728 x 90
Like Us On Facebook
Facebook Pagelike Widget
728 x 90

বৃহত্তৰ অসমীয়া জাতি গঠন তথা অসমৰ অৰ্থনীতি নিয়ন্ত্ৰণত চাহ জনগোষ্ঠীটোৰ অৱদান অপৰিসীমঃ মন্ত্ৰী পীযুষ হাজৰীকা

বৃহত্তৰ অসমীয়া জাতি গঠন তথা অসমৰ অৰ্থনীতি নিয়ন্ত্ৰণত চাহ জনগোষ্ঠীটোৰ অৱদান অপৰিসীমঃ মন্ত্ৰী পীযুষ হাজৰীকা

বিগত ২০০ বছৰ ধৰি ৰাজ্যৰ চাহ উদ্যোগটো এইসকল লোকৰ ত্যাগ, পৰিশ্ৰমৰ বলতেই বৰ্তি আছেডিব্ৰুগড়ত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ ৭৭সংখ্যক প্ৰতিষ্ঠা দিৱসত মন্ত্ৰী পীযুষ হাজৰীকা অসমৰ সকলোতকৈ ডাঙৰ উদ্যোগ হৈছে চাহ উদ্যোগ। ২০০ বছৰীয়া এই উদ্যোগটোক ধৰি ৰাখিছে আমাৰ চাহ জনগোষ্ঠীৰ ভাই-ভনীসকলে, ককাইসকলে, দেউতা-মাতৃসকলে। বৃহত্তৰ অসমীয়া জাতি গঠন তথা অসমৰ অৰ্থনীতি নিয়ন্ত্ৰণত চাহ জনগোষ্ঠীটোৰ অপৰিসীম

বিগত ২০০ বছৰ ধৰি ৰাজ্যৰ চাহ উদ্যোগটো এইসকল লোকৰ ত্যাগ, পৰিশ্ৰমৰ বলতেই বৰ্তি আছে
ডিব্ৰুগড়ত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ ৭৭সংখ্যক প্ৰতিষ্ঠা দিৱসত মন্ত্ৰী পীযুষ হাজৰীকা

