চণ্ডীগড়, ৭ জানুৱাৰীঃ চণ্ডীগড়ত অনুষ্ঠিত হোৱা বাৰ্ষিক সাধাৰণ সভাত ভাৰতীয় এথলেটিক ফেডাৰেচনৰ উপ-সভাপতি হিচাপে নিৰ্বাচিত হৈছে অসমৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্লবৰুৱা। নিৰ্বাচনত বিনা প্ৰতিদ্বন্দ্বিতাৰে তেওঁ পৰৱৰ্তী চাৰি বছৰলৈ এই পদত অধিষ্ঠিত হৈছে।বৰ্তমান অসম এথলেটিক এছ’চিয়েচনৰ সভাপতি হিচাপে বৰ্তমান কাৰ্যনিৰ্বাহ কৰি থকা জয়ন্ত মল্লবৰুৱা ভাৰতীয় এথলেটিক ফেডাৰেচনৰ উপ-সভাপতি নিৰ্বাচনে অসম তথা ইয়াৰ বাহিৰত এথলেটিকছ আৰু ক্ৰীড়া
চণ্ডীগড়, ৭ জানুৱাৰীঃ চণ্ডীগড়ত অনুষ্ঠিত হোৱা বাৰ্ষিক সাধাৰণ সভাত ভাৰতীয় এথলেটিক ফেডাৰেচনৰ উপ-সভাপতি হিচাপে নিৰ্বাচিত হৈছে অসমৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্লবৰুৱা। নিৰ্বাচনত বিনা প্ৰতিদ্বন্দ্বিতাৰে তেওঁ পৰৱৰ্তী চাৰি বছৰলৈ এই পদত অধিষ্ঠিত হৈছে।
বৰ্তমান অসম এথলেটিক এছ’চিয়েচনৰ সভাপতি হিচাপে বৰ্তমান কাৰ্যনিৰ্বাহ কৰি থকা জয়ন্ত মল্লবৰুৱা ভাৰতীয় এথলেটিক ফেডাৰেচনৰ উপ-সভাপতি নিৰ্বাচনে অসম তথা ইয়াৰ বাহিৰত এথলেটিকছ আৰু ক্ৰীড়া বিকাশৰ ক্ষেত্ৰত তেওঁৰ অৱদান এক উল্লেখযোগ্য স্বীকৃতি হিচাপে চিহ্নিত হৈছে।
এই সন্দৰ্ভত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কৃতজ্ঞতা জ্ঞাপন কৰি কয় যে মোৰ ওপৰত ন্যস্ত কৰা আস্থা আৰু দায়িত্বৰ বাবে মই গভীৰভাৱে সন্মান বোধ কৰিছো। এই পদটিয়ে ভাৰতত এথলেটিকছক আৰু অধিক উন্নীত কৰাৰ লগতে তৃণমূল পৰ্যায়ৰ পদক্ষেপক শক্তিশালী কৰাৰ সুযোগ প্ৰদান কৰে। দেশজুৰি ক্ৰীড়া পৰিৱেশ তন্ত্ৰক প্ৰাণৱন্ত কৰাৰ দিশত কাম মই কৰি যাম।
ভাৰতীয় এথলেটিকছ ফেডাৰেচনৰ নৱনিৰ্বাচিত সদস্যসকলৰ ভিতৰত আছে সভাপতি হিচাপে বাহাদুৰ সিং, সম্পাদক হিচাপে সন্দীপ মেহতা, জ্যেষ্ঠ উপ-সভাপতি হিচাপে অঞ্জু ববি জৰ্জ।


















Leave a Comment
Your email address will not be published. Required fields are marked with *