728 x 90
Like Us On Facebook
Facebook Pagelike Widget
728 x 90

নতুনকৈ লাভ কৰা দপ্তৰ সন্দৰ্ভত বিভিন্ন সংবাদ গোষ্ঠীৰ জ্যেষ্ঠ সম্পাদক-সাংবাদিকৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ মতবিনিময়

নতুনকৈ লাভ কৰা দপ্তৰ সন্দৰ্ভত বিভিন্ন সংবাদ গোষ্ঠীৰ জ্যেষ্ঠ সম্পাদক-সাংবাদিকৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ মতবিনিময়

🔹নিকাভাৱে কাৰ্য সম্পন্ন কৰাৰ উদ্দেশ্যে জল জীৱন মিছন আঁচনিৰ তথ্য ৰাজহুৱাভাৱে উপলব্ধ কৰা হ’ব গুৱাহাটী, ২১ ডিচেম্বৰঃ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ দায়িত্ব লোৱাৰ পিছত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি গুৱাহাটীৰ নভোটেলত বিভিন্ন সংবাদ গোষ্ঠীৰ জ্যেষ্ঠ সম্পাদক আৰু সাংবাদিকৰ সৈতে ‘বাৰ্তলাপ’ নামৰ এক মতবিনিময় অনুষ্ঠানৰ আয়োজন কৰে। এই মতবিনিময় অনুষ্ঠানত গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা

🔹নিকাভাৱে কাৰ্য সম্পন্ন কৰাৰ উদ্দেশ্যে জল জীৱন মিছন আঁচনিৰ তথ্য ৰাজহুৱাভাৱে উপলব্ধ কৰা হ’ব

গুৱাহাটী, ২১ ডিচেম্বৰঃ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ দায়িত্ব লোৱাৰ পিছত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি গুৱাহাটীৰ নভোটেলত বিভিন্ন সংবাদ গোষ্ঠীৰ জ্যেষ্ঠ সম্পাদক আৰু সাংবাদিকৰ সৈতে ‘বাৰ্তলাপ’ নামৰ এক মতবিনিময় অনুষ্ঠানৰ আয়োজন কৰে। এই মতবিনিময় অনুষ্ঠানত গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগ (DoHUA) তথা জনস্বাস্থ্য কাৰিকৰী (PHED) বিভাগৰ মূল পদক্ষেপসমূহক অগ্ৰাধিকাৰ দিয়া হয় আৰু বিষয়সমূহৰ ওপৰত বিতং আলোচনাৰ কৰা হয়, যাৰ দ্বাৰা সমগ্ৰ অসমত, বিশেষকৈ নগৰ পৰিক্ৰমা আৰু জনস্বাস্থ্যৰ ক্ষেত্ৰত বহনক্ষম উন্নয়নক কাৰ্যকৰী কৰি লাভান্বিত হোৱা লক্ষ্য স্থিৰ কৰা হয়।

আলোচনাত গুৱাহাটীক কেন্দ্ৰ কৰি অসমৰ কৃত্ৰিম বানপানীৰ সৈতে মোকাবিলা কৰিবলৈ প্ৰস্তুত কৰা গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা (DoHUA) বিভাগৰ অভিলাষী “বানমুক্তকৰণ অভিযান” (Mission Flood-Free) পদক্ষেপ সন্দৰ্ভত আলোকপাত কৰা হয়। আলোচনাত প্ৰস্তাৱিত সমাধানসমূহৰ ভিতৰত আছিল- বান প্ৰৱণ অঞ্চলত এক শক্তিশালী নিষ্কাষণ ব্যৱস্থাৰ বিকাশ, সীমা অতিক্ৰম কৰি পানীৰ প্ৰবাহ পৰিচালনাৰ বাবে মেঘালয়ৰ সৈতে সহযোগিতামূলক প্ৰচেষ্টা আৰু গুৱাহাটীক অধিক পৰিষ্কাৰ আৰু অধিক বাসোপযোগী কৰি তুলিবলৈ সমূহীয়া উদ্যোগক উদগনি জনোৱা।

