728 x 90
Like Us On Facebook
Facebook Pagelike Widget
728 x 90

গুৱাহাটী বিশ্ববিদ্যালয় আৰু NIELIT ৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰ অনুষ্ঠানত মন্ত্ৰী পীযুষ হাজৰীকা

গুৱাহাটী বিশ্ববিদ্যালয় আৰু NIELIT ৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰ অনুষ্ঠানত মন্ত্ৰী পীযুষ হাজৰীকা

ৰাজ্যৰ কাৰীকৰি আৰু প্ৰযুক্তিবিদ্যাৰ শিক্ষাৰ ক্ষেত্ৰত বিশেষ ভূমিকা ল’ব NIELIT-এগুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদ ভ্ৰমণ কৰি কৃত্ৰিম বানৰ মোকাবিলা কৰিবলৈ দীৰ্ঘম্যাদী আঁচনিৰ বাবে বিশেষ অধ্যয়ন কৰি ব্যৱস্থা ল’বলৈ জলসম্পদ বিভাগক নিৰ্দেশনা মন্ত্ৰী হাজৰীকাৰ দিছপুৰ, ২৪ জানুৱাৰীঃ ৰাজ্যৰ জলসম্পদ, তথ্য আৰু জনসংযোগ ইত্যাদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই আজি গুৱাহাটী বিশ্ববিদ্যালয় চৌহদত উপস্থিত হৈ বিশ্ববিদ্যালয়খন আৰু নেচনেল ইনষ্টিটিউট অৱ

ৰাজ্যৰ কাৰীকৰি আৰু প্ৰযুক্তিবিদ্যাৰ শিক্ষাৰ ক্ষেত্ৰত বিশেষ ভূমিকা ল’ব NIELIT-এ
গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদ ভ্ৰমণ কৰি কৃত্ৰিম বানৰ মোকাবিলা কৰিবলৈ দীৰ্ঘম্যাদী আঁচনিৰ বাবে বিশেষ অধ্যয়ন কৰি ব্যৱস্থা ল’বলৈ জলসম্পদ বিভাগক নিৰ্দেশনা মন্ত্ৰী হাজৰীকাৰ

