728 x 90
Like Us On Facebook
Facebook Pagelike Widget
728 x 90

মাল্টি-মিডিয়া প্ৰেছ ক্লাব চাপৰৰ তৃতীয় সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

মাল্টি-মিডিয়া প্ৰেছ ক্লাব চাপৰৰ তৃতীয় সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

চাপৰ, ২২ জানুৱাৰীঃ ধুবুৰী জিলাৰ চাপৰত ২০২২ চনত প্ৰতিষ্ঠিত হয় মাল্টি-মিডিয়া প্ৰেছ ক্লাব চাপৰ। আজি দিনজোৰা কাৰ্যসূচীৰে প্ৰেছ ক্লাবৰ তৃতীয় সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়। প্ৰতিষ্ঠা দিৱস উপলক্ষে মাল্টি-মিডিয়া প্ৰেছ ক্লাবৰ পতাকা উত্তোলন কৰে সভাপতি সহিদুল সৰকাৰে। বৃক্ষৰোপণ কৰে চাপৰ চিকিৎসালয়ৰ চিকিৎসক ডাঃ হুছেইন আলীয়ে। প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি গণশিল্পী প্ৰয়াত ৰাজীৱ শদিয়া,

চাপৰ, ২২ জানুৱাৰীঃ ধুবুৰী জিলাৰ চাপৰত ২০২২ চনত প্ৰতিষ্ঠিত হয় মাল্টি-মিডিয়া প্ৰেছ ক্লাব চাপৰ। আজি দিনজোৰা কাৰ্যসূচীৰে প্ৰেছ ক্লাবৰ তৃতীয় সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়। প্ৰতিষ্ঠা দিৱস উপলক্ষে মাল্টি-মিডিয়া প্ৰেছ ক্লাবৰ পতাকা উত্তোলন কৰে সভাপতি সহিদুল সৰকাৰে। বৃক্ষৰোপণ কৰে চাপৰ চিকিৎসালয়ৰ চিকিৎসক ডাঃ হুছেইন আলীয়ে। প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি গণশিল্পী প্ৰয়াত ৰাজীৱ শদিয়া, চাপৰৰ প্ৰয়াত যুৱ সাংবাদিক ধীৰাজ দাস আৰু মিৰাজ ৰায়ৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে মৃত্যুবৰণ কৰা সকলো সাংবাদিকৰ আত্মাৰ চিৰশান্তি কামনাৰ্থে ঈশ্বৰৰ ওচৰত এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰে। ইপিনে, প্ৰতিষ্ঠা দিৱস উপলক্ষে চাপৰ চিকিৎসালয়ত থকা ৰোগীসকলৰ মাজত ফলমূল বিতৰণ কৰে। আনপিনে, প্ৰতিষ্ঠা দিৱসৰ দিনা কাৰ্যসূচী অনুসৰি সম্বৰ্ধনা পৰ্ব অনুষ্ঠিত কৰা হয়। সম্বৰ্ধনা জ্ঞাপন কৰা হয় চাপৰৰ বিশিষ্ট চিকিৎসক, সমাজ সেৱক, অভিনেতা, ব্যৱসায়ী, বনাঞ্চলিক বিষয়া, ৰাজহ চক্ৰ বিষয়া আৰু আৰক্ষী বিষয়াৰ লগতে অৰ্ধশতাধিক লোকক। চাপৰ ৰাজহ চক্ৰ বিষয়া শশী ভূষণ ৰাজকোঁৱৰ, ৰত্নপীঠ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ সেখ হেদায়ৎউল্লাহ, সমাজ সেৱক গংগাধৰ ৰায় আৰু প্ৰাক্তন আছু কৰ্মী আনোৱাৰ হুছেইনে ভাষণ প্ৰসংগত সাংবাদিকৰ দায়িত্ব আৰু কৰ্তব্যৰ বিষয়ে আলোকপাত কৰি মাল্টি-মিডিয়া প্ৰেছ ক্লাবৰ ভৱিষ্যত উন্নতি কামনা কৰে।

Posts Carousel

Leave a Comment

Your email address will not be published. Required fields are marked with *

Latest Posts

Top Authors

Most Commented

Featured Videos

error: Content is protected !!