728 x 90
Like Us On Facebook
Facebook Pagelike Widget
728 x 90

XOBDO.ORG-ৰ ২০২৫ চনৰ বাৰ্ষিক সভা সম্পন্ন

XOBDO.ORG-ৰ ২০২৫ চনৰ বাৰ্ষিক সভা সম্পন্ন

গুৱাহাটী, ১০ জানুৱাৰীঃ স্বেচ্ছাসেৱী অনুষ্ঠান XOBDO.ORG ৰ বাৰ্ষিক সভাখন ৮ জানুৱাৰীত গুগল মিটৰ জৰিয়তে অনলাইনত অনুষ্ঠিত হয়। এই সভাখনত অনুষ্ঠানটোৰ মূল সদস্যসকলে উল্লেখযোগ্য কৃতিত্ব আৰু ভৱিষ্যতৰ পদক্ষেপসমূহৰ বিষয়ে আলোচনা কৰে৷ সভাখনত ছ’চাইটি পঞ্জীয়ন আইনৰ অধীনত XOBDO.ORGৰ পঞ্জীয়ন নবীকৰণৰ কথা ঘোষণা কৰি আশা প্রকাশ কৰে যে এই পঞ্জীয়নে কাৰ্যকৰী বৃদ্ধিৰ বাবে এক শক্তিশালী ভেটি গঢ়ি তুলিব।

গুৱাহাটী, ১০ জানুৱাৰীঃ স্বেচ্ছাসেৱী অনুষ্ঠান XOBDO.ORG ৰ বাৰ্ষিক সভাখন ৮ জানুৱাৰীত গুগল মিটৰ জৰিয়তে অনলাইনত অনুষ্ঠিত হয়। এই সভাখনত অনুষ্ঠানটোৰ মূল সদস্যসকলে উল্লেখযোগ্য কৃতিত্ব আৰু ভৱিষ্যতৰ পদক্ষেপসমূহৰ বিষয়ে আলোচনা কৰে৷ সভাখনত ছ’চাইটি পঞ্জীয়ন আইনৰ অধীনত XOBDO.ORGৰ পঞ্জীয়ন নবীকৰণৰ কথা ঘোষণা কৰি আশা প্রকাশ কৰে যে এই পঞ্জীয়নে কাৰ্যকৰী বৃদ্ধিৰ বাবে এক শক্তিশালী ভেটি গঢ়ি তুলিব। সদস্যসকলে সৰ্বসন্মতিক্ৰমে নেতৃত্বৰ দলটোক নিশ্চিত কৰে৷ আনহাতে, অনুষ্ঠানটোৰ কাৰ্যকলাপক আগুৱাই নিয়াৰ বাবে নিজ নিজ পদবী অব্যাহত ৰাখিবলৈ সিদ্ধান্ত গ্রহণ কৰে।
সভাখনত গ্ৰহণ কৰা মূল প্ৰস্তাৱসমূহৰ হ’ল- অসমীয়া-ইংৰাজী অনলাইন অভিধানখন পৰিশোধন আৰু সম্প্ৰসাৰণৰ পৰিকল্পনা, নতুন শব্দ, শ্ৰাব্য উচ্চাৰণ, আৰু অতিৰিক্ত বৈশিষ্ট্যসমূহ অন্তৰ্ভুক্ত কৰি উন্নীতকৰণ কৰা হ’ব। ব্যৱহাৰকাৰী অভিজ্ঞতা বৃদ্ধি কৰিবলৈ এজন পেছাদাৰী UX ডিজাইনাৰ নিয়োজিত কৰি ৱেবছাইট ব্যৱহাৰযোগ্যতাৰ উন্নত কৰা৷ “লিটিকাই” বানান-পৰীক্ষক সঁজুলিৰ বিকাশঃ কৃত্ৰিম বুদ্ধিমত্তা আৰু মেচিন লাৰ্নিং ব্যৱহাৰ কৰি এই বানান-পৰীক্ষক সঁজুলি আৰু উন্নত কৰা। সংখ্যা লঘু ভাষাসমূহৰ শব্দসমূহৰ গুণগত মান পৰীক্ষা আৰু তথ্য সম্প্ৰসাৰণৰ বাবে স্থানীয় ভাষীসকলক নিয়োজিত কৰাৰ প্ৰচেষ্টা চলোৱা৷ অসমীয়া-ইংৰাজী অনুবাদৰ দক্ষতা আৰু উচ্চাৰণৰ বাবে প্ৰমাণপত্ৰ ব্যৱস্থাৰ প্ৰৱৰ্তন কৰা৷ তদুপৰি বিভিন্ন সংবাদ মাধ্যমৰ চেনেল ব্যৱহাৰ কৰি নিয়মীয়া ৱেবিনাৰ, কৰ্মশালা, আৰু প্ৰচাৰমূলক প্ৰচেষ্টাৰ জৰিয়তে সজাগতা আৰু অংশগ্ৰহণ বৃদ্ধি কৰাৰ লক্ষ্য ৰখা।
সভাপতি বিক্ৰম ম. বৰুৱাই ২০২৫ XOBDO.ORG ৰ বাবে এক পৰিৱৰ্তনশীল বছৰ হ’ব বুলি আশা প্ৰকাশ কৰে। উল্লেখ্য যে XOBDO.ORG অসমীয়া আৰু অন্যান্য আঞ্চলিক ভাষাৰ প্ৰসাৰ আৰু সংৰক্ষণৰ বাবে উৎসৰ্গিত এক বেচৰকাৰী অনুষ্ঠান৷

Posts Carousel

Leave a Comment

Your email address will not be published. Required fields are marked with *

Latest Posts

Top Authors

Most Commented

Featured Videos

error: Content is protected !!