ ভাষণত বিশ্ববিদ্যালয়খনৰ আন্তঃগাঁথনি উন্নয়নৰ লগতে একাডেমীক ভৱন, অডিটৰিয়াম, বিভিন্ন অভাৱ-অভিযোগ আদি পৰ্যায়ক্ৰমে সমাধান কৰা হ’ব বুলি জানিবলৈ দিয়ে।
এই অনুষ্ঠানতে মন্ত্ৰীগৰাকীয়ে কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষক আনুষ্ঠানিকভাৱে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা ৩১,২৪,৩২৬ টকাৰ এখন চেক প্রদান কৰে। বিশ্ববিদ্যালয়খনৰ ছাত্র-ছাত্রী তথা শিক্ষক-কৰ্মচাৰীৰ যাতায়াতৰ সুবিধাৰ্থে এখন বাছ ক্রয় কৰাৰ উদ্দেশ্যে এই বিশেষ সাহায্য প্ৰদান কৰা হয়।

Posts Carousel

Leave a Comment

Your email address will not be published. Required fields are marked with *

Latest Posts

Top Authors

Most Commented

Featured Videos

error: Content is protected !!