728 x 90
Like Us On Facebook
Facebook Pagelike Widget
728 x 90

‘শিক্ষা ব্যৱস্থাক আমি আগুৱাই লৈ যাব লাগিব, শিক্ষা ব্যৱস্থাক আমি দৃঢ় কৰিব লাগিব’- মন্ত্ৰী পীযুষ হাজৰীকা

‘শিক্ষা ব্যৱস্থাক আমি আগুৱাই লৈ যাব লাগিব, শিক্ষা ব্যৱস্থাক আমি দৃঢ় কৰিব লাগিব’- মন্ত্ৰী পীযুষ হাজৰীকা

অসমৰ প্ৰত্যেক গৰাকী ছাত্ৰ-ছাত্ৰীক আমি শিক্ষিত কৰি তুলিব লাগিব, শিক্ষা নহ’লে আমি একোৱে কৰিব নোৱাৰো’শোণিতপুৰৰ ঐতিহ্যমণ্ডিত জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ গৌৰৱোজ্জ্বল শতবৰ্ষ মহোৎসৱত মন্ত্ৰী পীযুষ হাজৰীকা শিক্ষা ব্যৱস্থাক আমি আগুৱাই লৈ যাব লাগিব। শিক্ষা ব্যৱস্থাক আমি ভাল কৰিব লাগিব। শিক্ষা ব্যৱস্থাক আমি দৃঢ় কৰিব লাগিব আৰু অসমৰ প্ৰত্যেক গৰাকী ছাত্ৰ-ছাত্ৰীক আমি শিক্ষিত কৰি তুলিব লাগিব।

অসমৰ প্ৰত্যেক গৰাকী ছাত্ৰ-ছাত্ৰীক আমি শিক্ষিত কৰি তুলিব লাগিব, শিক্ষা নহ’লে আমি একোৱে কৰিব নোৱাৰো’
শোণিতপুৰৰ ঐতিহ্যমণ্ডিত জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ গৌৰৱোজ্জ্বল শতবৰ্ষ মহোৎসৱত মন্ত্ৰী পীযুষ হাজৰীকা

