728 x 90
Like Us On Facebook
Facebook Pagelike Widget
728 x 90

জন্মদিনত ৰাজ্যবাসীলৈ একাধিক প্রকল্প উছর্গা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

জন্মদিনত ৰাজ্যবাসীলৈ একাধিক প্রকল্প উছর্গা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

🔹অসমৰ স্বাস্থ্য খণ্ডত আজি সংযোজিত হ’ল এক নতুন অধ্যায়ঃ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা🔹ৰাজ্যৰ ১৪সংখ্যক আৰু গুৱাহাটীৰ দ্বিতীয়খন চৰকাৰী চিকিৎসা মহাবিদ্যালয়ৰ বহির্বিভাগ, ৰাজ্যৰ চিকিৎসা মহাবিদ্যালয়ৰ কৰ্মচাৰীৰ বাবে প’ৰ্টেল মুকলি, এক কোটি লোকৰ কৰ্কট ৰোগৰ পৰীক্ষাৰ লক্ষ্যৰে বৃহৎ পৰীক্ষণ কাৰ্যসূচীৰ শুভাৰম্ভণি মুখ্যমন্ত্ৰীৰ🔹কপিলী নৈৰ ওপৰত জাগী-ভকতগাঁৱৰ দলং মুকলি ১ ফেব্ৰুৱাৰী, গুৱাহাটীঃ জাগীৰোড ৰাজ্যৰ বিভিন্নজন ব্যক্তিৰ পৰা ওপজা

🔹অসমৰ স্বাস্থ্য খণ্ডত আজি সংযোজিত হ’ল এক নতুন অধ্যায়ঃ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা
🔹ৰাজ্যৰ ১৪সংখ্যক আৰু গুৱাহাটীৰ দ্বিতীয়খন চৰকাৰী চিকিৎসা মহাবিদ্যালয়ৰ বহির্বিভাগ, ৰাজ্যৰ চিকিৎসা মহাবিদ্যালয়ৰ কৰ্মচাৰীৰ বাবে প’ৰ্টেল মুকলি, এক কোটি লোকৰ কৰ্কট ৰোগৰ পৰীক্ষাৰ লক্ষ্যৰে বৃহৎ পৰীক্ষণ কাৰ্যসূচীৰ শুভাৰম্ভণি মুখ্যমন্ত্ৰীৰ
🔹কপিলী নৈৰ ওপৰত জাগী-ভকতগাঁৱৰ দলং মুকলি