অসমৰ সকলোতকৈ ডাঙৰ উদ্যোগ হৈছে চাহ উদ্যোগ। ২০০ বছৰীয়া এই উদ্যোগটোক ধৰি ৰাখিছে আমাৰ চাহ জনগোষ্ঠীৰ ভাই-ভনীসকলে, ককাইসকলে, দেউতা-মাতৃসকলে। বৃহত্তৰ অসমীয়া জাতি গঠন তথা অসমৰ অৰ্থনীতি নিয়ন্ত্ৰণত চাহ জনগোষ্ঠীটোৰ অপৰিসীম অৱদান আছে। বিগত ২০০ বছৰ ধৰি ৰাজ্যৰ চাহ উদ্যোগটো এইসকল লোকৰ ত্যাগ, পৰিশ্ৰমৰ বলতেই বৰ্তি আছে।- এই মন্তব্য মন্ত্ৰী পীযুষ হাজৰীকাৰ। আজি আটছাৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত ডিব্ৰুগড়ৰ মানকটা চাহ বাগিচা খেলপথাৰত আয়োজিত প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি ভাষণ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে এইদৰে মন্তব্য কৰে। মন্ত্ৰীগৰাকীয়ে চাহ জনজাতি ছাত্ৰ সন্থাৰ জন্মবৃত্তান্তৰ কথা সুঁৱৰি কৰি কয় যে আজিৰ পৰা ৭৭ বছৰ পূৰ্বে কেইজনমান ব্যক্তিয়ে ডিব্ৰুগড়ৰ তেলপানী অঞ্চলত চাহ জনজাতি ছাত্ৰ সন্থা গঠন কৰিছিল। ইয়াৰ ছাইমন সিং হৰ আছিল প্ৰথম সভাপতি আৰু সন্তোষ কুমাৰ তপ্ন আছিল সাধাৰণ সম্পাদক। আজিৰ পৰা ৭৭ বছৰ আগতে আমি অসমীয়া মানুহখিনি বহুত বেছি শিক্ষিত নাছিলো। কিন্তু সেইখিনি অৱস্থাতেই কেইগৰাকীমান ব্যক্তিয়ে চাহ জনজাতি ছাত্ৰ সন্থা গঠন কৰিছিল। তেওঁলোক দূৰদৰ্শী আছিল। জাতিটোৰ কাৰণে কাম কৰা, জাতিটোৰ ল’ৰা-ছোৱালীক শিক্ষিত কৰা, জাতিটোৰ ল’ৰা-ছোৱালীক ভৱিষ্যতে ডাঙৰ মানুহ কৰা, সমাজ ব্যৱস্থাক পৰিৱৰ্তন কৰা, সামাজিক ব্যাধি নিৰ্মূল কৰা আদি লক্ষ্যৰে চাহ জনজাতি ছাত্ৰ সন্থা গঠন কৰা হৈছিল। ৭৭ বছৰ আগতে কৰা কাম, এয়া একেবাৰে সৰু কথা নহয় বুলি মন্ত্ৰীগৰাকীয়ে ভাষণত উল্লেখ কৰে। পৰৱৰ্তী সময়ত এই চাহ জনজাতি ছাত্ৰ সন্থাই অসমৰ চাহ জনগোষ্ঠীৰ ব্যক্তিসকলৰ উন্নয়নৰ কাৰণে প্ৰত্যেক মুহূৰ্ততে অসাধ্য সাধন কৰা পৰিলক্ষিত হোৱা বুলি তেওঁ কয়। ৰাইজক উদ্দেশ্যি দিয়া ভাষণত মন্ত্ৰীগৰাকীয়ে কয় যে চাহ জনগোষ্ঠীৰ কিছু কিছু ব্যক্তি এতিয়াও যথেষ্ট কষ্টেৰে বসবাস কৰি আছে। আমাৰ চাহ জনগোষ্ঠীৰ লোকসকলে অকল চাহ বাগানত কাম কৰি জীৱন নিৰ্বাহ কৰিব নালাগে। এনেকুৱা পৰিৱেশৰ পৰা আমি মুক্ত হ’ব লাগিব। নিশ্চয়কৈ আমি আমাৰ চাহ উদ্যোগটোক জীয়াই ৰাখিব লাগিব। কিন্তু তাৰ মাজতে আমি আমাৰ ল’ৰা-ছোৱালীক ডক্টৰ, ইঞ্জিনীয়াৰ, এপিএছ, এচিএছ বিষয়া বনাব লাগিব। মন্ত্ৰীগৰাকীয়ে কয় যে ইয়াৰ কাৰণে অহোপুৰুষাৰ্থ কৰে চাহ জনজাতি ছাত্ৰ সন্থাই। জাতিটোৰ উন্নয়নৰ কাৰণে কৰ্মত ব্ৰতী হয়। জাতিটোক সকলোতকৈ সযোগ্যভাৱে উপস্থাপন কৰিছে চাহ জনজাতি ছাত্ৰ সন্থাই। মন্ত্ৰীগৰাকীয়ে এই মঞ্চৰ পৰাই যে বহুকেিজন মন্ত্ৰী-বিধায়ক, সাংসদ, বৰেণ্য ব্যক্তি ওলাই আহিছে তাৰ উদাহৰণো দাঙি ধৰে। আনহাতে, মন্ত্ৰীগৰাকীয়ে চাহ বাগিচা অঞ্চলত বৃদ্ধি পোৱা মাদক দ্ৰব্যৰ অবাধ প্ৰচলন, অসামাজিক কাৰ্যকলাপ ৰোধ কৰাৰ ক্ষেত্ৰত চাহ জনজাতি ছাত্ৰ সন্থাক পদক্ষেপ গ্ৰহণৰ বাবেও আহ্বান জনায়। চাহ জনজাতি ছাত্ৰ সন্থাই এই ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰি আহিছে যদিও বাগানৰ লাইন এলেকাত আৰু জোৰদাৰ পদক্ষেপ গ্ৰহণ কৰিব লাগিব বুলি কয়।
