বিশ্বৰ বুকুত অসমক অর্থনৈতিক কেন্দ্র হিচাপে গঢ়ি তুলিবলৈ অসম চৰকাৰে নিৰৱচ্ছিন্নভাৱে পদক্ষেপ গ্রহণ কৰি যাবঃ মুখ্যমন্ত্রীজাপানত মুখ্যমন্ত্রীক ‘আপোনাক আদৰণি জনাইছোঁ’ বুলি অসমীয়া ভাষাত স্বাগতম টকিঅ’/গুৱাহাটী, ২৪ জানুৱাৰীঃ শেহতীয়াকৈ দক্ষিণ কোৰিয়া ভ্রমণ সামৰি ২১ জানুৱাৰীৰ নিশা জাপানত উপস্থিত হোৱা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই বুধবাৰৰ পৰা শুকুৰবাৰলৈ জাপানত অসমৰ উন্নয়নী স্বার্থ সম্পর্কিত বিভিন্ন সাক্ষাতত মিলিত হয়।
বিশ্বৰ বুকুত অসমক অর্থনৈতিক কেন্দ্র হিচাপে গঢ়ি তুলিবলৈ অসম চৰকাৰে নিৰৱচ্ছিন্নভাৱে পদক্ষেপ গ্রহণ কৰি যাবঃ মুখ্যমন্ত্রী
জাপানত মুখ্যমন্ত্রীক ‘আপোনাক আদৰণি জনাইছোঁ’ বুলি অসমীয়া ভাষাত স্বাগতম
টকিঅ’/গুৱাহাটী, ২৪ জানুৱাৰীঃ শেহতীয়াকৈ দক্ষিণ কোৰিয়া ভ্রমণ সামৰি ২১ জানুৱাৰীৰ নিশা জাপানত উপস্থিত হোৱা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই বুধবাৰৰ পৰা শুকুৰবাৰলৈ জাপানত অসমৰ উন্নয়নী স্বার্থ সম্পর্কিত বিভিন্ন সাক্ষাতত মিলিত হয়। এই সময়ছোৱাত মুখ্যমন্ত্রীয়ে জাপানৰ মন্ত্রী, বহুজাতিক কোম্পানীৰ স্বত্ত্বাধিকাৰী, বিষয়া তথা সংবাদ মাধ্যমক সম্বোধন কৰে। মুখ্যতঃ অহা ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত অসমত বিশাল পৰিসৰত আয়োজন কৰা ‘এডভাণ্টেজ আছাম-২.০’ৰ বাবেই মুখ্যমন্ত্ৰীৰ এই ভ্রমণ। যথার্থতে মুখ্যমন্ত্ৰীৰ এই ভ্রমণে অসমক এক বিশেষ মান্যতা প্রদান কৰিব বুলি বিভিন্ন সূত্রত চর্চিত হৈছে।
জাপান ভ্রমণসূচীত শুকুৰবাৰে পুৱা টকিঅ’ ইলেক্ট্রনৰ কাৰ্যবাহী উপাধ্যক্ষ তাকেছি অকুব’ৰ সৈতে মুখ্যমন্ত্রীয়ে সাক্ষাতত মিলিত হৈ তেওঁলোকক অসমৰ সৈতে অংশীদাৰিত্ব কৰিবলৈ আমন্ত্রণ জনায়। মুখ্যমন্ত্ৰীয়ে জাগীৰোডৰ আগন্তুক ইলেক্ট্রনিক চিটীত ছেমিকণ্ডাক্টৰ পৰিৱেশ তন্ত্ৰৰ এক কেন্দ্রবিন্দু হিচাপে গঢ়ি তুলিবলৈ চৰকাৰৰ যি প্রচেষ্টা সেয়া এই সাক্ষাতে বহুখিনি গতি প্রদান কৰিব বুলি উল্লেখ কৰে। পৰৱৰ্তী সময়ত মুখ্যমন্ত্রীয়ে য়ক’গাৱাৰ উপাধ্যক্ষ য়োছিয়াকি আছাকুৰাৰ সৈতে সাক্ষাতত মিলিত হয়। মুখ্যমন্ত্রীয়ে কয় যে আগশাৰীৰ জাপানী বৈদ্যুতিক অভিযান্ত্রিক প্রতিষ্ঠানটিয়ে নুমলীগড় শোধনাগাৰ লিমিটেড আৰু ভাৰতীয় তৈল নিগম লিমিটেডৰ সৈতে সহযোগিতামূলকভাৱে অসমত কাম কৰি আছে। অসমত তেওঁলোকৰ বৰ্তমানৰ ভিত্তি সম্প্ৰসাৰিত কৰা আৰু অন্যান্য সুযোগ অন্বেষণ কৰাৰ বিষয়ে আলোচনা কৰা হয়। অসমৰ ক্রমবর্ধমান বৈদ্যুতিক আৰু শক্তি খণ্ডক সমর্থন কৰিবলৈও তেওঁলোকক অনুৰোধ জনোৱা হয়। মুখ্যমন্ত্রীয়ে জাপানৰ বৈদেশিক পৰিক্ৰমা দপ্তৰৰ উপ-মন্ত্রী আকিকো ইকুইনাকো সাক্ষাত কৰে। মুখ্যমন্ত্রীক ‘আপোনাক আদৰণি জনাইছোঁ’ বুলি অসমীয়া ভাষাত