১ ফেব্ৰুৱাৰী, গুৱাহাটীঃ জাগীৰোড ৰাজ্যৰ বিভিন্নজন ব্যক্তিৰ পৰা ওপজা দিনৰ ওলগ গ্ৰহণ কৰি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এই বিশেষ দিনটোত ৰাজ্যবাসীলৈ কেইবাটাও প্রকল্প উপহাৰ দিয়ে। শনিবাৰে পুৱা ৰাজ্যৰ ১৪সংখ্যক আৰু গুৱাহাটীৰ দ্বিতীয়খন চৰকাৰী চিকিৎসা মহাবিদ্যালয় প্রাগজ্যোতিষপুৰ চিকিৎসা মহাবিদ্যালয়ৰ বহির্বিভাগ সেৱাৰ আৰম্ভ কৰি মুখ্যমন্ত্রীয়ে প্রায় ৫০০ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা চিকিৎসা মহাবিদ্যালয়খনত ৫০৫খন বিছনাৰ সুবিধা থাকিব আৰু ই এক সম্পূর্ণ প্রযুক্তিচালিত স্বাস্থ্য প্রতিষ্ঠান হিচাপে বিবেচিত হ’ব বুলি ব্যক্ত কৰে।
মুখ্যমন্ত্ৰীয়ে স্বাস্থ্য খণ্ডৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ পদক্ষেপক সামৰি ৰাজ্যৰ চিকিৎসা মহাবিদ্যালয়ৰ সমূহ কৰ্মচাৰীৰ বাবে প্ৰস্তুত কৰা মানৱ সম্পদ ব্যৱস্থাপনাৰ প’ৰ্টেল (HRMS) এটা আভাসীভাবে উন্মোচন কৰে। ২.৫ কোটি টকা ব্যয়েৰে এই প্ৰকল্পটো প্ৰস্তুত কৰি তোলা হয়। উল্লেখ্য, ১০ হাজাৰৰো অধিক নিয়মীয়া কৰ্মচাৰীৰ তথ্য এই প’র্টেলটোত অন্তর্ভুক্ত কৰা হৈছে।
মুখ্যমন্ত্রীয়ে একে অনুষ্ঠানতে ৰাজ্যৰ এক কোটি লোকৰ কৰ্কট ৰোগৰ পৰীক্ষাৰ লক্ষ্যৰে বৃহৎ পৰীক্ষণ কাৰ্যসূচীৰ শুভাৰম্ভণি কৰে। ইণ্ডাছ টাৱাৰৰ সহযোগিতাৰে অসম চৰকাৰ আৰু আছাম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেচনৰ এই পদক্ষেপে বহু লোকৰ বাবে এক নিৰাপদ ভৱিষ্যৎ সুনিশ্চিত কৰিবলৈ সক্ষম হ’ব বুলি মুখ্যমন্ত্রীয়ে দৃঢ়তাৰে কয়। লগতে মুখ্যমন্ত্ৰীয়ে ৰোগীৰ কোনো অসুবিধা নোহোৱাকৈ যিকোনো সময়তে উপযুক্ত সেৱা আগবঢ়াবলৈ চিকিৎসকলক আহ্বান জনায়।
জাগীৰোড তথা মৰিগাঁওবাসীৰ দশকজেৰা সমস্যাৰ অৱসান ঘটাই মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই জাগীৰোড-মৰিগাঁৱৰ মূল পথত কপিলীৰ ওপৰত নিৰ্মাণ কৰা ২-লেনযুক্ত দলংখনৰ উদ্বোধন কৰে। ভাৰত চৰকাৰৰ পথ যোগাযোগ আৰু ঘাইপথ মন্ত্ৰ্যালয়ৰ ৮০.২৫ কোটি টকা অনুমোদিত পুঁজিৰে নিৰ্মাণ কৰা বাবে দলংখনে জনসাধাৰণক সকাহ প্রদানেৰে জাগীৰোড আৰু মৰিগাঁৱৰ মাজত পথ সংযোগ যথেষ্ট উন্নত কৰি তুলিব।
জাগীৰোডৰ উন্নয়নত এক মাত্রা সংযোজিত কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আছাম ইলেক্ট্রনিকছ এণ্ড ছেমিকণ্ডাক্টৰ লজিষ্টিক পাৰ্কৰ ক্ষেত্ৰ উন্নীতকৰণৰ কামৰো শুভাৰম্ভ কৰে। এই ঔদ্যোগিক পামত কেন্দ্রীয় বিদ্যালয়, চিকিৎসালয়, বহু তাৰকাযুক্ত হোটেলৰ উপৰি ৬০০বিঘাতকৈও অধিক ভূমি নতুন উদ্যোগ স্থাপনৰ বাবে উপলব্ধ হ’ব।
পৰৱৰ্তী সময়ত ৬০ শৰ্মাই শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত গুৱাহাটীৰ চাফাই কৰ্মীৰ শিশুসকলৰ সৈতে মত বিনিময় কৰে আৰু ইয়াৰ পাছতেই মুখ্যমন্ত্রী আত্মনিৰ্ভৰ অসম আঁচনিৰ পঞ্জীয়ন পৰ্টেল উন্মোচনৰ উদ্দেশ্যে আয়োজন কৰা এখন সংবাদমেলত অংশগ্ৰহণ কৰে।

Posts Carousel

Leave a Comment

Your email address will not be published. Required fields are marked with *

Latest Posts

Top Authors

Most Commented

Featured Videos

error: Content is protected !!