অসমক আগশাৰীৰ বিনিয়োগৰ গন্তব্যস্থানলৈ ৰূপান্তৰিত কৰাৰ ওপৰত গুৰুত্ব মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ‘এডভাণ্টেজ আছাম ২.০ শীৰ্ষ সন্মিলনৰ লক্ষ্য অসমক প্ৰধান বিনিয়োগ আৰু উদ্যোগিক কেন্দ্ৰ হিচাপে গঢ়ি তোলা’ অহা ২৫-২৬ ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া এডভাণ্টেজ আছাম ২.০: বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন ২০২৫ৰ পূৰ্বে অসমৰ অপৰিসীম বিনিয়োগৰ সম্ভাৱনা প্ৰদৰ্শনৰ বাবে আজি আহমেদাবাদৰ হোটেল ন’ভ’টেলত অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী তথা
অসমক আগশাৰীৰ বিনিয়োগৰ গন্তব্যস্থানলৈ ৰূপান্তৰিত কৰাৰ ওপৰত গুৰুত্ব মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ
‘এডভাণ্টেজ আছাম ২.০ শীৰ্ষ সন্মিলনৰ লক্ষ্য অসমক প্ৰধান বিনিয়োগ আৰু উদ্যোগিক কেন্দ্ৰ হিচাপে গঢ়ি তোলা’
অহা ২৫-২৬ ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া এডভাণ্টেজ আছাম ২.০: বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন ২০২৫ৰ পূৰ্বে অসমৰ অপৰিসীম বিনিয়োগৰ সম্ভাৱনা প্ৰদৰ্শনৰ বাবে আজি আহমেদাবাদৰ হোটেল ন’ভ’টেলত অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী তথা গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই এক হাই-প্ৰফাইল বিনিয়োগকাৰীৰ ৰোড-শ্ব’ৰ নেতৃত্ব দিয়ে।
২৩০ গৰাকীতকৈ অধিক বিনিয়োগকাৰী, উদ্যোগী, উদ্যোগৰ নেতাক সম্বোধন কৰি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ গতিশীল নেতৃত্বত অসমক আগশাৰীৰ বিনিয়োগৰ গন্তব্যস্থানলৈ ৰূপান্তৰিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ দক্ষিণ-পূব এছিয়াৰ ভাৰতৰ দুৱাৰমুখ হিচাপে অসমৰ কৌশলগত অৱস্থান, পথ, ৰে’লৱে আৰু বিমান সংযোগক সামৰি লোৱা শক্তিশালী আন্তঃগাঁথনি আৰু তেল, প্ৰাকৃতিক গেছ, চাহ, কৃষি, আৰু সেউজ শক্তিৰ দৰে মূল খণ্ডত ইয়াৰ শক্তিৰ ওপৰত আলোকপাত কৰে।
মন্ত্ৰীগৰাকীয়ে ৰাজ্যখনত সহজে ব্যৱসায় কৰাৰ সুবিধাৰ বাবে ৰচনা কৰা কাষ্টমাইজড প্ৰৰোচনা আৰু ব্যৱসায়-বন্ধুত্বপূৰ্ণ নীতিকে ধৰি চৰকাৰী পদক্ষেপসমূহৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। তেওঁ অসমৰ চহকী জৈৱ বৈচিত্ৰ্য, সাংস্কৃতিক ঐতিহ্য আৰু বহনক্ষম পৰ্যটন পদক্ষেপৰ দ্বাৰা ইন্ধন যোগোৱা অসমৰ সমৃদ্ধিশালী পৰ্যটন খণ্ডৰ কথা উল্লেখ কৰে। টাটা অৰ্ধপৰিবাহী পদক্ষেপৰ দৰে প্ৰকল্পই অসমৰ ক্ৰমবৰ্ধমান ঔদ্যোগিক সম্ভাৱনাক আৰু অধিক স্পষ্ট কৰি তোলে।
মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ভাষণত কয় যে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অসমৰ মুখ্যমন্ত্ৰীৰ দৃষ্টিভংগীৰে পৰিচালিত এডভাণ্টেজ আছাম ২.০ শীৰ্ষ সন্মিলনৰ লক্ষ্য হৈছে অসমক প্ৰধান বিনিয়োগ আৰু উদ্যোগিক কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠিত কৰা। উদ্যোমিতাৰ প্ৰতীক আহমেদাবাদৰ এই ৰোড শ্ব’ অৰ্থপূৰ্ণ অংশীদাৰিত্ব গঢ়ি তোলাৰ এক কৌশলগত পদক্ষেপ বুলি মন্ত্ৰীগৰাকীয়ে ভাষণত উল্লেখ কৰে।
এই ৰোড শ্ব’ত ২৩০ গৰাকীতকৈ অধিক আগশাৰীৰ বিনিয়োগকাৰী আৰু উদ্যোগ বিশেষজ্ঞৰ উৎসাহী অংশগ্ৰহণে অসমৰ ব্যৱসায়িক পৰিৱেশ তন্ত্ৰৰ ওপৰত আস্থা পুনৰ দৃঢ় কৰি তুলিছে। আগন্তুক এডভাণ্টেজ আছাম ২.০ শীৰ্ষ সন্মিলন ২০২৫-এ ঔদ্যোগিক আৰু বাণিজ্যিক সম্পৰ্ক শক্তিশালী কৰা তথা অসমৰ বিকাশৰ কাহিনীক আৰু অধিক আগুৱাই নিয়াৰ বাবে বিশ্বব্যাপী বিনিয়োগকাৰীক আকৰ্ষিত কৰাৰ প্ৰতিশ্ৰুতি বহন কৰে।
অনুষ্ঠানত FICCI (গুজৰাট পৰিষদ )ৰ অধ্যক্ষ ৰাজীৱ গান্ধী, অসমৰ জ্যেষ্ঠ বিষয়া জ্ঞানেন্দ্ৰ ত্ৰিপাঠী, ড০ এছ লক্ষ্মনন, বীৰেন্দ্ৰ মিট্টালকে ধৰি আন কেবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।


















Leave a Comment
Your email address will not be published. Required fields are marked with *