স্বাগতম জনোৱাটো আছিল উল্লেখনীয় দিশ। বৈঠকত জাপান চৰকাৰৰ ভাৰত আৰু বিশেষকৈ অসমৰ যুৱ আৰু দক্ষ কর্মশক্তিক জাপানত সুযোগ প্রদান কৰাৰ বিষয়ে বিতংভাৱে অৱগত কৰে। মিঝুহো ছিকিউৰিটিজ ইণ্ডিয়াৰ মুখ্য কাৰ্যবাহী বিষয়া তাকাও হোছোয়াৰ সৈতে মুখ্যমন্ত্ৰীৰ সাক্ষাত আছিল গুৰুত্বপূৰ্ণ দিশ। মুখ্যমন্ত্ৰীয়ে অসমৰ কোম্পানীলৈ ক্রেডিট-লিংকেজ সম্প্ৰসাৰিত কৰা আৰু জাপানী কোম্পানীৰ অসমত বিনিয়োগৰ ধাৰাবাহিকতা নিশ্চিত কৰাৰ সন্দৰ্ভত আলোচনা কৰে। লগতে তেওঁলোকক ৰাজ্যৰ বাবে পৰিকল্পনা চূড়ান্ত কৰিবলৈ এডভাণ্টেজ আছাম ২.০ত অসমৰ সৈতে যোগদান কৰিবলৈ আমন্ত্রণ জনায়। টকিঅ’ত টয়’টা মটৰ কৰ্পৰেচনৰ টেকতোছী হামানো আৰু তেওঁৰ দলৰ সৈতে বৈঠকত মিলিত হৈ টয়’টাই অসম অভিযান্ত্রিক প্রতিষ্ঠান আৰু নলবাৰীৰ চৰকাৰী আই টি আইত আগবঢ়াই থকা বিদ্যমান দক্ষতা কার্যসূচীবোৰ আন প্রতিষ্ঠানসমূহলৈ সম্প্ৰসাৰিত কৰিবলৈ আহ্বান জনায়। জাপানৰ বিনিয়োগ অসমলৈ আকর্ষণ কৰাৰ প্ৰয়াসত অধিক গতি প্ৰদানৰ বাবে জাপান ইণ্টাৰনেচনেল ক’পাৰেচন এজেন্সী (চমুকৈ জাইকা)ৰ জ্যেষ্ঠ উপাধ্যক্ষ হাৰা ছোহেইৰ সৈতে এক ফলপ্রসূ আলোচনাত মিলিত হয়। পৰৱৰ্তী সময়ত জাপানৰ একাধিক বিশ্ববিদ্যালয়ৰ বিষয়াৰ সৈতে বার্তালাপত মিলিত হোৱা মুখ্যমন্ত্রীয়ে জাপানৰ অগ্রণী সংবাদ প্রতিষ্ঠানৰ সৈতে সাক্ষাৎকাৰ অনুষ্ঠানত অংশগ্ৰহণ কৰে। পাছত জাপানৰ ভাৰতীয় ৰাষ্ট্ৰদূতে আয়োজন কৰা নৈশ আহাৰত ইয়ামানাছি প্রিফেকচাৰৰ গৱৰ্নৰ মিষ্টাৰ কোটাৰো নাগাছাকিৰ সৈতে ভাগ লয়। উল্লেখ্য যে, মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ শুকুৰবাৰে জাপান ভ্ৰমণৰ সামৰণি পৰে। মুখ্যমন্ত্ৰীয়ে ব্যক্ত কৰে যে এই ভ্রমণে অসমক নিশ্চিতভাৱে সমৃদ্ধ কৰিব। বিশ্বৰ বুকুত অসমক অর্থনৈতিক কেন্দ্র হিচাপে গঢ়ি তুলিবলৈ অসম চৰকাৰে এনেধৰণ বিভিন্ন পদক্ষেপ সময়ে সময়ে গ্রহণ কৰিব।
মুখ্যমন্ত্রীয়ে ব্যক্ত কৰে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জাপানৰ সৈতে সম্পর্ক বৃদ্ধিৰ দিশটোত গুৰুত্ব প্রদান কৰাটোৱে অসমক যথেষ্ট উপকৃত কৰিছে। উল্লেখ্য যে প্ৰথমবাৰৰ বাবে অসমৰ এটা প্রতিনিধি দলে জাপানৰ চৰকাৰ আৰু ব্যৱসায়িক নেতাৰ এনে এক অভূতপূর্ব প্রৱেশ নিশ্চিত কৰিছে। মুখ্যমন্ত্রীয়ে জাপান চৰকাৰৰ ১৬০ জনতকৈ অধিক ব্যৱসায়িক নেতা আৰু ৫গৰাকীৰো অধিক মন্ত্রীক সাক্ষাৎ কৰে। উক্ত আলোচনাত অসমৰ বিষয়ে গুৰুত্বপূর্ণ বিষয়ে স্থান লাভ কৰে। মুখ্যমন্ত্ৰীৰ এই ভ্রমণ ভাৰতীয় কূটনীতিত উত্তৰ-পূৰ্বাঞ্চলৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ প্ৰতিফলন বুলি ধাৰণা কৰা হৈছে।


















Leave a Comment
Your email address will not be published. Required fields are marked with *