JIO ছিমখন ৰিচাৰ্জ নকৰাকৈয়ে ৯০ দিন সক্ৰিয় হৈ থাকিব। কিন্তু যদি আপুনি ৯০ দিনৰ পাছতো ৰিচাৰ্জ নকৰে তেন্তে ছিমখন নিষ্ক্ৰিয় হ’ব। এয়াৰটেলৰ ছিম ব্যৱহাৰকাৰীসকলেও ৯০ দিনৰ বাবে ৰিচাৰ্জ অবিহনে সকাহ পাব। ইয়াৰ পিছত আপুনি ১৫ দিনৰ সময়সীমা পাব। এই ১৫ দিনৰ ভিতৰতো ৰিচাৰ্জ নকৰিলে নম্বৰটো বন্ধ কৰি দিয়া হ’ব। ভোডাফোন-আইডিয়া (Vi) ব্যৱহাৰকাৰীৰ বাবেও ৯০ দিনৰ
JIO ছিমখন ৰিচাৰ্জ নকৰাকৈয়ে ৯০ দিন সক্ৰিয় হৈ থাকিব। কিন্তু যদি আপুনি ৯০ দিনৰ পাছতো ৰিচাৰ্জ নকৰে তেন্তে ছিমখন নিষ্ক্ৰিয় হ’ব।
এয়াৰটেলৰ ছিম ব্যৱহাৰকাৰীসকলেও ৯০ দিনৰ বাবে ৰিচাৰ্জ অবিহনে সকাহ পাব। ইয়াৰ পিছত আপুনি ১৫ দিনৰ সময়সীমা পাব। এই ১৫ দিনৰ ভিতৰতো ৰিচাৰ্জ নকৰিলে নম্বৰটো বন্ধ কৰি দিয়া হ’ব।
ভোডাফোন-আইডিয়া (Vi) ব্যৱহাৰকাৰীৰ বাবেও ৯০ দিনৰ বৈধতা আছে। কিন্তু যদিহে এই সময় পাৰ হৈ যোৱাৰ পিছত ছিমখন পুনৰ সক্ৰিয় কৰি ৰাখিব বিচাৰে তেন্তে ইয়াৰ পিছত নূন্যতম ₹49 টকা ৰিচাৰ্জ কৰিব লাগিব।
BSNL ছিম ৰিচাৰ্জ নোহোৱাকৈ ১৮০ দিনলৈকে সক্ৰিয় হৈ থাকিব। যদি আপুনি বাৰে বাৰে ৰিচাৰ্জ কৰি বিৰক্ত হয়, তেন্তে এইটোৱেই আপোনাৰ বাবে সৰ্বোত্তম বিকল্প।
যদি আপোনাৰ ছিমখন ৯০ দিন ধৰি ৰিচাৰ্জ কৰা হোৱা নাই কিন্তু তথাপিও বেলেঞ্চ ₹২০ টকা থাকে, তেন্তে এই বেলেঞ্চৰ সৈতে আপোনাৰ ছিমৰ বৈধতা আৰু ৩০ দিন বৃদ্ধি কৰা হ’ব। কিন্তু যদি বেলেন্স নাথাকে তেন্তে আপোনাৰ ছিমখন নিষ্ক্ৰিয় কৰি নতুন ব্যৱহাৰকাৰীক দিয়া হ’ব।


















Leave a Comment
Your email address will not be published. Required fields are marked with *