728 x 90
Like Us On Facebook
Facebook Pagelike Widget
728 x 90

দক্ষিণ শালমাৰাৰ আমবাৰীত জলসম্পদ মন্ত্রী পীযুষ হাজৰীকা

দক্ষিণ শালমাৰাৰ আমবাৰীত জলসম্পদ মন্ত্রী পীযুষ হাজৰীকা

🔹আমবাৰীত চলা ব্ৰহ্মপুত্র নদীৰ খহনীয়া অঞ্চল পৰিদৰ্শন🔹ইঞ্জিনচালিত নাৱেৰে পৰিভ্ৰমণ কৰি বুজ ল’লে খহনীয়াৰ দক্ষিণ শালমাৰাৰ আমবাৰীত আজি উপস্থিত হয় জলসম্পদ মন্ত্রী পীযুষ হাজৰীকা। মন্ত্ৰীগৰাকীয়ে আমবাৰীত চলা ব্ৰহ্মপুত্র নদীৰ খহনীয়া অঞ্চল পৰিদৰ্শন কৰে। উল্লেখ্য যে দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ আমবাৰী-ঢলুৱামাৰী অঞ্চলত ব্ৰহ্মপুত্ৰৰ এটা সুঁতিয়ে ব্যাপক খহনীয়াৰ সৃষ্টি কৰিছিল যাৰ ফলত যথেষ্ট কৃষিভূমি নৈৰ বুকুত জাহ গৈছিল। আজি

🔹আমবাৰীত চলা ব্ৰহ্মপুত্র নদীৰ খহনীয়া অঞ্চল পৰিদৰ্শন
🔹ইঞ্জিনচালিত নাৱেৰে পৰিভ্ৰমণ কৰি বুজ ল’লে খহনীয়াৰ

