নতুন দিল্লীত প্রধানমন্ত্রী, বিত্তমন্ত্রীকে ধৰি কেইবাগৰাকীও কেন্দ্রীয় মন্ত্ৰীক সাক্ষাৎ মুখ্যমন্ত্ৰীৰমুখ্যমন্ত্রী হিচাপে মোৰ আজিৰ সাক্ষাতে অসমক পূৰ্বতকৈও অধিক সমৃদ্ধ কৰিবঃ মুখ্যমন্ত্রী ৩ ফেব্ৰুৱাৰী, নতুন দিল্লীঃ কেন্দ্রীয় বাজেট-২০২৫ত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বাবে ইতিহাস সূচনা কৰি অসমৰ নামৰূপত ১২.৭ লাখ মেট্রিক টন উৎপাদন ক্ষমতাৰ ইউৰিয়া প্ৰকল্পৰ ঘোষণা কৰাৰ পাছত দেওবাৰে অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই দিল্লীত উপস্থিত
নতুন দিল্লীত প্রধানমন্ত্রী, বিত্তমন্ত্রীকে ধৰি কেইবাগৰাকীও কেন্দ্রীয় মন্ত্ৰীক সাক্ষাৎ মুখ্যমন্ত্ৰীৰ
মুখ্যমন্ত্রী হিচাপে মোৰ আজিৰ সাক্ষাতে অসমক পূৰ্বতকৈও অধিক সমৃদ্ধ কৰিবঃ মুখ্যমন্ত্রী
৩ ফেব্ৰুৱাৰী, নতুন দিল্লীঃ কেন্দ্রীয় বাজেট-২০২৫ত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বাবে ইতিহাস সূচনা কৰি অসমৰ নামৰূপত ১২.৭ লাখ মেট্রিক টন উৎপাদন ক্ষমতাৰ ইউৰিয়া প্ৰকল্পৰ ঘোষণা কৰাৰ পাছত দেওবাৰে অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই দিল্লীত উপস্থিত হয়। সাৰ উপলব্ধতাৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীলতা লাভ কৰাত সহায় কৰাৰ লগতে অসমৰ সম্পদ প্রাকৃতিক গেছৰ সমলৰো সদ্ব্যৱহাৰৰ ক্ষেত্ৰত এই ঘোষণাই যথেষ্ট সহায় কৰিব বুলি ইতিমধ্যে চর্চা লাভ কৰিছে। মুখ্যমন্ত্রীয়ে সোমবাৰে সমাগত ‘এডভাণ্টেজ আছাম ২.০’ক প্রাধান্য দি অসমৰ সামগ্রিক উন্নয়ন-বিকাশৰ লগত জড়িত বিভিন্ন বিষয় আলোচনা কৰাৰ অৰ্থে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ লগতে কেইবাগৰাকীও কেন্দ্রীয় মন্ত্রীক সাক্ষাৎ কৰে।
মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰি অসমবাসীৰ হৈ তেওঁ লৈ নামৰূপৰ ইউৰিয়া প্ৰকল্পৰ অনুমোদনৰ কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে। সামাজিক মাধ্যমযোগে মুখ্যমন্ত্রীয়ে ব্যক্ত কৰে এইবুলি — ‘এই প্রকল্পই ৰাজ্যৰ উন্নয়নমূলক যাত্ৰাত এক বৃহৎ ইতিবাচক পৰিৱৰ্তনৰ সূচনা কৰিব। আগন্তুক ‘এডভাণ্টেজ আছাম ২.০’ সন্মিলন আৰু বিশাল ঝুমইৰ প্ৰদৰ্শন সন্দৰ্ভত মাননীয় প্রধানমন্ত্রী ডাঙৰীয়াৰ পৰা মূল্যৱান নির্দেশনা লাভ কৰাৰো সৌভাগ্য হয়।’ মুখ্যমন্ত্রীয়ে এডভাণ্টেজ আছামৰ বাবে অসমলৈ তেখেতক স্বাগতম জনোৱাৰ ক্ষেত্ৰত অসমবাসীৰ আগ্ৰহ আৰু আনন্দও ভগাই লয়।

