728 x 90
Like Us On Facebook
Facebook Pagelike Widget
728 x 90

‘নাটক আৰু নৃত্য’ কৰ্মশালাৰ কাইলৈ সামৰণি অনুষ্ঠান

‘নাটক আৰু নৃত্য’ কৰ্মশালাৰ কাইলৈ সামৰণি অনুষ্ঠান

নিউজ ডেস্কঃ অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু দিব্যাংগ নাট্য বিদ্যালয়ৰ সহযোগত ১৬ ডিচেম্বৰৰ পৰা চেনিকুঠী নিম্ন বুনিয়াদী বিদ্যালয়ত দিব্যাংগসকলৰ বাবে অনুষ্ঠিত কৰা “নাটক আৰু নৃত্য” কৰ্মশালাৰ কাইলৈ সামৰণি পৰিব। গুৱাহাটী উজান বজাৰ স্থিত কুমাৰ ভাস্কৰ নাট্যমন্দিৰত সন্ধিয়া ৫:৪৫ বজাত আৰম্ভ হ’বলগীয়া সামৰণি অনুষ্ঠানত কৰ্মশালাৰ দিব্যাংগ ছাত্ৰ-ছাত্ৰীসকলে বাৰেৰহণীয়া নৃত্যৰ লগতে পৰিৱেশন কৰিব নাটক “শুৱনি

নিউজ ডেস্কঃ অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু দিব্যাংগ নাট্য বিদ্যালয়ৰ সহযোগত ১৬ ডিচেম্বৰৰ পৰা চেনিকুঠী নিম্ন বুনিয়াদী বিদ্যালয়ত দিব্যাংগসকলৰ বাবে অনুষ্ঠিত কৰা “নাটক আৰু নৃত্য” কৰ্মশালাৰ কাইলৈ সামৰণি পৰিব। গুৱাহাটী উজান বজাৰ স্থিত কুমাৰ ভাস্কৰ নাট্যমন্দিৰত সন্ধিয়া ৫:৪৫ বজাত আৰম্ভ হ’বলগীয়া সামৰণি অনুষ্ঠানত কৰ্মশালাৰ দিব্যাংগ ছাত্ৰ-ছাত্ৰীসকলে বাৰেৰহণীয়া নৃত্যৰ লগতে পৰিৱেশন কৰিব নাটক “শুৱনি আমাৰ গাঁও”। নাটকৰ ৰচনা-পৰিচালনা ৰাজীৱ কুমাৰ সাউদৰ। সহকাৰী পৰিচালনা প্ৰণৱ ৰাজখোৱা আৰু কুলদীপ তালুকদাৰ, সংগীত মনদ্বীপ মহন্ত, পোহৰ দিম্পল কুমাৰ দাস আৰু ধীৰাজ কুমাৰৰ। সাজসজ্জা চয়নিকা দুৱৰা, ৰূপসজ্জা হীৰামণি দাস, নৃত্য পৰিচালনা সংগীতা তালুকদাৰ আৰু ব্যৱস্থাপনা দিব্যাংগ নাট্য বিদ্যালয় পৰিচালনা সমিতিৰ। অনুষ্ঠানত ৰাইজৰ উপস্থিতি আন্তৰিকতাৰে উদ্যোক্তাসকলে কামনা কৰিছে।

Posts Carousel

Leave a Comment

Your email address will not be published. Required fields are marked with *

Latest Posts

Top Authors

Most Commented

Featured Videos

error: Content is protected !!