অন্য ৰাজ্যৰ তুলনাত অসমৰ কাম-কাজ উন্নত আৰু তীব্ৰ গতিত হৈছে বুলি জনালে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীগৰাকীয়েবৈঠকৰ অন্তত সংবাদ মাধ্যমক সম্বোধন মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ গুৱাহাটীৰ খাৰঘূলিৰ ব্ৰহ্মপুত্ৰ ৰাজ্যিক অতিথিশালাত গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী তোখান চাহুৰ অধ্যক্ষতাত আজি এখন পর্যালোচনা বৈঠক অনুষ্ঠিত হয়। উক্ত বৈঠকত ৰাজ্য চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ
অন্য ৰাজ্যৰ তুলনাত অসমৰ কাম-কাজ উন্নত আৰু তীব্ৰ গতিত হৈছে বুলি জনালে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে
বৈঠকৰ অন্তত সংবাদ মাধ্যমক সম্বোধন মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ
গুৱাহাটীৰ খাৰঘূলিৰ ব্ৰহ্মপুত্ৰ ৰাজ্যিক অতিথিশালাত গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী তোখান চাহুৰ অধ্যক্ষতাত আজি এখন পর্যালোচনা বৈঠক অনুষ্ঠিত হয়। উক্ত বৈঠকত ৰাজ্য চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ বিষয়ববীয়াসকলৰ সৈতে মন্ত্ৰী জয়ন্ত মল্লবৰুৱা উপস্থিত থাকে। বৈঠকত গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ অন্তৰ্গত প্ৰতিষ্ঠানসমূহৰ অধীনত চলি থকা বিভিন্ন আঁচনিসমূহ তথা নতুনকৈ আৰম্ভ কৰিবলগীয়া প্ৰকল্পসমূহৰ বিষয়ে পৰ্যালোচনা কৰা হয়। বৈঠকৰ অন্তত ৰাজ্য চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই সংবাদ মাধ্যমক সম্বোধন কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে আজি কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী তোখান চাহুৱে হাউছিং এণ্ড আৰবান ডিপাৰ্টমেণ্টৰ কামৰ পৰ্যালোচনা কৰে। তেওঁ আমাৰ ডিপাৰ্টমেণ্টে ষ্টেট প্ৰজেক্টৰে যিখিনি কাম কৰিছে আৰু কেন্দ্ৰীয় চৰকাৰৰ সাহায্যৰে যিসমূহ মিছনৰ কাম চলি আছে গোটেইখিনিৰ পৰ্যালোচনা কৰে। আমি অত্যন্ত আনন্দিত যে তেওঁ কোৱা মতে, অন্য ৰাজ্যৰ তুলনাত আমাৰ কাম খুব সুন্দৰভাৱে চলি আছে। আমি তেওঁক জনাবলৈ পাই আনন্দ অনুভৱ কৰিছো যে গুৱাহাটী স্মাৰ্ট চিটী মিছনৰ যি ব্ৰহ্মপুত্ৰ ৰিভাৰ বেংক ডেভলপমেণ্টৰ কাম চলি আছে ইয়াক আমি অহা মাৰ্চৰ ভিতৰত সম্পূৰ্ণ কৰাৰ লক্ষ্য লৈছো। অহা কিছুদিনৰ ভিতৰত আমি নতুনকৈ আৰু ৪০ হাজাৰ লোকক আৰবান এৰিয়াত পিএমৱাই ঘৰ দিয়াৰ কাৰণে এটা পৰিকল্পনা কৰি আগবাঢ়িছো। কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে ক’ৰবাত এফৰটেবল হাউচ ইত্যাদি দিব পাৰি নেকি সেইধৰণৰ পৰামৰ্শ আগবঢ়াইছে। তাৰ লগে