728 x 90
Like Us On Facebook
Facebook Pagelike Widget
728 x 90

অসম কৃষি বিশ্ববিদ্যালয়ত তিনিদিনীয়া আঞ্চলিক কৃষি মেলাৰ সামৰণি

অসম কৃষি বিশ্ববিদ্যালয়ত তিনিদিনীয়া আঞ্চলিক কৃষি মেলাৰ সামৰণি

যোৰহাটঃ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনক সামৰি অসম কৃষি বিশ্ববিদ্যালয়ত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত আঞ্চলিক কৃষি মেলাৰ আজি সামৰণি পৰে। অসম কৃষি বিশ্ববিদ্যালয়ৰ আই চি আৰ ফাৰ্মত মেলাৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত হয়। বিশ্ববিদ্যালয়ৰ সম্প্ৰসাৰণ শিক্ষা সঞ্চালক ড০ মনোৰঞ্জন নেওগে মেলাৰ সামগ্ৰিক দিশত বক্তব্য আগবঢ়োৱা সামৰণি অনুষ্ঠানটোত অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি গৱেষণা সঞ্চালক ড০ সঞ্জয় কুমাৰ চেতিয়া, স্নাতকোত্তৰ শিক্ষা

যোৰহাটঃ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনক সামৰি অসম কৃষি বিশ্ববিদ্যালয়ত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত আঞ্চলিক কৃষি মেলাৰ আজি সামৰণি পৰে। অসম কৃষি বিশ্ববিদ্যালয়ৰ আই চি আৰ ফাৰ্মত মেলাৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত হয়। বিশ্ববিদ্যালয়ৰ সম্প্ৰসাৰণ শিক্ষা সঞ্চালক ড০ মনোৰঞ্জন নেওগে মেলাৰ সামগ্ৰিক দিশত বক্তব্য আগবঢ়োৱা সামৰণি অনুষ্ঠানটোত অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি গৱেষণা সঞ্চালক ড০ সঞ্জয় কুমাৰ চেতিয়া, স্নাতকোত্তৰ শিক্ষা সঞ্চালক ড০ অনুপ কুমাৰ দাস, ছাত্ৰ কল্যাণ সঞ্চালক ড০ বিনয় কুমাৰ মেধিয় আৰু সামুহিক বিজ্ঞান গুৰু ড০ মামণি দাসে অংশগ্ৰহণ কৰে। ভাষণ প্ৰসংগত কৃষি গৱেষণা সঞ্চালক ড০ সঞ্জয় কুমাৰ চেতিয়াই এনে মেলাৰ জৰিয়তে কৃষকৰ লগত জড়িত গৱেষণা কৃষকৰ পথাৰলৈ নিয়াৰ দিশত যথেষ্ট সহায়ক হয় বুলি উল্লেখ কৰে।

কৃষক ৰাইজে কৃষিৰ বিষয়ে জানিবৰ বাবে এনে অনুষ্ঠানৰ প্ৰয়োজনীয়তাৰ বিষয়ে প্ৰকাশ কৰি কৃষি বাণিজ্যিকীকৰণ সঁচা অৰ্থত হোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। অসম কৃষি বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ শিক্ষা সঞ্চালক ড০ অনুপ কুমাৰ দাসে নতুন প্ৰযুক্তি কৌশলেৰে খেতি কৰি উপকৃত হোৱাৰ আৰু বজাৰ দখল কৰাৰ বাবে এনে মেলাই উপকৃত কৰিব বুলি আশা ব্যক্ত কৰে। অনুষ্ঠানত শলাগ জ্ঞাপন কৰে শস্য বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ড০ কল্যাণ পাঠকে। উল্লেখ্য যে এই অনুষ্ঠানতে মেলা উপলক্ষে অনুষ্ঠিত বিভিন্ন প্ৰতিযোগিতাৰ ফলাফল ঘোষণা কৰা হয়। কুইজ প্ৰতিযোগিতাত প্ৰজ্ঞা একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ অম্বৰীশ তামুলী আৰু আকাংক্ষা দত্তৰ দলে প্ৰথম, জোনাকী সংঘ বিদ্যালয়ৰ নমস্যা নিমি শইকীয়া আৰু সুকৃতি চাংকাকতিৰ দলে দ্বিতীয়, ক্ৰেছেণ্ট একাডেমীৰ অনন্যা ভূঞা আৰু প্ৰজ্ঞান জ্যোতি ভূঞাৰ দলে তৃতীয় স্থান লাভ কৰে। আনহাতে, বিদ্যালয় পৰ্যায়ৰ ৰচনা প্ৰতিযোগিতাত অংকিতা দত্তই প্ৰথম, জাফ্ৰিন বাঢ়ৈয়ে দ্বিতীয় আৰু তৃষাৰাণী বৰাই তৃতীয় স্থান লাভ কৰে। জয় কিষাণ শৰ্মা আৰু প্ৰাঞ্জনা দত্তই উদ্গনি বঁটা লাভ কৰে। মেলাত অংশগ্ৰহণ কৰাসকলৰ ভিতৰত বিভিন্ন শিতানৰ পুৰস্কাৰসমূহো প্ৰদান কৰা হয়। উল্লেখ্য যে অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ চৰকাৰী আৰু বেচৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগতে কৃষক, কৃষি উদ্যোগী, আত্মসহায়ক গোট আৰু কৃষক উৎপাদক সংস্থাৰ প্ৰতিনিধিৰ লগতে বিদ্যালয়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় পৰ্যায়ৰ শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা মেলাখনত কৃষি প্ৰদৰ্শনী, কৃষিজাত প্ৰযুক্তিৰ প্ৰদৰ্শন, কৃষকৰ প্ৰশিক্ষণ, কৃষিভিত্তিক প্ৰতিযোগিতা, কৃষক বিজ্ঞানীৰ মত বিনিময় অনুষ্ঠান, ছাত্ৰ-ছাত্ৰীৰ মাজত প্ৰতিযোগিতা, কৃষি সম্পৰ্কীয় আলোচনা আৰু সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়।

Posts Carousel

Leave a Comment

Your email address will not be published. Required fields are marked with *

Latest Posts

Top Authors

Most Commented

Featured Videos

error: Content is protected !!