শিক্ষা ব্যৱস্থাক আমি আগুৱাই লৈ যাব লাগিব। শিক্ষা ব্যৱস্থাক আমি ভাল কৰিব লাগিব। শিক্ষা ব্যৱস্থাক আমি দৃঢ় কৰিব লাগিব আৰু অসমৰ প্ৰত্যেক গৰাকী ছাত্ৰ-ছাত্ৰীক আমি শিক্ষিত কৰি তুলিব লাগিব। শিক্ষা নহ’লে আমি একোৱে কৰিব নোৱাৰো।- এই মন্তব্য অসম চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰীকাৰ। শোণিতপুৰৰ অন্যতম অগ্ৰণী শিক্ষা প্ৰতিষ্ঠান ঐতিহ্যমণ্ডিত জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ গৌৰৱোজ্জ্বল শতবৰ্ষ মহোৎসৱত মন্ত্ৰীগৰাকীয়ে আজি অংশগ্ৰহণ কৰি নিজৰ ভাষণত এইদৰে মন্তব্য কৰে। ৰাইজক উদ্দেশ্যি দিয়া ভাষণত মন্ত্ৰীগৰাকীয়ে শোণিতপুৰ জিলাৰ আগশাৰীৰ জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়খনে বিগত এশটা বছৰে এই বৃহত্তৰ অঞ্চলটোৰ বহু ব্যক্তিক সমাজ জীৱনত প্ৰতিষ্ঠিত হ’বলৈ আগবঢ়াই দিছে বুলি কয়। ১৯২৫ চনতে স্থাপিত এই বিদ্যালয়খনৰ এশ বছৰীয়া গৌৰৱজ্জ্বল ক্ষণত বিদ্যালয়খনৰ ন-পুৰণি সকলো শিক্ষাৰ্থীকে মন্ত্ৰীগৰাকীয়ে আন্তৰিক অভিনন্দন জ্ঞাপন কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে মই যেতিয়া যিকোনো বিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষ, বা ৰজত জয়ন্তী বৰ্ষ বা শতবৰ্ষীয় অনুষ্ঠানত উপস্থিত হওঁ তেতিয়াই মোৰ মনত এটা প্ৰশ্নৰ উদ্ৰেগ হয়। এই উদ্ৰেগটো হ’ল যে আজিৰ পৰা এশ বছৰ আগত ইয়াত চাগে’ ইয়াত ৰাস্তা-পথ ভাল নাছিল, এশ বছৰ আগত বিদ্যালয়ৰ বিল্ডিং কল্পনাতীত আছিল। কোনো কোনো অঞ্চলত এশ বছৰ আগত স্কুল গঢ় লৈ উঠিছিল যদিও তাৰ পৰা কলেজ এখনলৈকে ৫০ কিলোমিটাৰ, ৭০ কিলোমিটাৰ বা ১০০ কিলোমিটাৰ দূৰত্বত আছিল। এই জামুগুৰিতো এশ বছৰ আগত এই বিদ্যালয়খন এখন মাইনৰ স্কুল আছিল। ইয়াৰ ওচৰে পাজৰে ২০ কিলোমিটাৰ দূৰত্বত ক’তো স্কুল নাছিল। কিন্তু কেইগৰাকীমান পুৰোধা ব্যক্তিয়ে এই জামুগুৰিত মাইনৰ স্কুলখন স্থাপন কৰিছিল। শিক্ষা-দীক্ষা নাথাকিলেও সেই সময়ৰ মানুহবোৰৰ দুৰ্বাৰ হাবিয়াস আছিল যে আমি নপঢ়িলো, কিন্তু আমাৰ ল’ৰা-ছোৱালীবোৰে পঢ়ক- সেই উদ্দেশ্যেৰে স্কুল গঢ় দিছিল।
এতিয়া এনেধৰণৰ মানসিকতাৰে স্কুল স্থাপন কৰা নহয়। এতিয়া স্কুল স্থাপন হয় অন্য কাৰণত, এতিয়া স্কুল স্থাপন হয় ল’ৰা-ছোৱালীক ইংৰাজী মাধ্যমত পঢ়ুৱাবৰ কাৰণে। মন্ত্ৰীগৰাকীয়ে কয় যে এতিয়া অসমৰ এনেকুৱা এটা অঞ্চলত ৫ কিলোমিটাৰ, ১০ কিলোমিটাৰ পৰিসৰত স্কুল নাই বুলি ক’তো স্কুল স্থাপন নহয়। ভাষণত মন্ত্ৰীগৰাকীয়ে যিসকল পুৰোধা ব্যক্তিয়ে এশ বছৰ আগতে এই বিদ্যালয়খন প্ৰতিষ্ঠা কৰিছিল তেখেতসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
