গুৱাহাটী, ২৭ জানুৱাৰীঃ অসমীয়া ভাষা-সাহিত্য, সংস্কৃতি আৰু সমাজসেৱাত উৎসৰ্গিত চৰকাৰী পঞ্জীয়নভুক্ত স্বেচ্ছাসেৱী অনুষ্ঠান ‘স্পন্দন… শব্দৰ পৰা হৃদয়লৈ’ৰ উদ্যোগত আৰু ‘সুৰৰ দেউল’ৰ সহযোগত ২৬ জানুৱাৰী দেওবাৰে উজান বজাৰৰ বিবেকানন্দ কেন্দ্ৰৰ প্ৰেক্ষাগৃহত ‘১০০ সংখ্যক গল্পকথাৰ দিনবোৰ সুঁৱৰি’ শীৰ্ষক এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। বিশিষ্ট কবি, লেখক অতনু ভট্টাচাৰ্য আৰু বিশিষ্ট শাস্ত্ৰীয় সংগীত শিল্পী মিতালি দে’ৰ গল্প
গুৱাহাটী, ২৭ জানুৱাৰীঃ অসমীয়া ভাষা-সাহিত্য, সংস্কৃতি আৰু সমাজসেৱাত উৎসৰ্গিত চৰকাৰী পঞ্জীয়নভুক্ত স্বেচ্ছাসেৱী অনুষ্ঠান ‘স্পন্দন… শব্দৰ পৰা হৃদয়লৈ’ৰ উদ্যোগত আৰু ‘সুৰৰ দেউল’ৰ সহযোগত ২৬ জানুৱাৰী দেওবাৰে উজান বজাৰৰ বিবেকানন্দ কেন্দ্ৰৰ প্ৰেক্ষাগৃহত ‘১০০ সংখ্যক গল্পকথাৰ দিনবোৰ সুঁৱৰি’ শীৰ্ষক এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। বিশিষ্ট কবি, লেখক অতনু ভট্টাচাৰ্য আৰু বিশিষ্ট শাস্ত্ৰীয় সংগীত শিল্পী মিতালি দে’ৰ গল্প আৰু সংগীতৰ যুগলবন্দীৰ অনুষ্ঠান ‘গল্পকথা’ৰ ১০০ টা মঞ্চানুষ্ঠান সম্পূৰ্ণ হোৱা উপলক্ষে এই বিশেষ গল্পকথাৰ অনুষ্ঠান আয়োজন কৰা হয়। বিবেকানন্দ কেন্দ্ৰৰ পৰম্পৰা অনুসৰি মিনতি বৰ্মনৰ শান্তিপাঠেৰে অনুষ্ঠান আৰম্ভ হয়। ‘কটন কলেজ’ৰ স্ৰষ্টা বিশিষ্ট সাহিত্যিক, প্ৰকাশক নবীন বৰুৱাই বন্তি প্ৰজ্বলন কৰি উদ্বোধন কৰা অনুষ্ঠানত সহকাৰী সম্পাদক হিমাংশু ভাগৱতীয়ে আদৰণি ভাষণ প্ৰদান কৰি স্পন্দনৰ এই আয়োজনৰ বিষয়ে সবিশেষ অৱগত কৰে। শিল্পীদ্বয়ে ‘গল্পকথা’ পৰিৱেশন কৰাৰ মাজে মাজে বিশিষ্ট লেখক আলোচক, লেখক ড০ বিভাস চৌধুৰী, অনুবাদক ড০ ভূষণ চন্দ্ৰ পাঠক, গল্পকাৰ নীলোৎপল বৰুৱা, ড০ নমিতা বৈশ্য, ডাঃ নয়নজ্যোতি শৰ্মাই নিজৰ প্ৰিয় গল্পৰ বিষয়ে কয়। ঔপন্যাসিক লীনা শৰ্মাই ‘গল্পকথা’লৈ শুভেচ্ছামূলক ভাষণ দিয়ে। ‘স্পন্দন… শব্দৰ পৰা হৃদয়লৈ’ৰ সভাপতি ময়ূৰী দত্তই আঁত ধৰা অনুষ্ঠানটিত অৰ্ণৱ শইকীয়া আৰু কল্যাণ কলিতাই ‘গল্পকথা’ সম্পৰ্কত নিজৰ অনুভৱ ব্যক্ত কৰে। উল্লেখ্য যে কালি ‘গল্পকথা’ৰ ১০২ সংখ্যক মঞ্চানুষ্ঠান আছিল। ‘স্পন্দন… শব্দৰ পৰা হৃদয়লৈ’ৰ পৰা দুয়োগৰাকী শিল্পীকে অংগবস্ত্ৰ আৰু অভিনন্দন পত্ৰৰে সম্বৰ্ধনা জনোৱা হয়। দুই শতাধিক দৰ্শক-শ্ৰোতাৰ উপস্থিতয়ে অন্যান্য মাত্ৰা প্ৰদান কৰা অনুষ্ঠানৰটোৰ শেষত শলাগৰ শৰাই আগবঢ়ায় ‘স্পন্দন… শব্দৰ পৰা হৃদয়লৈ’ৰ সম্পাদক দেৱব্ৰত বৰাই।


















Leave a Comment
Your email address will not be published. Required fields are marked with *