মন্ত্ৰীগৰাকীয়ে স্বচ্ছতা আৰু নগৰ উন্নয়নৰ ক্ষেত্ৰত জনসাধাৰণৰ সহযোগিতা আৰু অৱদানক উৎসাহিত কৰাৰ সম্ভাৱনাক ব্যক্ত কৰি চৰকাৰে আগবঢ়াবলগীয়া বিভিন্ন পদক্ষেপ আৰু বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক স্বচ্ছতা অভিযানত জড়িত কৰিবলৈ শিক্ষা বিভাগৰ সৈতে আলোচনা কৰাৰ কথাও প্ৰকাশ কৰে। আনহাতে অনুষ্ঠানত, উদ্ভাৱনীমূলক যাতায়ত ব্যৱস্থাপনা, ফুটপাথ বেদখল ৰোধ কৰা, আৱৰ্জনা নিষ্কাষণ ব্যৱস্থা শক্তিশালী কৰা, নতুন নিৰ্মাণত ভূগৰ্ভস্থ পানী সংৰক্ষণ ব্যৱস্থা অন্তৰ্ভুক্ত কৰা, আৰু অবৈধ পানী যোগানৰ ওপৰত কঠোৰ ব্যৱস্থা গ্ৰহণৰ ক্ষেত্ৰত আলোচনা কৰা হয়।

জনস্বাস্থ্য আৰু কাৰিকৰী (PHED) বিভাগৰ ক্ষেত্ৰত জল জীৱন মিছনৰ (JJM) অধীনত বিশুদ্ধ খোৱা পানীৰ সংযোগ প্ৰদানৰ ক্ষেত্ৰত বিভাগটোৱে লাভ কৰা গুৰুত্বপূৰ্ণ অগ্ৰগতিসমূহ অনুষ্ঠানত উপস্থাপন কৰা হয়। ৰাজ্যখনত নলযোগে খোৱা পানীৰ সংযোগৰ সংখ্যা ২০১৯ চনৰ ১.৬৭ শতাংশৰ পৰা বৰ্তমান ৮২ শতাংশলৈ বৃদ্ধি হৈছে। মন্ত্ৰীগৰাকীয়ে জল জীৱন মিছনৰ আঁচনিসমূহৰ কঠোৰ নিৰীক্ষণত চৰকাৰৰ প্ৰতিশ্ৰুতি তথা দায়বদ্ধতাক পুনৰবাৰ উল্লেখ কৰে আৰু আচঁনিৰ সুবিধাৰ পৰা বঞ্চিত ক্ষেত্ৰসমূহ চিনাক্তকৰণ কৰাত সংবাদ মাধ্যমে পালন কৰা গুৰুত্বপূৰ্ণ ভূমিকাক উল্লেখ কৰে।

এই অনুষ্ঠানত চৰকাৰ আৰু জনসাধাৰণৰ মাজত সংযোগ স্থাপন কৰিবলৈ সংবাদ মাধ্যমৰ ভূমিকাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰা হয়। লগতে ডিজিটেল মাধ্যমৰ সদ্ব্যৱহাৰ আৰু ইয়াৰ যোগেদি পোনপটীয়া সম্পৰ্ক স্থাপনৰ দৰে বিভিন্ন কৌশলৰ ওপৰত আলোচনা কৰা হয়। আলোচনাত, সংবাদকৰ্মীসকলে লাগতিয়াল পৰিৱৰ্তন তথা সমস্যা সমাধানৰ বাবে নীতি আদিক লৈ তেওঁলোকৰ মূল্যৱান মতামত আগবঢ়ায়।

মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই সংবাদ মাধ্যমৰ সক্ৰিয় অংশগ্ৰহণ আৰু অন্তৰ্দৃষ্টিৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে, যি তেওঁ জনসাধাৰণৰ প্ৰয়োজনীয়তাৰ সৈতে সংগতি ৰাখি নীতি গঠনৰ বাবে অতি গুৰুত্বপূৰ্ণ বুলি অভিহিত কৰে। অসমৰ প্ৰগতিশীল আৰু সৰ্বাংগীন বিকশিত ভৱিষ্যতৰ বাবে প্রচেষ্টা, সহযোগিতা আৰু উদ্ভাৱনৰ প্ৰতি দায়বদ্ধতা প্ৰকাশ কৰি মতবিনিময় অনুষ্ঠানৰ সামৰণি পৰে।

Posts Carousel

Leave a Comment

Your email address will not be published. Required fields are marked with *

Latest Posts

Top Authors

Most Commented

Featured Videos

error: Content is protected !!