দিছপুৰ, ২৪ জানুৱাৰীঃ ৰাজ্যৰ জলসম্পদ, তথ্য আৰু জনসংযোগ ইত্যাদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই আজি গুৱাহাটী বিশ্ববিদ্যালয় চৌহদত উপস্থিত হৈ বিশ্ববিদ্যালয়খন আৰু নেচনেল ইনষ্টিটিউট অৱ ইলেকট্ৰনিক্স এণ্ড ইনফৰমেচন টেকন’লজী (NIELIT) ৰ মাজত হোৱা বুজাবুজিৰ চুক্তি স্বাক্ষৰ অনুষ্ঠানত উপস্থিত থকাৰ লগতে বিশ্ববিদ্যালয় চৌহদত কৃত্ৰিম বানপানী নিয়ন্ত্ৰণৰ বাবে প্ৰয়োজন হোৱা ব্যৱস্থাসমূহৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে প্ৰথমতে বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য অধ্যাপক ননীগোপাল মহন্তৰ কাৰ্যালয়ৰ সভাকক্ষত বিশ্ববিদ্যালয়খনৰ পঞ্জীয়ক আৰু নেচনেল ইনষ্টিটিউট অৱ ইলেকট্ৰনিক্স এণ্ড ইনফৰমেচন টেকন’লজীৰ সঞ্চালকৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হোৱা অনুষ্ঠানত উপস্থিত থাকে। উল্লেখ্য যে নেচনেল ইনষ্টিটিউট অৱ ইলেকট্ৰনিক্স এণ্ড ইনফৰমেচন টেকন’লজী (NIELIT) ৰ এটা চৌহদ ইতিমধ্যে জাগীৰোদত স্থাপন হোৱাৰ বাবে ৰাজ্য চৰকাৰৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হৈ গৈছে। আনহাতে, আজি স্বাক্ষৰিত হোৱা চুক্তি অনুসৰি NIELIT য়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক আধুনিক প্ৰযুক্তিবিদ্যাৰ বিভিন্ন পাঠ্যক্ৰমৰ শিক্ষা গ্ৰহণৰ সুযোগ প্ৰদান কৰিব। আজিৰ অনুষ্ঠানত উপস্থিত থাকি অত্যন্ত সুখী হোৱা বুলি মন্তব্য কৰি মন্ত্ৰী পীযুষ হাজৰীকাই কয় যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদত আৰু NIELITৰ জাগীৰোদত হ’ব লগা চৌহদত অনুষ্ঠানটোৰ পৰা শিক্ষা গ্ৰহণ কৰাৰ পাছতে শিক্ষাৰ্থীসকলে জাগীৰোডত নিৰ্মাণ হৈ থকা টাটাৰ চেমিকণ্ডাক্টৰৰ দৰে প্ৰকল্পত নিযুক্তি লাভ কৰিবলৈ সক্ষম হ’ব। প্ৰযুক্তি আৰু কাৰীকৰি শিক্ষাৰ ক্ৰমবৰ্দ্ধমান গুৰুত্বৰ বিষয়ে উল্লেখ কৰি মন্ত্ৰী হাজৰীকাই আজিৰ অনুষ্ঠানত উপস্থিত থকা বিশ্ববিদ্যালয়ৰ অধ্যাপকসকলক উত্তৰ প্ৰজন্মৰ শিক্ষাৰ্থীসকলক কাৰীকৰি শিক্ষাৰ প্ৰতি আগ্ৰহী কৰি তুলিবলৈ আহ্বান জনায়।
আনহাতে, আজি বিশ্ববিদ্যালয়খনৰ চৌহদৰ কৃত্ৰিম বান সমস্যাৰ বিষয়ে বুজ লৈ মন্ত্ৰী হাজৰীকাই ৰাজ্য চৰকাৰৰ জলসম্পদ বিভাগৰ মুখ্য অভিযন্তা আৰু আন সংশ্লিষ্ট অভিযন্তাসকলক জৰুৰীকালীনভাৱে বিভাগে বান নিয়ন্ত্ৰণৰ বাবে কৰি থকা কামসমূহ ক্ষীপ্ৰতৰ কৰি তুলিবলৈ নিৰ্দেশ দিয়ে। আনহাতে, এই কামসমূহৰ উপৰি বিশ্ববিদ্যালয় চৌহদৰ কৃত্ৰিম বানৰ স্থায়ী আৰু দীৰ্ঘম্যাদী সমাধানৰ বাট উলিয়াবলৈ অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ বিশেষজ্ঞৰ সহায়ত এটা বিশেষ অধ্যয়ন কৰাৰ ব্যৱস্থা ল’বলৈও মন্ত্ৰীগৰাকীয়ে বিভাগীয় মুখ্য অভিযন্তাক নিৰ্দেশ দিয়ে। জলসম্পদ মন্ত্ৰীগৰাকীয়ে পাছত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, পঞ্জীয়ক আৰু জলসম্পদ বিভাগৰ মুখ্য অভিযন্তাৰ সৈতে চৌহদৰ পৰা কৃত্ৰিম বান উলিয়াই নিবলৈ বিভাগৰ তৰফৰ পৰা চলাই থকা কামসমূহ পৰিদৰ্শন কৰে। বিশ্ববিদ্যালয় চৌহদত থকা প্ৰাকৃতিক জলাশয়বোৰ উন্নত কৰি কিছু পৰিমাণে অতিৰিক্ত পানী জমা কৰাৰ বিষয়েও আজিৰ পৰিদৰ্শনকালত সকলোৱে গুৰুত্ব প্ৰদান কৰে।

Posts Carousel

Leave a Comment

Your email address will not be published. Required fields are marked with *

Latest Posts

Top Authors

Most Commented

Featured Videos

error: Content is protected !!