728 x 90
Like Us On Facebook
Facebook Pagelike Widget
728 x 90

সংখ্যালঘু অধ্যুষিত এলেকাত বৃহৎ দলং নিৰ্মাণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰী মোদীয়ে দাঙি ধৰিছে নিদৰ্শন: মন্ত্ৰী পীযুষ হাজৰীকা

সংখ্যালঘু অধ্যুষিত এলেকাত বৃহৎ দলং নিৰ্মাণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰী মোদীয়ে দাঙি ধৰিছে নিদৰ্শন: মন্ত্ৰী পীযুষ হাজৰীকা

🔹নৰেন্দ্ৰ মোদীয়ে সকলোৰে বাবে কাম কৰে, প্ৰত্যেকটো অঞ্চলৰ বাবে কাম কৰেঃ মন্ত্ৰী পীযুষ হাজৰীকা🔹ধুবুৰী-ফুলবাৰীৰ মাজত ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মীয়মাণ দলং পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰীকাৰ ধুবুৰী আৰু ফুলবাৰীৰ মাজত ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হৈ আছে এখন বৃহৎ দলং। কেন্দ্ৰীয় চৰকাৰৰ অধীনত নিৰ্মাণ কাৰ্য চলি থকা প্ৰায় ২০ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই দলংখন ২০২৭ চনৰ ভিতৰত সম্পূৰ্ণ হ’ব। ধুবুৰী ভ্ৰমণৰ

🔹নৰেন্দ্ৰ মোদীয়ে সকলোৰে বাবে কাম কৰে, প্ৰত্যেকটো অঞ্চলৰ বাবে কাম কৰেঃ মন্ত্ৰী পীযুষ হাজৰীকা
🔹ধুবুৰী-ফুলবাৰীৰ মাজত ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মীয়মাণ দলং পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰীকাৰ

ধুবুৰী আৰু ফুলবাৰীৰ মাজত ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হৈ আছে এখন বৃহৎ দলং। কেন্দ্ৰীয় চৰকাৰৰ অধীনত নিৰ্মাণ কাৰ্য চলি থকা প্ৰায় ২০ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই দলংখন ২০২৭ চনৰ ভিতৰত সম্পূৰ্ণ হ’ব। ধুবুৰী ভ্ৰমণৰ সময়ত আজি মন্ত্ৰী পীযুষ হাজৰীকাই এই দলংখন প্ৰত্যক্ষ কৰি অভিভূত হৈ পৰে। দলঙৰ কাষত ৰৈ মন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমযোগে দলংখন সন্দৰ্ভত ৰাইজক কিছু কথা অৱগত কৰা পৰিলক্ষিত হয়। উল্লেখ্য যে প্ৰায় ৫ হাজাৰ কোটি টকা ব্যয় সাপেক্ষে কেন্দ্ৰীয় চৰকাৰে এই দলংখন নিৰ্মাণ কৰি আছে। মন্ত্ৰীগৰাকীয়ে কয় যে মই যিমানদূৰ জানো সমগ্ৰ দেশৰ ভিতৰতে এইখন দীঘলীয়া দলং নিৰ্মাণ হৈ আছে। এই দলংখনে মেঘালয়ৰ ফুলবাৰী আৰু অসমৰ ধুবুৰীক সংযোগ কৰিব। দলংখনৰ নিৰ্মাণ সম্পূৰ্ণ হ’লে মেঘালয়ৰ ফুলবাৰী আৰু ধুবুৰী জিলাৰ মানকাছাৰ আদিৰ জনসাধাৰণৰ যাতায়াতৰ ক্ষেত্ৰত অত্যন্ত সুবিধা হ’ব। যোগাযোগৰ ক্ষেত্ৰত অত্যন্ত এটা ভাল ব্যৱস্থা গঢ় লৈ উঠিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃতাধীন কেন্দ্ৰীয় চৰকাৰে আজিৰ পৰা কেইবছৰমান আগৰ পৰা এই দলঙৰ কাম আৰম্ভ কৰিছিল আৰু আঢ়ৈৰ পৰা তিনি বছৰৰ ভিতৰত এই দলংখন সম্পূৰ্ণ হৈ উঠিব বুলি মন্ত্ৰীগৰাকীয়ে ফেচবুক লাইভ ভিডিঅ’যোগে অৱগত কৰে।
মন্ত্ৰীগৰাকীয়ে মেঘালয়ৰ ফুলবাৰী, ধুবুৰীৰ মানকাছাৰৰ জনসাধৰণৰ লগত এই দলংখন সন্দৰ্ভত বাৰ্তালাপ কৰাৰ কথা উল্লেখ কৰে। তেওঁ কয় যে এই অঞ্চলৰ লোকসকলে মোক জনায় যে এই দলংখনৰ নিৰ্মাণ সম্পূৰ্ণ হ’লে তেওঁলোকৰ বহুদিনীয়া কষ্ট লাঘৱ হ’ব। ইয়াৰ বাবে মন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৃষ্ঠপোষকতাত এই দলংখনৰ কাম আৰম্ভ হৈছিল। এয়াই হৈছে নৰেন্দ্ৰ মোদী ডোঙৰীয়াৰ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতি থকা মৰম। উল্লেখ্য যে এই দলংখনৰ ওচৰ-পাজৰৰ যিসকল মানুহ ইয়াৰ প্ৰায় ৯৯ শংতাংশ লোক সংখ্যালঘু সম্প্ৰাদায়ৰ লোক। সংখ্যালঘু অধ্যুষিত এলেকাতো এনেধৰণৰ বৃহৎ দলং নিৰ্মাণ কৰি মোদী ডাঙৰীয়াই বাৰ্তা দিছে যে তেওঁ সকলোৰে বাবে কাম কৰে, প্ৰত্যেকটো অঞ্চলৰ বাবে কাম কৰে বিশেষকৈ অষ্টলক্ষী উত্তৰ-পূৰ্বাঞ্চলৰ কাৰণে তেওঁ অত্যন্ত গুৰুত্বসহকাৰে কাম কৰে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে তেওঁক পুনৰবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰীক ধন্যবাদ জ্ঞাপন কৰে।
এই ছেগতে মন্ত্ৰীগৰাকীয়ে অসমবাসীক ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম জাকতজিলিকা হৈ উঠক, অসম আৰু উন্নতিৰ শিখৰলৈকে যাওক তাৰ আন্তৰিকতাৰে কামনা কৰে।

Posts Carousel

Leave a Comment

Your email address will not be published. Required fields are marked with *

Latest Posts

Top Authors

Most Commented

Featured Videos

error: Content is protected !!