নৱগঠিত বিধানসভা সমষ্টিৰ ভিত্তিত নতুন ৰেচন কার্ড বিতৰণৰ তৃতীয় তথা অন্তিম পৰ্যায়ৰ কাৰ্যসূচী তথা ই-ৰিক্সা বিতৰণ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ নতুন প্ৰজন্মই যাতে খাদ্যৰ লগত জড়িত ব্যৱসায়সমূহক গতি দিব পাৰে, তাৰ বাবে আমাৰ চৰকাৰখনে সহায় কৰিবলৈ আগবাঢ়ি আহিছে।- এই মন্তব্য মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ। আজি নলবাৰী জিলা পুথিভঁৰাল প্রেক্ষাগৃহত কেন্দ্রীয় চৰকাৰৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্রতিষ্ঠান বিভাগৰ
নৱগঠিত বিধানসভা সমষ্টিৰ ভিত্তিত নতুন ৰেচন কার্ড বিতৰণৰ তৃতীয় তথা অন্তিম পৰ্যায়ৰ কাৰ্যসূচী তথা ই-ৰিক্সা বিতৰণ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ
নতুন প্ৰজন্মই যাতে খাদ্যৰ লগত জড়িত ব্যৱসায়সমূহক গতি দিব পাৰে, তাৰ বাবে আমাৰ চৰকাৰখনে সহায় কৰিবলৈ আগবাঢ়ি আহিছে।- এই মন্তব্য মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ। আজি নলবাৰী জিলা পুথিভঁৰাল প্রেক্ষাগৃহত কেন্দ্রীয় চৰকাৰৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্রতিষ্ঠান বিভাগৰ অধীনত আয়োজিত এদিনীয়া বিধানসভা সমষ্টিভিত্তিত প্ৰধানমন্ত্ৰী ক্ষুদ্ৰ খাদ্য উদ্যোগৰ সংসাধীকৰণ আনুষ্ঠানিকৰণ আঁচনি (PMFME)-ৰ সজাগতা শিবিৰত উপস্থিত থাকি মন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰসংগত এইদৰে মন্তব্য কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে অসমত বা ভাৰতবৰ্ষত এনেকুৱা বহু ক্ষুদ্ৰ উদ্যোগ আছে, যিয়ে নিজৰ ঘৰতে বিভিন্ন ধৰণৰ খাদ্য সামগ্ৰী প্ৰস্তুত কৰে। কোনোবাই আচাৰ বনায়, কোনোবাই জেলী বনায়, জাম বনায়, কোনোবাই বিভিন্ন ধৰণৰ সৰু সৰু উদ্যোগ এই আঁচনিসমূহৰ জৰিয়তে কৰি জীৱন নিৰ্বাহ কৰে। ভাৰতবৰ্ষত এনেকুৱা প্ৰায় ২৫ লাখ উদ্যোগী আছে যিসকলে খাদ্যৰ লগত জড়িত বা ফুড প্ৰচেছিং ইউনিট হিচাপে কাম কৰি আছে বুলি মন্ত্ৰীগৰাকীয়ে ভাষণত উল্লেখ কৰি কয় যে অসমতো এনেকুৱা প্ৰায় ২ লাখ উদ্যোগীয়ে কাম কৰি আছে বুলি এটা সমীক্ষাত কোৱা হৈছে। তেওঁ পুনৰ কয় যে কিন্তু আমি এই আঁচনিসমূহত যদি চাওঁ উপযুক্ত তেওঁলোকক দিকদৰ্শন নকৰাৰ কাৰণে বা প্ৰপাৰ ছাপ’ৰ্ট নোপোৱাৰ কাৰণে তেওঁলোক খুব বেছি আগবাঢ়িব নোৱাৰে বা আগবঢ়াৰ সম্ভৱনা থাকিলেও কামটোত আগবাঢ়িব নোৱাৰে। সেই কাৰণে আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰতবৰ্ষত প্ৰধানমন্ত্ৰী ক্ষুদ্ৰ খাদ্য উদ্যোগৰ সংসাধীকৰণ আনুষ্ঠানিকৰণ আঁচনি (PMFME)খন অনা হয়। এই আঁচনিখনৰ উদ্দেশ্য ফুড প্ৰচেছিং উদ্যোগীবোৰক সহায় কৰা। তেওঁ পুনৰ কয় যে আমাৰ গাঁও অঞ্চলত ক’ৰবাত দেখিব যে কোনোবাই মিঠাতেল বনায়, কোনোবাই আচাৰ বনায়। কোনো লেবেল নাই, পেকেট নাই বটলত বিক্ৰী কৰিছে। তাৰ উপযুক্ত দামো নাপায়, তাৰ মানদণ্ডৰ ক্ষেত্ৰতো কথা আহে আৰু উপযুক্ত বজাৰ এখনো নাপায়। এনেধৰণৰ যিসমূহ ক্ষুদ্ৰ উদ্যোগী আছে, তেওঁলোকক সঠিক দিশত আগবঢ়াবৰ কাৰণে এই আঁচনিখন অনা হৈছে। এই আঁচনিখনৰ জৰিয়তে যিকোনো খাদ্যৰ লগত জড়িত উদ্যোগক সামৰি লোৱা হয়। খাদ্য উৎপাদন কৰা বা ফুড প্ৰচেছ কৰা যিকোনো উদ্যোগ ইয়াত সামৰি ল’ব পৰা যায়। য’ত উদ্যোগীসকলে ব্যক্তিগতভাৱে বা আত্মসহায়ক গোট হিচাপে বা ছ’চাইটী বা কো-অপাৰেটিভ হিচাপে বা কোম্পেনী হিচাপে বেংকৰ পৰা ঋণ ল’ব পাৰিব। এই আঁচনিৰ অধীনত বেংকৰ ঋণৰ ৩৫ শতাংশ ৰাজসাহায্য দিয়া হয়। যদি কোনোবাই ব্যক্তিগত হিচাপে বেংকৰ পৰা ১০ লাখ টকা ঋণ লয়, তাৰে ৩৫ শতাংশ ৰাজসাহায্য অৰ্থাৎ ৩ লাখ ৫০ হাজাৰ টকা তিনিবছৰ পিছতে ছাবচিটী হিচাপে ল’ব পাৰিব। আনহাতে, আত্মসহায়ক গোট বা গ্ৰুপ হিচাপে ল’লে ১০ কোটি লৈকে ল’ব পাৰিব। ভাষণত মন্ত্ৰীগৰাকীয়ে কয় যে এই ব্যৱস্থাৰ সুবিধা আমি বহুতেই নলওঁ। তেওঁ নলবাৰীৰ এটা মিঠালেতৰ উদ্যোগ আৰু মাছৰুমৰ উদ্যোগৰ উদাহৰণ দাঙি ধৰি তেওঁলোকে এই আঁচনিৰ সুবিধা গ্ৰহণ কৰি নিজকে বহুখিনি আগবঢ়াই নিব পাৰিছে বুলি কয়। এইক্ষেত্ৰত মন্ত্ৰীগৰাকীয়ে উদ্যোগ বিভাগটোক সাধাৰণ ৰাইজৰ ওচৰলৈ লৈ যোৱাৰ বাবে কাম কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে। প্ৰত্যেকটো সমষ্টিৰ পৰা ভাল উদ্যোগী বাছনি কৰি উলিয়াই তেওঁলোকক ভালদৰে সহায় কৰিবলৈও মন্ত্ৰীগৰাকীয়ে কঠোৰ নিৰ্দেশ দিয়ে। বিষয়টো উদ্যোগ বিভাগক গুৰুত্বসহকাৰে ল’বলৈ মন্ত্ৰীগৰাকীয়ে আহ্বান জনায়।
মন্ত্ৰীগৰাকীয়ে সভাত ৰেচন কাৰ্ড, উজলা গেছৰ সংযোগ, অৰুণোদয় আঁচনি আদিৰ বিষয়ে উল্লেখ কৰি বিশেষকৈ অৰুণোদয় আঁচনিৰ আৰ্হিত আজি ভাৰতৰ অইন অইন ৰাজ্যইও বিভিন্ন নামেৰে দিয়া আৰম্ভ কৰা বুলি উল্লেখ কৰে। তেওঁ কয় যে আজি অসমৰ পিছত মহাৰাষ্ট্ৰ, মধ্যপ্ৰদেশ, ঝাৰখণ্ডৰ দৰে ৰাজ্যইও অৰুণোদয় আঁচনি বিভিন্ন নামেৰে দিয়া