আনহাতে, মন্ত্ৰীগৰাকীয়ে ভাষণত বিদ্যালয়খনৰ সাফল্যৰ খতিয়ান দাঙি ধৰাৰ লগতে এইখন বিদ্যালয়ত অধ্যয়ন কৰি সমাজ জীৱনত প্ৰতিষ্ঠা লাভ কৰা বহু বিশিষ্ট ব্যক্তিৰ কথা শ্ৰদ্ধাৰে উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে পৰিৱেশটো আমি অলপ সলনি কৰিব লাগিব। শিক্ষা ব্যৱস্থাক আমি আগুৱাই লৈ যাব লাগিব। শিক্ষা ব্যৱস্থাক আমি ভাল কৰিব লাগিব। শিক্ষা ব্যৱস্থাক আমি দৃঢ় কৰিব লাগিব আৰু অসমৰ প্ৰত্যেক গৰাকী ছাত্ৰ-ছাত্ৰীক আমি শিক্ষিত কৰি তুলিব লাগিব। শিক্ষা নহ’লে আমি একোৱে কৰিব নোৱাৰো। যাৰ ঘৰৰ ল’ৰা-ছোৱালীয়ে ভালদৰে পঢ়া-শুনা কৰে, তেওঁলোকৰ পৰিয়াৰ অৱস্থা তুলনামূলকভাৱে ভাল হয়। সেয়ে ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি মন্ত্ৰীগৰাকীয়ে কয় যে তোমালোকে ভালদৰে পঢ়া, ভালদৰে পঢ়িলে তোমালোকৰ জীৱনলৈ ব্যাপক পৰিৱৰ্তন আহিব। প্ৰসংগক্ৰমে মন্ত্ৰীগৰাকীয়ে এই বিদ্যালয়ৰ পৰা ষ্টেণ্ড কৰা ৭ গৰাকী ছাত্ৰ-ছাত্ৰীৰ কথা উল্লেখ কৰে। আনহাতে, ব্ৰেইন ড্ৰেইনৰ প্ৰসংগ উত্থাপন কৰি মন্ত্ৰীগৰাকীয়ে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে ব্ৰেইন ড্ৰেইন আমাক লাগিব, ইয়াক আমি উৎসাহ যোগাব লাগে বুলি কোৱা কথাৰ উদ্ধৃতিয়ে দিয়ে। মন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আশীৰ্বাদত আৰু অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰচেষ্টাত জাগীৰোডত নিৰ্মাণ হৈ থকা ছেমি কণ্ডাক্টৰ উদ্যোগৰ বিষয়েও ছাত্ৰ-ছাত্ৰীসকলক কিছু কথা অৱগত কৰি উদগনিমূলক ভাষণ দাঙি ধৰে। অসমৰ সমাজ জীৱনলৈ অনবদ্য অৱদান আগবঢ়োৱা বহুকেইগৰাকী স্বনামধন্য ব্যক্তিয়ে এইখন শিক্ষা প্ৰতিষ্ঠানতে শিক্ষালাভ কৰিছিল আৰু ই অত্যন্ত গৌৰৱৰ বিষয় বুলি মন্ত্ৰীগৰাকীয়ে ভাষণত উল্লেখ কৰে। আগন্তুক দিনতো এই শিক্ষা প্ৰতিষ্ঠানখনে জামুগুৰিহাটত শৈক্ষিক বিপ্লৱ আগবঢ়াই নিয়াত উল্লেখনীয় ভূমিকা পালন কৰি যাব বুলি মন্ত্ৰীগৰাকীয়ে আশা ব্যক্ত কৰে।
উল্লেখ্য যে ভাষণৰ আৰম্ভণিতে মন্ত্ৰীগৰাকীয়ে ১৯২৫ চনৰ ১৯ ফেব্ৰুৱাৰীত আত্মপ্ৰকাশ কৰা বিদ্যালয়খনে সগৌৰৱে এটা শতিকা সম্পূৰ্ণ কৰা শুভক্ষণত বিদ্যালয়খনৰে সৈতে জড়িত সকলোকে অভিনন্দন জ্ঞাপন কৰে। ভাষণৰ পিছত মন্ত্ৰীগৰাকীয়ে শতবৰ্ষ উদযাপনৰ সৈতে সংগতি ৰাখি প্ৰকাশ কৰা স্মৃতিগ্ৰন্থৰ লগতে ‘বৃহত্তৰ জামুগুৰি অঞ্চলৰ সাংস্কৃতিক আন্দোলনৰ ৰূপৰেখা’ শীৰ্ষক আন এখন তথ্য সমৃদ্ধ গ্ৰন্থ উন্মোচন কৰে।
আজিৰ এই কাৰ্যসূচীত মন্ত্ৰীগৰাকীৰ সৈতে বিধায়ক পদ্ম হাজৰিকা, বৰচলাৰ বিধায়ক গণেশ কুমাৰ লিম্বু, বিশ্বনাথ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ চিন্তামণি শৰ্মাৰ লগতে অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।

Posts Carousel

Leave a Comment

Your email address will not be published. Required fields are marked with *

Latest Posts

Top Authors

Most Commented

Featured Videos

error: Content is protected !!