728 x 90
Like Us On Facebook
Facebook Pagelike Widget
728 x 90

বৰনগৰ প্ৰেছ ক্লাবৰ উদ্যোগত দ্বিতীয় বাৰ্ষিক সৰভোগ গ্ৰন্থমেলাৰ আয়োজন

বৰনগৰ প্ৰেছ ক্লাবৰ উদ্যোগত দ্বিতীয় বাৰ্ষিক সৰভোগ গ্ৰন্থমেলাৰ আয়োজন

সৰভোগ, ২২ জানুৱাৰীঃ সুস্থ সমাজ গঠন আৰু বৌদ্ধিক বিকাশৰ ক্ষেত্ৰত গ্ৰন্থৰ ভূমিকা অপৰিসীম। সেয়েহে মানুহৰ মাজত অধ্যয়নৰ অভ্যাস অক্ষুণ্ণ ৰাখিবলৈ বৰপেটা জিলাৰ সৰভোগৰ বৰনগৰ প্ৰেছ ক্লাবৰ উদ্যোগত দ্বিতীয়বাৰৰ বাবে গান্ধী ময়দানত ২৩ জানুৱাৰীৰ পৰা ২৮ জানুৱাৰীলৈ ৬ দিনীয়া এক গ্ৰন্থমেলাৰ আয়োজন কৰিছে৷ ২৩ জানুৱাৰী পুৱা ৯ বাজি ৩০ মিনিটত বৰনগৰ প্ৰেছ ক্লাবৰ সভাপতি প্ৰবীণ কুমাৰ

সৰভোগ, ২২ জানুৱাৰীঃ সুস্থ সমাজ গঠন আৰু বৌদ্ধিক বিকাশৰ ক্ষেত্ৰত গ্ৰন্থৰ ভূমিকা অপৰিসীম। সেয়েহে মানুহৰ মাজত অধ্যয়নৰ অভ্যাস অক্ষুণ্ণ ৰাখিবলৈ বৰপেটা জিলাৰ সৰভোগৰ বৰনগৰ প্ৰেছ ক্লাবৰ উদ্যোগত দ্বিতীয়বাৰৰ বাবে গান্ধী ময়দানত ২৩ জানুৱাৰীৰ পৰা ২৮ জানুৱাৰীলৈ ৬ দিনীয়া এক গ্ৰন্থমেলাৰ আয়োজন কৰিছে৷ ২৩ জানুৱাৰী পুৱা ৯ বাজি ৩০ মিনিটত বৰনগৰ প্ৰেছ ক্লাবৰ সভাপতি প্ৰবীণ কুমাৰ ৰয়ে প্ৰেছ ক্লাবৰ পতাকা উত্তোলন কৰিব। ১০ বজাত গ্ৰন্থমেলা পৰিচালনা সমিতিৰ উপ-সভাপতি ধ্ৰুৱজ্যোতি দাসে গ্ৰন্থমেলাৰ পতাকা উত্তোলন কৰিব। ১০ বাজি ১৫ মিনিটত স্মৃতি তৰ্পণ- এই স্মৃতি তৰ্পণ কাৰ্যসূচীৰ তৰ্পক গ্ৰন্থমেলা পৰিচালনা সমিতিৰ কাৰ্যকৰী সভাপতি অপূৰ্ব অধিকাৰী আৰু গ্ৰন্থমেলা পৰিচালনা সমিতিৰ সম্পাদক সঞ্জয় কুমাৰ দাস। ১০ বাজি ৩০ মিনিটত অসম চৰকাৰৰ শিল্পী পেঞ্চনাৰ তথা বৰনগৰ প্ৰেছ ক্লাবৰ উপদেষ্টা ভৱানন্দ পাঠকে বন্তি প্ৰজ্বলন কৰিব। ১১ বজাত ভট্টদেৱ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপিকা ড০ বিনীতা বৰা দেৱ চৌধুৰীয়ে গ্ৰন্থমেলাৰ দ্বাৰ উদঘাটন কৰিব। দুপৰীয়া ১২ বজাত চিত্ৰাংকন প্ৰতিযোগিতা(ক শাখা) অনুষ্ঠিত হ’ব। বিয়লি ৫ বাজি ৩০ মিনিটত বৰনগৰ সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষ ৰুদ্ৰকান্ত দাসে ড০ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন কৰিব। ইয়াৰ পিছত সৈনিক শিল্পী ব্ৰজনাথ শৰ্মাৰ আৱক্ষ মূৰ্তিত বন্তি প্ৰজ্বলন কৰিব সৰভোগৰ বৰনগৰ জুৰোৰাম পাঠক উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ সতীশ চন্দ্ৰ দাসে। সন্ধিয়া ৬ বজাত গ্ৰন্থমেলাৰ মঞ্চ উদ্বোধন কৰিব বৰনগৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া নিৰ্মলজ্যোতি শৰ্মাই। ৬ বাজি ৩০ মিনিটত নৃত্যানুষ্ঠান পৰিৱেশন কৰিব কলিতাপাৰাৰ কোচ ৰাজবংশী লোক-সংস্কৃতি সমিতিয়ে।

Posts Carousel

Leave a Comment

Your email address will not be published. Required fields are marked with *

Latest Posts

Top Authors

Most Commented

Featured Videos

error: Content is protected !!