উল্লেখ্য যে চাহ জনগোষ্ঠীয় লোকসকল অসমীয়া জাতিৰ অন্যতম অভিন্ন অংগ। জনগোষ্ঠীটোৰ ভাই-ভনীসকলৰ সৰ্বাংগীণ উন্নয়নৰ বাবে কাম কৰি অহা অসম চাহ জনজাতি ছাত্ৰ সন্থা (আটছা)ৰ আজি ৭৭সংখ্যক প্ৰতিষ্ঠা দিৱস। আজি আটছাৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আটছা-আটুৱা ডিব্রুগড় জিলা সমিতি, ডিব্ৰুগড় শাখা আৰু জিলাবাসীৰ আতিথ্যত মানকটা চাহ বাগিচা খেলপথাৰত আয়োজিত প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে ৭৭ বছৰীয়া অভিজ্ঞতাৰে সমৃদ্ধ আটছাৰ প্ৰতিষ্ঠা দিৱসৰ শুভক্ষণত সংগঠনটোৰ সৈতে জড়িত সকলো ব্যক্তি তথা জনগোষ্ঠীটোৰ প্ৰত্যেকজন ব্যক্তিক আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰাৰ লগতে আগন্তুক ইংৰাজী নৱবৰ্ষ আৰু ভোগালী বিহুৰ ওলগ জনায়। বৃহত্তৰ অসমীয়া জাতি গঠন তথা অসমৰ অৰ্থনীতি নিয়ন্ত্ৰণত চাহ জনগোষ্ঠীটোৰ অপৰিসীম অৱদান আছে বুলি মন্ত্ৰীগৰাকীয়ে ভাষণত উল্লেখ কৰি বিগত ২০০ বছৰ ধৰি ৰাজ্যৰ চাহ উদ্যোগটো এইসকল লোকৰ ত্যাগ, পৰিশ্ৰমৰ বলতেই বৰ্তি আছে বুলি কয়। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চাহ জনগোষ্ঠীটোৰ লোকসকলৰ উন্নয়নৰ বাবে শিক্ষা, স্বাস্থ্য, নিযুক্তি আদিকে ধৰি বিভিন্ন দিশত বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে মন্ত্ৰীগৰাকীয়ে কয়। এইসকল লোকৰ জীৱন ধাৰণৰ মান উন্নত কৰাৰ সংকল্পৰে কাম কৰি অহা আটছাই এই ৭৭ বছৰীয়া সোণোৱালী যাত্ৰাত ৰাজ্যৰ প্ৰতিটো ৰাজহুৱা বিষয়তো গুৰুত্বপূৰ্ণ স্থিতি গ্ৰহণ কৰি আহিছে। আগন্তুক দিনতো এই সংগঠনটোক ৰাজ্যৰ উন্নয়নৰ ক্ষেত্ৰত তীক্ষ্ণ নজৰ ৰাখি কাম কৰি যাবলৈ আজিৰ এই অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে আহ্বান জনায়।
আজিৰ এই কাৰ্যসূচীত সাংসদ কামাখ্যা প্ৰসাদ তাছা, মন্ত্ৰী ক্ৰমে অতুল বৰা, বিমল বৰা আৰু ৰূপেশ গোৱালা , বিধায়ক ক্ৰমে সঞ্জয় কিষাণ, বিনোদ হাজৰিকা, পোনাকণ বৰুৱা, তেৰশ গোৱালা আৰু তৰংগ গগৈ, বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য ৰাতুল শৰ্মা, মৰাণ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য অৰুণজ্যোতি মৰাণ, আটছাৰ কেন্দ্ৰীয় সভাপতি ধীৰাজ গোৱালা আৰু সাধাৰণ সম্পাদক জগদীশ বৰাইকৰ উপৰি সংগঠনটোৰ নেতৃবৃন্দ, কৰ্মীসহ বহুসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

Posts Carousel

Leave a Comment

Your email address will not be published. Required fields are marked with *

Latest Posts

Top Authors

Most Commented

Featured Videos

error: Content is protected !!