মুখ্যমন্ত্রীয়ে দিল্লীত সাক্ষাতৰ জৰিয়তে কেন্দ্ৰীয় বিত্তমন্ত্রী নির্মলা সীতাৰমনকো ‘ভাৰতৰ ইতিহাসৰ অন্যতম শ্রেষ্ঠ বাজেট উপস্থাপন’ৰ বাবে অভিনন্দন জ্ঞাপন কৰে। এই বাজেটে মধ্যবিত্ত আৰু ক্ষুদ্র ব্যৱসায়ক চৰকাৰৰ কাৰ্যসূচীৰ কেন্দ্ৰবিন্দুত ৰাখি অভিনৱত্ব প্রদান কৰিব বুলি উল্লেখ কৰে। লগতে তেওঁকো অসমৰ নতুন ইউৰিয়া প্রকল্প স্থাপনৰ ঘোষণাৰ বাবে ৰাজ্যবাসীৰ হৈ ধন্যবাদ জনায় আৰু আগন্তুক এডভাণ্টেজ আছামৰ সন্মিলনত মন্ত্ৰীগৰাকীয়ে অসমক বাধিত কৰি সামৰণিৰ অধিৱেশনখনত অধ্যক্ষতা কৰিবলৈ সন্মতি প্রদান কৰাৰ বাবে কৃতজ্ঞতা প্রকাশ কৰে।
কেন্দ্রীয় মন্ত্রী জ্যোতিৰাদিত্য সিন্ধিয়াৰ সৈতে সাক্ষাতো আছিল মুখ্যমন্ত্ৰীৰ সোমবাৰৰ দিনটোৰ অন্যতম সফল কার্যসূচী। ‘এডভাণ্টেজ আছাম ২.০’ৰ সময়ত কেন্দ্রীয় মন্ত্ৰীগৰাকীয়ে ‘বিকশিত অসমত আই-ৱেজ’ৰ ভূমিকা সম্পর্কে এক বৈঠকত অধ্যক্ষতা কৰিব বুলি জনায়। সাক্ষাতৰ পাছত মুখ্যমন্ত্রীয়ে কয় যে এই অধিবেশনে যোগাযোগ আৰু প্রযুক্তি উদ্যোগৰ মূল অংশীদাৰ আৰু শ্রেষ্ঠ মনক একত্রিত কৰি ৰাজ্যত ‘আই ৱেজ’ নিৰ্মাণৰ ক্ষেত্রত অসমক নির্দিষ্ট কৌশল প্রণয়ন কৰাত সহায় কৰিব।
কেন্দ্রীয় মন্ত্ৰীৰে মাৰাথন সাক্ষাতৰ সময়ত ড০ হিমন্ত বিশ্ব শর্মাই কেন্দ্রীয় মন্ত্রী হৰদীপ সিং পুৰীৰ সৈতে মিলিত হৈ অসমৰ শক্তি সম্ভাৱনা সম্পর্কে এক ফলপ্রসূ আলোচনাত মিলিত হয়। এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণত হাইড্ৰ’কাৰ্বন আৰু শক্তি সম্পর্কীয় আলোচনা সত্ৰত কেন্দ্রীয় মন্ত্ৰীগৰাকীয়ে নেতৃত্ব প্রদানৰ সন্মতি জনোৱাৰ বাবে মুখ্যমন্ত্ৰীয়ে কৃতজ্ঞতা জ্ঞাপন কৰে।
মুখ্যমন্ত্রী ড০ শৰ্মাৰ কেন্দ্ৰীয় মন্ত্রী পীযুষ গোৱেলৰ সৈতে হোৱা সাক্ষাতত এডভাণ্টেজ আছাম-২.০ৰ সন্মিলনত অসমক বিকাশৰ ইঞ্জিন হিচাপে গঢ়াৰ বিভিন্ন দিশ সম্বন্ধীয় আলোচনাত নেতৃত্ব প্রদানৰ কথা ব্যক্ত কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।

দেশৰ এগৰাকী শক্তিশালী নেতা তথা কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্রী নীতিন গাডকাৰীৰ সৈতেও এই ধাৰাবাহিক সাক্ষাতৰ অংশ হিচাপে মুখ্যমন্ত্রীয়ে এক আলোচনাত মিলিত হয়। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে মুখ্যমন্ত্রীয়ে অসমৰ পথ আন্তঃগাঁথনিকে ধৰি এডভাণ্টেজ আছাম আদি বিভিন্ন বিষয়ত আলোচনা কৰে। মুখ্যমন্ত্ৰীয়ে আজি কেন্দ্রীয় মন্ত্রী অশ্বিনী বৈষ্ণৱকো সাক্ষাৎ কৰে। এই সময়ত অসমৰ ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ ক্ষেত্ৰত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ অৱদানৰ বাবে ধন্যবাদ জনাই এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ বিভিন্ন দিশ সম্পর্কত বিশদভাৱে আলোচনা কৰে।
উল্লেখ্য যে, সোমবাৰে মুখ্যমন্ত্রী ড০ শর্মাই প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীকে ধৰি আন ছগৰাকী কেন্দ্ৰীয় মন্ত্ৰীক কৰা সাক্ষাতে নিশ্চিতকৈ অসমক এখন সমৃদ্ধিশালী ৰাজ্য হিচাপে গঢ়ি তোলাত অনন্য ভূমিকা গ্রহণ কৰিব বুলি মুখ্যমন্ত্রীয়ে ব্যক্ত কৰি কয় যে মুখ্যমন্ত্ৰী হিচাপে মোৰ আজিৰ সাক্ষাতে অসমক পূর্বতকৈও অধিক সমৃদ্ধ কৰিব।


















Leave a Comment
Your email address will not be published. Required fields are marked with *