লগে আমাৰ বিভাগটোৱে যিসমূহ কাম মুখ্যতঃ কৰি আছিল বিশেষকৈ স্বচ্ছ ভাৰত মিছন, আৰবানৰ কামেই হওক বা আমাৰ ইউ আই ডি এফৰ বিভিন্ন আঁচনিয়েই হওক এইবিলাকৰ পৰ্যালোচনা কৰে আৰু সকলো আমি নিৰ্ধাৰিত সময়ৰ লগে লগে কৰি গৈ আছো। মন্ত্ৰীগৰাকীয়ে কয় যে কিছু কিছু ঠাইত য’ত আমাৰ অসুবিধা হৈছিল সেইখিনি কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰাই হওক বা আমাৰ ফালৰ পৰাই হওক কেনেকৈ সমাধান কৰিম সেই সম্পৰ্কেও বৈঠকত আলোচনা হৈছে। মই ভাবো যে মন্ত্ৰী ডাঙৰীয়াৰ এই ভ্ৰমণে আমাৰ গোটেই বিভাগটোক উৎসাহ দিব আৰু বিভাগটোৰ যিসমূহ অসুবিধা আছিল সেই অসুবিধাসমূহ দূৰ কৰাত সহায়ক হ’ব। মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই পুনৰ কয় যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমি খুব সুন্দৰভাৱে কাম কৰি আছো আৰু এই কামখিনি আৰু তীব্ৰতৰ হ’ব বুলি আমি আশা ৰাখিছো। কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীগৰাকীৰ কিছুমান পৰামৰ্শ আছিল, বিশেষকৈ স্বচ্ছতাৰ ক্ষেত্ৰত বা আমাৰ আৰবান এৰিয়া বিলাকৰ উন্নয়নৰ ক্ষেত্ৰত সেই পৰামৰ্শসমূহ লৈ আমি আগন্তুক দিনত কাম কৰি যোৱাৰ পৰিকল্পনা কৰিছো।
বিশ্ববিখ্যাত নিউয়ৰ্ক টাইমছত ২০২৫ বৰ্ষত পৰ্যটনৰ বাবে অতি উপযুক্ত ঠাইৰ তালিকাত অসমৰ নাম প্ৰকাশ হোৱা সন্দৰ্ভত সাংবাদিক প্ৰতিক্ৰিয়া জানিবলৈ বিচৰাত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কয় যে আজি আমাৰ ৰাজ্যখনৰ কাৰণে এটা আনন্দৰ কথা। পৰ্যটনৰ বাবে অতি উপযুক্ত ঠাইৰ তালিকাত অসমৰ নাম চতুৰ্থ স্থানত থকাটো আমাৰ কাৰণে এটা ভাল দিনৰ সম্ভৱনা। মই পৰ্যটন বিভাগত আছিলো, মোৰ প্ৰচেষ্টা আছিল যে আমাৰ বিভিন্ন ৰাজ্যৰ যিবিলাক এডভাইজেৰী আছে, দেশ বিলাকৰ এডভাইজেৰী আছে সেই এডভাইজেৰীত যাতে আমাৰ ইতিবাচক কথা লিখা থাকে। এই ঘটনাটোৰ পৰাই আমাৰ ৰাজ্যৰ ইতিবাচক কথাবিলাক লিখাৰ দিন আৰম্ভ হ’ল বুলি ক’ব পাৰি।
মন্ত্ৰীগৰাকীয়ে কয় যে আজিও বেছিভাগ দেশৰ গৃহ বিভাগৰ ৱেবছাইটত আমাৰ এই অঞ্চলসমূহ ৰেড জ’ন, ইমাৰজেন্সী নহ’লে আহিব নালাগে ইত্যাদি ধৰণৰ নিৰ্দেশনাৱলী লিখা থাকে। ইয়াৰ বিকল্প হিচাপে এতিয়া বিশ্বৰ উপযুক্ত ঠাইৰ তালিকাত চতুৰ্থ স্থানত অসমৰ নাম উল্লেখ থকা বা অসমৰ কাজিৰঙা, চৰাইদেউ লৈ মানুহ আহিব লাগে এইধৰণৰ পৰামৰ্শ থকাটো সঁচাকৈ অসমৰ ভৱিষ্যতৰ পৰ্যটনৰ কাৰণে এটা ভাল দিনৰ ইংগিত বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।


















Leave a Comment
Your email address will not be published. Required fields are marked with *