728 x 90
Like Us On Facebook
Facebook Pagelike Widget
728 x 90

অসম কৃষি বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ ৰাষ্ট্ৰীয় একতা শিবিৰ আৰম্ভ

অসম কৃষি বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ ৰাষ্ট্ৰীয় একতা শিবিৰ আৰম্ভ

যোৰহাট, ২২ জানুৱাৰীঃ দূৰদৰ্শী আৰু ৰূপান্তৰকামী চিন্তাধাৰাৰে সজাগ হৈ ৰাষ্ট্ৰীয় একতাৰে ৰাষ্ট্ৰ নিৰ্মাণৰ দিশত আমি আগবাঢ়িব লাগিব। তাৰ বাবে ধনাত্মক চিন্তাধাৰা আৰু সঠিক সিদ্ধান্ত ল’ব লাগিব।- যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ত আজিৰে পৰা আৰম্ভ হোৱা ৰাষ্ট্ৰীয় একতা শিবিৰৰ শুভাৰম্ভণি অনুষ্ঠানত এই মত ব্যক্ত কৰে অসম কৃষি বিশ্ববিদ্যালয়ৰ ভূতপূৰ্ব উপাচাৰ্য তথা ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ প্ৰাক্তন উপ-সঞ্চালক

যোৰহাট, ২২ জানুৱাৰীঃ দূৰদৰ্শী আৰু ৰূপান্তৰকামী চিন্তাধাৰাৰে সজাগ হৈ ৰাষ্ট্ৰীয় একতাৰে ৰাষ্ট্ৰ নিৰ্মাণৰ দিশত আমি আগবাঢ়িব লাগিব। তাৰ বাবে ধনাত্মক চিন্তাধাৰা আৰু সঠিক সিদ্ধান্ত ল’ব লাগিব।- যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ত আজিৰে পৰা আৰম্ভ হোৱা ৰাষ্ট্ৰীয় একতা শিবিৰৰ শুভাৰম্ভণি অনুষ্ঠানত এই মত ব্যক্ত কৰে অসম কৃষি বিশ্ববিদ্যালয়ৰ ভূতপূৰ্ব উপাচাৰ্য তথা ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ প্ৰাক্তন উপ-সঞ্চালক প্ৰধান ড০ কমল মল্ল বুজৰবৰুৱাই। অসম কৃষি বিশ্ববিদ্যালয়ৰ মাধৱ চন্দ্ৰ দাস সোঁৱৰণী প্ৰেক্ষাগৃহত কালি শিবিৰৰ শুভাৰম্ভণি অনুষ্ঠানত ড০ বুজৰবৰুৱাই লগতে কয় যে সাংস্কৃতিক সমন্বয় আৰু বিনিময়ৰ লগতে কলাত্মক দিশতো দক্ষতা আৰু অন্যান্য উপাদানসমূহৰ জৰিয়তে আগুৱাই যাব লাগিব। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ ৰাষ্ট্ৰীয় নেতা উল্লাস কুলকাৰ্ণীয়ে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি বক্তব্যত কয় যে ভাৰতত একাত্মতাৰ বৈচিত্ৰতা আছে। সকলোৰে বাবে কল্যাণকামী চিন্তাৰে ভাৰতে সকলোৰে মংগলৰ বাবে চিন্তা কৰে। এয়া হ’ল আমাৰ সংস্কৃতিৰ আৰু এয়াই হ’ল ভাৰতীয় দৰ্শন। জোৰা লগোৱা বহুত কঠিন আৰু ভাঙি পেলোৱা বহুত সহজ, কিন্তু যিসকলে জোৰা লগাবলৈ চেষ্টা অব্যাহত ৰাখে তেওঁলোক মহাত্মা। অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ বিদ্যুৎ চন্দন ডেকাই আদৰণি ভাষণত যুৱক-যুৱতীসকলৰ মাজত সামগ্ৰিক উন্নয়ন আৰু সামাজিক দায়বদ্ধতাক প্ৰসাৰিত কৰাৰ বাবে ধাৰাবাহিকভাৱে গ্ৰহণ কৰি অহা পদক্ষেপৰ অংশ হিচাপে এই সৰ্বভাৰতীয় শিবিৰৰ আয়োজন কৰা হৈছে বুলি উল্লেখ কৰে। বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ সঞ্চালক ড০ বিনয় কুমাৰ মেধিয়ে উদ্দেশ্যে বাখ্যাত সপ্তাহজোৰা এই শিবিৰত সাংস্কৃতিক বিনিময়, সম্প্ৰদায় সেৱাৰ কাৰ্যসূচী, পাৰস্পৰিক আলোচনা আৰু দল গঠনৰ অনুশীলনকে ধৰি একাধিক কাৰ্যসূচীৰ জৰিয়তে ৰাষ্ট্ৰীয় সংহতিক প্ৰসাৰিত কৰা, বৈচিত্ৰ্যক উদযাপন কৰা আৰু যুৱক-যুৱতীসকলক সম্প্ৰীতি আৰু সামাজিক প্ৰগতিৰ ধ্বজাবাহক হ’বলৈ উৎসাহিত কৰা হ’ব বুলি উল্লেখ কৰে। অনুষ্ঠানটোত এন এছ এছৰ আঞ্চলিক সঞ্চালকালয়ৰ এন চি দেউৰীয়ে এই অনুষ্ঠানে স্থানীয় সমাজ, ৰাজ্য আৰু ৰাষ্ট্ৰৰ বাবে সেৱা আগবঢ়াই যোৱাৰ অনুপ্ৰেৰণা যোগায় বুলি উল্লেখ কৰি সমাজৰ স্তম্ভ হিচাপে ছাত্ৰ-ছাত্ৰীসকলে শিক্ষা আৰু শিকণ প্ৰক্ৰিয়াৰ দ্বাৰা ইয়াক আয়ত্ত কৰিব লাগিব। ভাল শিক্ষা আৰু ভাল সুযোগ লাভৰ জৰিয়তে দেশৰ প্ৰতি উৎসৰ্গিত হ’ব লাগিব বুলি কয়। অনুষ্ঠানত অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি বিজ্ঞান গুৰু ড০ প্ৰসন্ন কুমাৰ পাঠক প্ৰমুখ্যে বহুকেইজন বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। সুদীৰ্ঘ ২৬ বছৰৰ পাছত অসমত হোৱা সৰ্বভাৰতীয় পৰ্যায়ৰ এই শিবিৰত ঘৰুৱা ৰাজ্য অসমকে ধৰি দেশৰ ১৬ খন ৰাজ্যৰ দুই শতাধিক ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ স্বেচ্ছাসেৱক আৰু প্ৰগ্ৰেম অফিচাৰে অংশগ্ৰহণ কৰিছে। দেশৰ ওড়িশা, হাৰিয়ানা, উত্তৰাখণ্ড, মেঘালয়, মিজোৰাম, অন্ধ্ৰ প্ৰদেশ, অৰুণাচল প্ৰদেশ, মণিপুৰ, নাগালেণ্ড, ঝাৰখণ্ড, ত্ৰিপুৰা, পঞ্জাৱ, ৰাজস্থানৰ দলে এই শিবিৰত অংশগ্ৰহণ কৰিছে।

Posts Carousel

Leave a Comment

Your email address will not be published. Required fields are marked with *

Latest Posts

Top Authors

Most Commented

Featured Videos

error: Content is protected !!