আৰম্ভ কৰিছে। অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ শুভাৰম্ভ কৰিছিল আৰু এতিয়া ভাৰতৰ্ষৰ বিভিন্ন ৰাজ্যই ইয়াক অনুসৰণ কৰিছে। মন্ত্ৰীগৰাকীয়ে কয় যে আমাৰ দায়িত্ব হ’ল সৰ্বসাধাৰণ দুখীয়া ৰাইজৰ কাৰণে কাম কৰা। দুখীয়া মানুহৰ উন্নয়নৰ কাৰণে প্ৰতিটো সময়তে আজি চৰকাৰখনে কাম কৰিছে বুলি উল্লেখ কৰি ইয়াৰ বাবে তেওঁ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ কয় যে ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত মাত্ৰ এটা বছৰৰ ভিতৰত ৬৩ লাখ পৰিয়ালক আমি ৰেচন কাৰ্ড হাতত তুলি দিছো। ৬৩ লাখ ব্যক্তিক মাহে ৫ কেজিকৈ চাউল পাব পৰা সুবিধা কৰি দিছো। ৬৩ লাখ পৰিয়ালে বছৰত ৫ লাখ টকাৰ বিনামূলীয়া চিকিৎসাৰ লাভৰ সুবিধা কৰি দিছো। এই ৬৩ লাখ পৰিয়ালে বিনামূলীয়া গেছৰ সুবিধা লাভ কৰিছে। এইধৰণে আজি আমাৰ চৰকাৰখনে মানুহৰ উন্নয়নৰ কাৰণে কাম কৰি গৈছে। আনহাতে, নতুন প্ৰজন্মই যাতে খাদ্যৰ লগত জড়িত ব্যৱসায়সমূহক গতি দিব পাৰে, তাৰ বাবে চৰকাৰখনে সহায় কৰিবলৈ আগবাঢ়ি আহিছে বুলি ভাষণত উল্লেখ কৰে।
উল্লেখ্য যে অসম চৰকাৰৰ খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ অধীনত ৰেচন কার্ড বিতৰণৰ দ্বিতীয় পৰ্যায়ৰ অন্তর্গত ১,৯৫০ গৰাকী হিতাধিকাৰীক মন্ত্ৰীগৰাকীয়ে আজি ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত আনুষ্ঠানিকভাৱে ৯৬৪খন ৰেচন কার্ড বিতৰণ কৰে। ইতিমধ্যে প্রথম পর্যায়ত যোৱা ১৫ ডিচেম্বৰ তাৰিখে ১৪,৪৬৯ জন হিতাধিকাৰীক সামৰি ৩,১০৭ টা পৰিয়ালৰ মাজত সুকলমে ৰেচন কার্ড বিতৰণ কৰা হৈছিল।
তদুপৰি, মন্ত্ৰীগৰাকীয়ে আজি এই সভাস্থলীতে ২০২৩-২৪ বিত্তীয় বৰ্ষৰ বাবে ‘অসম সংখ্যালঘু উন্নয়ন ব’ৰ্ডৰ এছ.অ’.পি.ডি. আঁচনিৰ অধীনত সংখ্যালঘু জনগোষ্ঠীসমূহক স্বনিয়োজন আৰু উদ্যোগীকৰণৰ বাবে অত্যাৱশ্যকীয় সঁজুলি আৰু মেচিন বিতৰণ কৰে। মুঠ ৭০ গৰাকী হিতাধিকাৰীৰ ২২ গৰাকীক ই-ৰিক্সা, ৪২ গৰাকীক চিলাই মেচিন, ২ গৰাকীক ফেশ্বন ডিজাইন মেচিন আৰু ৪ গৰাকীক স্বয়ংক্ৰিয় কাগজৰ প্লেট বনোৱা মেচিন প্রদান কৰে।
আজিৰ অনুষ্ঠানত জিলা আয়ুক্ত বর্ণালী ডেকা, নলবাৰীৰ পৌৰপতি জয়শ্ৰী তালুকদাৰ তথা অন্যান্য বিশিষ্ট ব্যক্তি উপস্থিত থাকে।


















Leave a Comment
Your email address will not be published. Required fields are marked with *