দক্ষিণ শালমাৰাৰ আমবাৰীত আজি উপস্থিত হয় জলসম্পদ মন্ত্রী পীযুষ হাজৰীকা। মন্ত্ৰীগৰাকীয়ে আমবাৰীত চলা ব্ৰহ্মপুত্র নদীৰ খহনীয়া অঞ্চল পৰিদৰ্শন কৰে। উল্লেখ্য যে দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ আমবাৰী-ঢলুৱামাৰী অঞ্চলত ব্ৰহ্মপুত্ৰৰ এটা সুঁতিয়ে ব্যাপক খহনীয়াৰ সৃষ্টি কৰিছিল যাৰ ফলত যথেষ্ট কৃষিভূমি নৈৰ বুকুত জাহ গৈছিল। আজি জলসম্পদ মন্ত্রী পীযুষ হাজৰীকাই আমবাৰীত উপস্থিত হৈ নাৱেৰে এই সমগ্ৰ অঞ্চলটো পৰিদৰ্শন কৰি সমস্যাৰ বুজ লয়। এই স্থান খহনীয়ামুক্ত কৰিবলৈ এইবাৰ জলসম্পদ বিভাগৰ অধীনত প্ৰায় ৬ কোটি টকা ব্যয়সাপেক্ষে নতুন প্ৰকল্প সাজু কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। আগন্তুক কেইদিনমানৰ ভিতৰতে এই স্থানত পাৰ্কুপাইন, বাঁহৰ সহায়ত খহনীয়া প্ৰতিৰোধী কাম আৰম্ভ হ’ব। আমবাৰীত ১৫০০ মিটাৰ আৰু ঢলুৱামাৰীত ১৫০০ মিটাৰ দৈৰ্ঘ্য সামৰি এই খহনীয়া প্ৰতিৰোধী কাম আৰম্ভ হ’ব। এই স্থানত সুচাৰুৰূপে কাম সম্পন্ন হোৱাৰ পাছত ভৱিষ্যতে প্ৰায় ডেৰ লাখ বিঘা কৃষিভূমি নৈৰ বুকুৰ পৰা উদ্ধাৰ হোৱাৰ সম্ভাৱনা আছে বুলি মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত মন্তব্য কৰে। তেওঁ কয় যে আচলতে মই যিটো জেগালৈ আহিছো, আমাৰ ডি চি মহোদয় আৰু অভিযন্তাসকলে কৈছে যে তিনি কিলোমিটাৰত যদি আমি এই চেনেলটো, য’ত আমবাৰীৰ কাষত এই চেনেলটো আছে। এই চেনেলটোত যদি আমি পাৰ্কুপাইন বা বেম্বোৰ স্ক্ৰীন মাৰো পৰৱৰ্তী সময়ত এই চেনেলটোৰ আমি যিটো পাৰ্টত আছো আৰু সিফালে মাজৰ যিটো চৰ আছে সেইটো লগলাগি যাব। লগলাগি যোৱাটো আমাৰ এটা পৰিকল্পনা। এই চেনেলটো যদি নাইকিয়া হৈ যায়, একেদিনাই নাইকিয়া নহ’ব, তিনি বছৰ-চাৰি বছৰ লাগিব। কিন্তু এতিয়াৰ পৰা যদি আমি কাম কৰো প্ৰায় ডেৰ লাখ বিঘা মাটি ওলাব। তিনি কিলোমিটাৰ দীঘল এই চেনেলটোৰ পৰা মানুহৰ লোকচানহে হয়, লাভ একো নহয়। মাটি ওলালে এই অঞ্চলৰ মানুহৰ লাভ হ’ব। এই কথাখিনিকে জিলা আয়ুক্ত আৰু অভিযন্তাসকলে মোক বুজাইছে, তেওঁলোকে ৬-৬.৫ কোটি টকাৰ প্ৰকল্পও কৰিছে এই আটাইখিনি দিবলৈকে মই অতি সোনকালে চেষ্টা কৰিম।
মন্ত্ৰীগৰাকীয়ে পুনৰ কয় যে কেন্দ্ৰীয় চৰকাৰে এডিবিৰ পৰা আমাক এটা লোণ লৈ দিছিল। যিটো লোণ কেন্দ্ৰীয় চৰকাৰে ৯০ শতাংশ মাৰে আৰু অসম চৰকাৰে আমি ১০ শতাংশ মাৰো। উজনি অসমত, মধ্য অসমত সেই গোটেইখিনি কাম চলি আছে। নামনি অসমত দ্বিতীয় পৰ্যায়ৰ কাম হ’ব, মানকাছাৰ বা ধুবুৰী এই অঞ্চলত প্ৰায় ৫০০-৬০০ কোটি টকাৰ কাম আৰম্ভ হ’ব, তেতিয়া স্থায়ী প্ৰতিৰোধ হ’ব। গতিকে পৰ্যায়ক্ৰমে কামখিনি কৰিবলৈ চেষ্টা কৰি আছো।
উল্লেখ্য যে একেদিনাই মন্ত্ৰীগৰাকীয়ে ধুবুৰী জিলাৰ ফকিৰগঞ্জত উপস্থিত হৈ ব্ৰহ্মপুত্ৰৰ খহনীয়া পৰিদৰ্শন কৰে। এই স্থানত এছিয়ান ডেভেলপমেণ্ট বেংক (এডিবি)ৰ অধীনত প্ৰায় ৭.৫ কিল’মিটাৰ দৈৰ্ঘ্যৰ খহনীয়া প্ৰতিৰোধী কাম মঞ্জুৰ হৈ আছে আৰু পৰৱৰ্তী পৰ্যায়ত ইয়াত স্থায়ীভাৱে কাম কৰা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।
আজিৰ এই পৰিদৰ্শনকালত মন্ত্ৰীগৰাকীৰ সৈতে বিধায়ক ৱাজেদ আলী চৌধুৰী, অসম যুৱ আয়োগৰ সদস্য ৰাতুল শৰ্মা, জিলা বিজেপিৰ সভাপতি অধীৰ চন্দ্ৰ দাস, জিলা আয়ুক্ত, জলসম্পদ বিভাগৰ মুখ্য অভিযন্তা, কাৰ্যবাহী অভিযন্তাসহ বহুসংখ্যক ব্যক্তি উপস্থিত থাকে।

Posts Carousel

Leave a Comment

Your email address will not be published. Required fields are marked with *

Latest Posts

Top Authors

Most Commented

Featured Videos

error: Content is protected !!