যোৰহাট, ৪ ফেব্ৰুৱাৰীঃ অসম কৃষি বিশ্ববিদ্যালয়ৰ ৩৫সংখ্যক বাৰ্ষিক উদ্যানশস্য প্রদর্শনী আৰু প্ৰতিযোগিতাখন বিশ্ববিদ্যালয়ৰ যোৰহাটস্থ মূল চৌহদৰ উদ্যানশস্য কৃষি পামত আজি অনুষ্ঠিত হয়। যোৰহাটৰ লগতে ৰাজ্যৰ ৬ খন জিলা সামৰি অনুষ্ঠিত হোৱা উদ্যানশস্যৰ প্রদর্শনী আৰু প্ৰতিযোগিতাখন মুকলি কৰে অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ বিদ্যুৎ চন্দন ডেকাই। উদ্যান বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ড০ উৎপল কটকীয়ে আঁত ধৰা
যোৰহাট, ৪ ফেব্ৰুৱাৰীঃ অসম কৃষি বিশ্ববিদ্যালয়ৰ ৩৫সংখ্যক বাৰ্ষিক উদ্যানশস্য প্রদর্শনী আৰু প্ৰতিযোগিতাখন বিশ্ববিদ্যালয়ৰ যোৰহাটস্থ মূল চৌহদৰ উদ্যানশস্য কৃষি পামত আজি অনুষ্ঠিত হয়। যোৰহাটৰ লগতে ৰাজ্যৰ ৬ খন জিলা সামৰি অনুষ্ঠিত হোৱা উদ্যানশস্যৰ প্রদর্শনী আৰু প্ৰতিযোগিতাখন মুকলি কৰে অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ বিদ্যুৎ চন্দন ডেকাই। উদ্যান বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ড০ উৎপল কটকীয়ে আঁত ধৰা অনুষ্ঠানটোত বক্তব্যত উপাচাৰ্য ডেকাই অসম কৃষি বিশ্ববিদ্যালয়ে অসমত কৃষিক্ষেত্ৰৰ প্ৰসাৰৰ বাবে লোৱা পদক্ষেপ বিষয়ে উল্লেখ কৰে। বিশেষকৈ দুতৰপীয়া আৰু তিনিতৰপীয়া কৃষিকাৰ্যৰ লগতে অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰিকল্পনাৰ বিষয়ে প্ৰকাশ কৰে। এই প্ৰদর্শনীত ২৬ খন নাৰ্চাৰীৰ লগতে কৃষক, ছাত্ৰ-ছাত্রী, গৱেষক আৰু উদ্যানশস্য অনুৰাগীসকলে উৎপাদিত ফল-মূল, শাক-পাচলি, ফুল আৰু কাঠফুলাৰ পৰা আৰম্ভ কৰি বিভিন্ন উদ্যানশস্যভিত্তিক খাদ্য সামগ্ৰী প্ৰদৰ্শন কৰে। শুভাৰম্ভণি অনুষ্ঠানত অসম কৃষি বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক তপন কুমাৰ গোহাঁই, কৃষি বিজ্ঞান গুৰু ড০ প্ৰসন্ন কুমাৰ পাঠক, স্নাতকোত্তৰ শিক্ষা সঞ্চালক ড০ অনুপ কুমাৰ দাস, সম্প্ৰসাৰণ শিক্ষা সঞ্চালক ড০ মনোৰঞ্জন নেওগ, ছাত্ৰ কল্যাণ সঞ্চালক ড০ বিনয় কুমাৰ মেধি, সামূহিক বিজ্ঞান গুৰু ড০ মামণি দাসৰ লগতে বিশ্ববিদ্যালয়ৰ গৱেষক বিজ্ঞানীসকল, মুৰব্বী অধ্যাপকসকল, ছাত্ৰ- ছাত্ৰী আৰু বহুসংখ্যক কৃষকে অংশগ্ৰহণ কৰে।



















Leave a Comment
Your email address will not be published. Required fields are marked with *