728 x 90
Like Us On Facebook
Facebook Pagelike Widget
728 x 90

অসম চৰকাৰৰ প্ৰশংসনীয় পদক্ষেপ: দেশৰ সংবিধান প্ৰণেতা ড০ ভীমৰাও আম্বেদকাৰলৈ সন্মান

অসম চৰকাৰৰ প্ৰশংসনীয় পদক্ষেপ: দেশৰ সংবিধান প্ৰণেতা ড০ ভীমৰাও আম্বেদকাৰলৈ সন্মান

জনতা ভৱনৰ প্ৰৱেশদ্বাৰৰ কাষত স্থাপন হ’ব ড০ ভীমৰাও আম্বেদকাৰৰ প্ৰতিমূৰ্তিসামাজিক মাধ্যমযোগে ঘোষণা মন্ত্ৰী পীযুষ হাজৰীকাৰ দেশৰ সংবিধান প্ৰণেতাক সন্মান দিয়াৰ উদ্দেশ্যে প্ৰশংসনীয় পদক্ষেপ হাতত লৈছে ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে। ইয়াকে লৈ সম্প্ৰতি তৎপৰ হৈ পৰা পৰিলক্ষিত হৈছে মন্ত্ৰী পীযুষ হাজৰীকাক। দিছপুৰৰ জনতা ভৱনৰ প্ৰৱেশদ্বাৰৰ কাষত স্থাপন হ’ব ড০ ভীমৰাও আম্বেদকাৰৰ প্ৰতিমূৰ্তি। ১৫

জনতা ভৱনৰ প্ৰৱেশদ্বাৰৰ কাষত স্থাপন হ’ব ড০ ভীমৰাও আম্বেদকাৰৰ প্ৰতিমূৰ্তি
সামাজিক মাধ্যমযোগে ঘোষণা মন্ত্ৰী পীযুষ হাজৰীকাৰ

দেশৰ সংবিধান প্ৰণেতাক সন্মান দিয়াৰ উদ্দেশ্যে প্ৰশংসনীয় পদক্ষেপ হাতত লৈছে ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে। ইয়াকে লৈ সম্প্ৰতি তৎপৰ হৈ পৰা পৰিলক্ষিত হৈছে মন্ত্ৰী পীযুষ হাজৰীকাক। দিছপুৰৰ জনতা ভৱনৰ প্ৰৱেশদ্বাৰৰ কাষত স্থাপন হ’ব ড০ ভীমৰাও আম্বেদকাৰৰ প্ৰতিমূৰ্তি। ১৫ আগষ্টৰ ভিতৰত স্থাপন কৰা হ’ব দেশৰ সংবিধানৰ পিতৃপুৰুষ ড০ ভীমৰাও আম্বেদকাৰৰ প্ৰতিমূৰ্তি। মন্ত্ৰী পীযুষ হাজৰীকাই আজি সামাজিক মাধ্যমযোগে এই কথা ঘোষণা কৰে।
শেহতীয়াভাৱে ড০ ভীমৰাও আম্বেদকাৰক লৈ বিভিন্ন বিতৰ্ক চলি থকাৰ মাজতে আৰু কংগ্ৰেছ দলে আম্বেদকাৰক লৈ বিভিন্ন বিষয়ত চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰি থকাৰ মাজতে মন্ত্ৰীগৰাকীয়ে ড০ ভীমৰাও আম্বেদকাৰৰ প্ৰতিমূৰ্তি স্থাপন কৰাৰ কথা ঘোষণা কৰা বিষয়টোৱে যথেষ্ট তাৎপৰ্য বহন কৰিছে।
উল্লেখ্য যে দেশৰ সংবিধান প্ৰণেতা ড০ ভীমৰাও আম্বেদকাৰক লৈ কিছুদিন পূৰ্বে ৰাজ্যখনত কংগ্ৰেছ দলে বিভিন্ন প্ৰতবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিল। বিজেপি চৰকাৰে ড০ আম্বেদকাৰক ন্যূনতমো সন্মান প্ৰদৰ্শন নকৰা বুলি কংগ্ৰেছে সময়ে সময়ে সমালোচনা কৰি আহিছিল। অৱশ্যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাইও কংগ্ৰেছ দলক ইয়াৰ যোগ্য প্ৰত্যুত্তৰ দিছিল। কংগ্ৰেছক নিকৃষ্ট আৰু নিৰ্লজ্জ দল বুলি আখ্যা দি মুখ্যমন্ত্ৰীয়ে যি কংগ্ৰেছ দলে জৰুৰী অৱস্থা আনিছিল, সংবিধানক নিলম্বিত কৰিছিল, গণতন্ত্ৰক ভৰিৰে‌ মোহাৰি হত্যা কৰিছিল, সেই কংগ্ৰেছ দলে সংবিধান লৈ প্ৰতিবাদ কৰাটো শোভা নাপায় বুলি মন্তব্য কৰিছিল। কংগ্ৰেছে ৰাজনৈতিক মুনাফাৰ বাবে আম্বেদকাৰক ব্যৱহাৰ কৰা বুলিও মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অভিযোগ তুলিছিল। আনকি ৭৫ বছৰে শাসনত থাকিও কংগ্ৰেছ দলে আম্বেদকাৰক ভাৰতৰত্ন নিদিয়াত মুখ্যমন্ত্ৰীয়ে ক্ষোভ প্ৰকাশ কৰিছিল।
এনে পৰিৱেশৰ মাজতে আজি মন্ত্ৰী পীযুষ হাজৰীকাই জনতা ভৱনৰ প্ৰৱেশদ্বাৰৰ কাষত দেশৰ সংবিধানৰ পিতৃপুৰুষ ড০ ভীমৰাও আম্বেদকাৰৰ প্ৰতিমূৰ্তি স্থাপন কৰাৰ কথা প্ৰকাশ কৰে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশমৰ্মে কালি সন্ধিয়া মন্ত্ৰীগৰাকীয়ে লোকনিৰ্মাণ বিভাগৰ সংশ্লিষ্ট বিষয়াসকলৰ সৈতে প্ৰতিমূৰ্তি স্থাপন হ’বলগীয়া উক্ত স্থান পৰিদৰ্শন কৰি গ্ৰহণ কৰিবলগীয়া পদক্ষেপসমূহৰ বিষয়ে আলোচনা কৰে।

Posts Carousel

Leave a Comment

Your email address will not be published. Required fields are marked with *

Latest Posts

Top Authors

Most Commented

Featured Videos

error: Content is protected !!