আৰক্ষীৰ ছত্ৰছায়াত জয়পুৰত চলে গৰুৰ চোৰাং কাৰবাৰগৰু চুৰি চক্ৰৰ পৰা আৰক্ষীয়ে লাভ কৰে বৃহৎ কমিছনগৰু চুৰি চক্ৰই ফাদিল কৰিলে আৰক্ষী আৰু গৰু চোৰৰ গোপন সম্পৰ্ক নাহৰকটীয়াৰ জয়পুৰত এটা গৰু চুৰি চক্ৰ উৎখাত কৰা হয়। জানিব পৰা মতে, দীর্ঘদিন ধৰি আৰক্ষীৰ ছত্ৰছায়াতে জয়পুৰত চলি আহিছিল গৰুৰ এই চোৰাং কাৰবাৰ।অভিযোগ মতে, জয়পুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া উত্তম
আৰক্ষীৰ ছত্ৰছায়াত জয়পুৰত চলে গৰুৰ চোৰাং কাৰবাৰ
গৰু চুৰি চক্ৰৰ পৰা আৰক্ষীয়ে লাভ কৰে বৃহৎ কমিছন
গৰু চুৰি চক্ৰই ফাদিল কৰিলে আৰক্ষী আৰু গৰু চোৰৰ গোপন সম্পৰ্ক
নাহৰকটীয়াৰ জয়পুৰত এটা গৰু চুৰি চক্ৰ উৎখাত কৰা হয়। জানিব পৰা মতে, দীর্ঘদিন ধৰি আৰক্ষীৰ ছত্ৰছায়াতে জয়পুৰত চলি আহিছিল গৰুৰ এই চোৰাং কাৰবাৰ।
অভিযোগ মতে, জয়পুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া উত্তম মালাকাৰ আৰু এগৰাকী আৰক্ষী বিষয়াৰ নিৰ্দেশতে চলিছিল গৰুৰ এই চোৰাং কাৰবাৰ।
নগাঁও জিলাৰ ধিঙৰ বদৰু জামান চৌধুৰীয়ে আৰক্ষীক খবৰ দি জয়পুৰত গৰু চুৰি কৰি চোৰাং কাৰবাৰ কৰা বুলি ধৃত চোৰটোৱে বিস্ফোৰক স্বীকাৰোক্তি দিছে। বদৰু জামান এণ্ড গেংগে এনেদৰে দীৰ্ঘদিনৰ পৰা অব্যাহত ৰাখিছিল গৰুৰ চোৰাং কাৰবাৰ।

দীৰ্ঘদিন ধৰি নাহৰকটীয়াৰ লগতে জয়পুৰ ভাদৈ আদি অঞ্চলত এক প্ৰকাৰ গো-ধন চুৰি কৰি সন্ত্ৰাস সৃষ্টি কৰিছিল বদৰু জামানে। একদৰে বুধবাৰে নিশাও চুৰি কৰি মজুত কৰি ৰখা গো-ধন নিবলৈ আহি হাতে-লোটে ধৰা পৰে বদৰু জামান চৌধুৰী নামৰ এই গভাইত চোৰটো। জয়পুৰ থানা কমিটীৰ চেয়াৰমেন মৃদুল কলিতাৰ তৎপৰতাত উৎখাত হয় এই গৰু চুৰি চক্ৰটো। উল্লেখ্য যে বুধবাৰে পুৱা জয়পুৰ অঞ্চলৰ পৰা চুৰি হৈছিল ৮ টাকৈ গৰু। এই চুৰি গৰুসমূহ গৰু চুৰি চক্ৰটোৱৈ জয়পুৰ নগা গাঁৱৰ এক ঘন জংঘলত মজুত কৰি ৰাখিছিল। আনকি গো-ধনসমূহে যাতে চিঞৰিব নোৱাৰে তাৰ বাবে গৰুৰ মুখ টঙালেৰে বান্ধি ৰাখিছিল।নিশা প্ৰায় ১১ বজাত গৰু চোৰৰ মাষ্টাৰমাইণ্ড বদৰু জামান চৌধুৰীসহ চোৰৰ গেংগটোৱে AS-02 DC-6246 নম্বৰৰ টাটা য়োদ্ধা মজুত কৰি ৰখা চুৰি গৰুসমূহ নিবলৈ আহোতে হাতে-লোটে ধৰা পেলায় জয়পুৰ থানা কমিটীৰ চেয়াৰমেন মৃদুল কলিতা আৰু স্থানীয় ৰাইজে। ইয়াৰে আন দুজন সহযোগী পলাই যাবলৈ সক্ষম হয়। পিছত চুৰি গৰুসহ গৰু চোৰ বদৰু জামানক আৰক্ষীক চমাজাই দিয়ে স্থানীয় ৰাইজে।ইতিমধ্যে আৰক্ষীয়ে বদৰু জামান চৌধুৰীক আটক কৰাৰ লগতে তেওঁৰ স্বীকাৰোক্তিৰ ভিত্তিত চুৰি কাণ্ডৰ লগত জড়িত জয়পুৰ নগা গাঁৱৰ গৌতম সিং আৰু জয়পুৰৰ দুলু আহমেদক গ্ৰেপ্তাৰ কৰিছে। তদুপৰি গৰু চুৰিত ব্যৱহৃত টাটা য়োদ্ধা ববাহখনৰ লগতে নগদ ৯৯ হেজাৰ টকা জব্দ কৰিছে। ইতিমধ্যে জয়পুৰ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত এক গোচৰ ৰুজু কৰি গৰু চুৰি গেঙৰ বিৰুদ্ধে তদন্ত অব্যাহত ৰাখিছে। ইফালে আৰক্ষী আৰু গৰু চোৰৰ গোপন সম্পৰ্ক ফাদিল হোৱাৰ পিছত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সমগ্ৰ জয়পুৰ অঞ্চলত।


















Leave a Comment
Your email address will not be published. Required fields are marked with *