728 x 90
Like Us On Facebook
Facebook Pagelike Widget
728 x 90

ভাৰতত জাপানৰ ৰাষ্ট্ৰদূত কেইচি অ’ন’ৰ অসমৰ ছেমিকণ্ডাক্টৰ প্ৰকল্পস্থলী পৰিদৰ্শন

ভাৰতত জাপানৰ ৰাষ্ট্ৰদূত কেইচি অ’ন’ৰ অসমৰ ছেমিকণ্ডাক্টৰ প্ৰকল্পস্থলী পৰিদৰ্শন

বিনিয়োগৰ বাবে জাপান আগ্ৰহী বুলি মন্তব্য ৰাষ্ট্ৰদূতগৰাকীৰ ভাৰতৰ ৰাষ্ট্ৰদূত কেইচি অনোৰ নেতৃত্বত জাপানৰ পৰা অহা এটা উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দল বৃহস্পতিবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে অসমত উপস্থিত হয়। ৰাজ্যখনলৈ বিনিয়োগ আকৰ্ষিত কৰাৰ লক্ষ্যৰে বিশ্বব্যাপী বিনিয়োগ সন্মিলন এডভাণ্টেজ অসম ২.০ৰ পূৰ্বে জাপানৰ উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দলৰ এই ভ্ৰমণে যথেষ্ট গুৰুত্ব বহন কৰিছে। ভ্ৰমণৰ প্ৰথম দিনাই ৰাষ্ট্ৰদূত অ’ন’ আৰু

বিনিয়োগৰ বাবে জাপান আগ্ৰহী বুলি মন্তব্য ৰাষ্ট্ৰদূতগৰাকীৰ

ভাৰতৰ ৰাষ্ট্ৰদূত কেইচি অনোৰ নেতৃত্বত জাপানৰ পৰা অহা এটা উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দল বৃহস্পতিবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে অসমত উপস্থিত হয়। ৰাজ্যখনলৈ বিনিয়োগ আকৰ্ষিত কৰাৰ লক্ষ্যৰে বিশ্বব্যাপী বিনিয়োগ সন্মিলন এডভাণ্টেজ অসম ২.০ৰ পূৰ্বে জাপানৰ উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দলৰ এই ভ্ৰমণে যথেষ্ট গুৰুত্ব বহন কৰিছে।

ভ্ৰমণৰ প্ৰথম দিনাই ৰাষ্ট্ৰদূত অ’ন’ আৰু তেওঁৰ প্ৰতিনিধি দলে ক্ষেত্ৰীত বাঁহ খেতি প্ৰকল্প আৰু জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ উদ্যোগকে ধৰি অসমৰ গুৰুত্বপূৰ্ণ প্ৰকল্পসমূহ ভ্ৰমণ কৰে। এই ভ্ৰমণে অসমৰ অৰ্থনৈতিক সম্ভাৱনাৰ প্ৰতি বিশেষকৈ ছেমিকণ্ডাক্টৰ উদ্যোগৰ প্ৰতি জাপানৰ ক্ৰমৱৰ্ধমান আগ্ৰহকে দাঙি ধৰে।
সংবাদ মাধ্যমৰ আগত চমু বক্তব্য প্ৰদান কৰি ৰাষ্ট্ৰদূত অ’ন’ৱে ছেমিকণ্ডাক্টৰ খণ্ডৰ ওপৰত বিশেষ গুৰুত্ব দি অসমত বিনিয়োগৰ প্ৰতি জাপানৰ তীব্ৰ আগ্ৰহৰ কথা প্ৰকাশ কৰে। তেওঁ ৰাজ্যখনৰ কৌশলগত অৱস্থান আৰু বিনিয়োগ-বন্ধুত্বপূৰ্ণ নীতিসমূহক জাপানৰ আগ্ৰহৰ মূল কাৰক হিচাপে উল্লেখ কৰে।
তেওঁ কয় যে জাপানৰ বহু বিনিয়োগকাৰীয়ে অসমত বিশেষকৈ ছেমিকণ্ডাক্টৰ প্ৰকল্পত বিনিয়োগ কৰিবলৈ আগ্ৰহী।

পিছত সন্ধিয়া ৰাষ্ট্ৰদূতগৰাকীয়ে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক অধিক সহযোগিতা আৰু বিনিয়োগৰ সুযোগ সম্পৰ্কে আলোচনা কৰাৰ বাবে সাক্ষাৎ কৰে। এই বৈঠকত মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ শেহতীয়া জাপান ভ্ৰমণৰ বিষয়ে আলোচনা কৰা হয়। উল্লেখ্য যে মুখ্যমন্ত্ৰী ড০ শৰ্মাই জাপানী বিনিয়োগকাৰীক অসমলৈ আকৰ্ষিত কৰিবলৈ টকিঅ’ত এক ধাৰাবাহিক আলোচনাত মিলিত হোৱাৰ লগতে ৰোডশ্ব’তো অংশ লৈছিল।

এডভাণ্টেজ অসম ২.০ৰ প্ৰস্তুতিৰ সৈতে জড়িত সূত্ৰই প্ৰকাশ কৰিছে যে জাপান আৰু অন্যান্য এছিয়ান দেশৰ যথেষ্ট সংখ্যক উদ্যোগে এই সন্মিলনত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে। ২০২৫ চনৰ ২৫-২৬ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া এই অনুষ্ঠান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিব আৰু দেশৰ বিভিন্ন প্ৰান্তৰ শীৰ্ষ কেন্দ্ৰীয় মন্ত্ৰী আৰু ব্যৱসায়ী, নেতাসকলে অংশগ্ৰহণ কৰিব।

এডভাণ্টেজ অসম ২.০ শীৰ্ষ সন্মিলনৰ লক্ষ্য হৈছে উচ্চ বিকাশৰ বজাৰ আৰু দক্ষিণ আৰু দক্ষিণ-পূব এছিয়াৰ প্ৰৱেশদ্বাৰ হিচাপে ৰাজ্যখনৰ সম্ভাৱনা প্ৰদৰ্শন কৰা। কৌশলগত অৱস্থান, শক্তিশালী আন্তঃগাঁথনি, ব্যৱসায় সমৰ্থক নীতিৰ বাবে অসম ছেমিকণ্ডাক্টৰে- কৃষি, পৰ্যটন আৰু তথ্য-প্ৰযুক্তিৰ দৰে খণ্ডসমূহৰ মাজত যথেষ্ট বিনিয়োগকাৰীক আকৰ্ষণ কৰিবলৈ সাজু হৈছে।
ৰাষ্ট্ৰদূত অ’ন’ৰ এই ভ্ৰমণে জাপান আৰু অসমৰ মাজত সম্পৰ্ক শক্তিশালী কৰাৰ এক উল্লেখযোগ্য পদক্ষেপ হিচাপে ৰাজ্যখনৰ বিকাশশীল উদ্যোগসমূহত সহযোগিতা আৰু বিনিয়োগ বৃদ্ধিৰ পথ মুকলি কৰিব।

Posts Carousel

Leave a Comment

Your email address will not be published. Required fields are marked with *

Latest Posts

Top Authors

Most Commented

Featured Videos

error: Content is protected !!