🔹’বিগত ৪ বছৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে অভূতপূৰ্বভাৱে কাম কৰি ৰাইজক সেৱা কৰিবলৈকে সক্ষম হৈছে’🔹হোজাইত ‘বিকাশৰ ১২ দিন’ শীৰ্ষক কাৰ্যসূচীত মন্ত্ৰী পীযুষ হাজৰীকা আমি লাখ লাখ পৰিয়ালক, লাখ লাখ ব্যক্তিক মাত্ৰ ১২টা দিনৰ ভিতৰত কিবা নহয় কিবা প্ৰকাৰে সহায় কৰিছো। এয়া অকল ১২ দিনেই নহয়, যোৱা ৪ টা বছৰত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত
🔹’বিগত ৪ বছৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে অভূতপূৰ্বভাৱে কাম কৰি ৰাইজক সেৱা কৰিবলৈকে সক্ষম হৈছে’
🔹হোজাইত ‘বিকাশৰ ১২ দিন’ শীৰ্ষক কাৰ্যসূচীত মন্ত্ৰী পীযুষ হাজৰীকা
আমি লাখ লাখ পৰিয়ালক, লাখ লাখ ব্যক্তিক মাত্ৰ ১২টা দিনৰ ভিতৰত কিবা নহয় কিবা প্ৰকাৰে সহায় কৰিছো। এয়া অকল ১২ দিনেই নহয়, যোৱা ৪ টা বছৰত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে অভূতপূৰ্বভাৱে কাম কৰি ৰাইজক সেৱা কৰিবলৈকে সক্ষম হৈছে।- এই মন্তব্য মন্ত্ৰী পীযুষ হাজৰীকাৰ। ‘বিকাশৰ ১২ দিন’ কাৰ্যসূচীৰ অংশস্বৰূপে আজি হোজাইৰ শ্ৰীমন্ত শংকৰদেৱ নগৰস্থিত কাছাৰী ময়দানত অনুষ্ঠিত সভা সম্বোধন কৰি মন্ত্ৰীগৰাকীয়ে ৰাইজক উদ্দেশ্যি এইদৰে কয়। মন্ত্ৰীগৰাকীয়ে আজিৰ এইখন সভাত প্ৰায় ৩ হাজাৰগৰাকী মহিলাক মাক্ৰ’ফাইনেন্সৰ ঋণমুক্তিৰ প্ৰমাণপত্ৰ, যোৱা বানপানীত ক্ষতিগ্ৰস্ত পৰিয়ালক আৰ্থিক সাহায্য আৰু যিসকল পুৰুষ-মহিলাই চৰকাৰী সাহায্য লৈ কাম কৰিব খোজে তেওঁলোকক ডিবিটি যোগে ধন দিয়াৰ উদ্দেশ্যে আয়োজন কৰা হৈছে বুলি ভাষণত উল্লেখ কৰে। কাইলৈ এই মঞ্চতে পুনৰ লামডিং সমষ্টিৰ কাৰণে ৰেচন কাৰ্ড বিতৰণ কৰা হ’ব বুলিও মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।
মন্ত্ৰীগৰাকীয়ে কয় যে আমি লাখ লাখ পৰিয়ালক, লাখ লাখ ব্যক্তিক মাত্ৰ ১২টা দিনৰ ভিতৰত কিবা নহয় কিবা প্ৰকাৰে সহায় কৰিছো। এয়া অকল ১২ দিনেই নহয়, যোৱা ৪ টা বছৰত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে অভূতপূৰ্বভাৱে কাম কৰি ৰাইজক সেৱা কৰিবলৈকে সক্ষম হৈছে। আজি মই ক’বলৈ পাই সুখী হৈছো যে আজিলৈকে আমি ১২ লাখ ৭১ হাজাৰ ৬ শ ৭২ গৰাকী মহিলাৰ হৈ ২,৩০৪ কোটি টকা মাইক্ৰ’ফাইনেন্সৰ ঋণ মাফ কৰি দিবলৈ সক্ষম হৈছো।
মন্ত্ৰীগৰাকীয়ে পুনৰ কয় যে আজিৰ পৰা ঠিক ৪ বছৰমান আগতে যেতিয়া অসমত বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হৈছিল, সেইখিনি সময়ত অসমৰ মহিলাসকলে দাবী কৰিছিল যে মাইক্ৰ’ফাইনেন্সৰ ঋণৰ হাতোৰাৰ পৰা তেওঁলোকক চৰকাৰে মুক্ত কৰি দিব লাগে। মাইক্ৰ’ফাইনেন্সৰ যিসমূহ বেংক সেই বেংকসমূহৰ সুতৰ হাৰ বেছি। আমাৰ মহিলাসকলে কাম কৰিবলৈ ঋণ লৈছিল, কিন্তু ঋণ ঘূৰাই দিব নোৱাৰে, সেয়ে চৰকাৰক অনুৰোধ জনাইছিল সেই ঋণৰ পৰা মুক্তি দিবৰ বাবে। সেইখিনি সময়ত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা অসমৰ স্বাস্থ্য, বিত্ত আৰু গড়কাপ্টানী মন্ত্ৰী আছিল। সেই সময়ত ড০ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল যে যদি তেওঁ পুনৰ চৰকাৰ গঠন কৰিবলৈ সক্ষম হয় মাইক্ৰ’ফাইনেন্সৰ ঋণৰ পৰা অসমৰ মহিলাসকলক মুক্ত কৰি দিব। মন্ত্ৰীগৰাকীয়ে কয় যে ড০ হিমন্ত বিশ্ব শৰ্মাই যি প্ৰতিশ্ৰুতি দিয়ে সেয়া তেওঁ আখৰে আখৰে পালন কৰে। আৰু কথা মতেই কাম, দ্বিতীয়বাৰৰ বাবে আমি চৰকাৰ গঠন কৰিলো, ড০ হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হ’ল আৰু প্ৰথমখন কেবিনেটতেই আমি সিদ্ধান্ত ল’লো যে মহিলাসকলৰ এই মাইক্ৰ’ফাইনেন্সৰ ঋণ আমি চৰকাৰৰ ফালৰ পৰা মাৰিম। সেই অনুসৰি আমি পৰ্যায়ক্ৰমে অসমৰ ১২ লাখ ৭১ হাজাৰ ৬ শ ৭২ গৰাকী মহিলাৰ ঋণ মাৰি দিবলৈ সক্ষম হৈছো আৰু আজিও আমি ঋণমুক্ত প্ৰমাণ পত্ৰ দিবলৈ ইয়াত সমবেত হৈছো।
এইদৰে চৰকাৰখনে প্ৰত্যেকটো ক্ষেত্ৰতে কাম কৰিছে বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। তেওঁ কয় যে এইবেলি আমি প্ৰায় ৪৮ হাজাৰ ছাত্ৰ-ছাত্ৰীক স্কুটী দিবলৈ সক্ষম হৈছো। প্ৰায় চাৰে তিনি লাখ ছাত্ৰ-ছাত্ৰীক চাইকেল দিবলৈ সক্ষম হৈছো। লগতে কেবাহাজাৰ ল’ৰা-ছোৱালীক আননন্দৰাম বৰুৱা বঁটাৰ অধীনত ১২,৫০০ টকাকৈ দিবলৈ সক্ষম হৈছো।
তেওঁ কয় যে আমি অকল এইখিনি কাম কৰিয়েই বহি থকা নাই। আমাৰ চৰকাৰখনে খেতিয়কসকলৰ কাৰণেও এটা ডাঙৰ কাম কৰিছে। ভাৰতবৰ্ষ এখন কৃষিপ্ৰধান দেশ। অসম এখন কৃষিৰ ওপৰত নিৰ্ভৰশীল ৰাজ্য। আমাৰ ৰাজ্যখনৰ প্ৰায় ৮০ শতাংশ লোক কৃষিৰ ওপৰত নিৰ্ভৰশীল। মূলতঃ ধান খেতিৰ ওপৰত নিৰ্ভৰ কৰিয়েই আমাৰ কৃষকসকল জীৱন নিৰ্বাহ কৰে। সেই কাৰণে মুখ্যমন্ত্ৰীয়ে চিন্তা কৰিলে যে আমাৰ ধানৰ মূল্য বঢ়াব লাগিব। কৃষকসকলক ধানৰ ন্যূনতম সমৰ্থন মূল্য(এম এছ পি) দিব লাগিব। সেয়ে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এই তৎপৰতাৰ বাবে আজি আমি অসমৰ ৰাইজক প্ৰতি মোন ধানত ৮৫০ টকা আৰু প্ৰতি কুইণ্টল ধানত ২৩,০০ টকাকৈ দিবলৈ সক্ষম হৈছো। পূৰ্বে এই ধান আমি প্ৰতি মোনত ৪০০ টকাত বিক্ৰী কৰিব লগা হৈছিল। এক মোন ধান উৎপাদন কৰোঁতে খৰচ হৈছিল ৩৫০ টকা আৰু বিক্ৰী কৰি পাইছিলো মাত্ৰ ৪০০ টকা। সেয়ে কৃষক ৰাইজে খেতি কৰা প্ৰায় বাদেই দিছিল। কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মুখ্যমন্ত্ৰী হৈ সেই পৰিৱেশ সলনি কৰিলে। সেয়ে আজি আমাৰ কৃষক ৰাইজে দুগুণ উৎসাহেৰে খেতি কৰিবলৈ লৈছে।
মন্ত্ৰীগৰাকীয়ে কৃষক সন্মান নিধিৰ কথা উল্লেখ কৰি কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৃষক ৰাইজক কৃষক সন্মান নিধি দিয়াৰ ব্যৱস্থা কৰিছে। এই আঁচনিৰ অধীনত লাখ লাখ কৃষকক বছৰত ৬ হাজাৰকৈ টকা দিয়াৰ ব্যৱস্থা কৰা হৈছে।
মন্ত্ৰীগৰাকীয়ে পুনৰ কয় যে এইখন চৰকাৰৰ দিনত আমি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান আনিলো। এই আঁচনিৰ অধীনত আমি ১ লাখ নিবনুৱা যুৱক-যুৱতীক ২ লাখ টকাকৈ আৰ্থিক অনুদান আগবঢ়াম। এতিয়ালৈকে আমি ২৫,৫০০ যুৱক-যুৱতীক, যিসকলে যুৱক-যুৱতীয়ে চাকৰি লাভ কৰিবলৈ সক্ষম হোৱা নাই তেওঁলোকক ২ লাখকৈ টকা দিয়াৰ ব্যৱস্থা কৰিলো। বাকী ৭৫ হাজাৰ ল’ৰা-ছোৱালীক পৰ্যায়ক্ৰমে এই ধন দিয়া হ’ব। অকল ৭৫ হাজাৰেই নহয় মুখ্যমন্ত্ৰীয়ে এই সংখ্যা ১ লাখলৈ বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে। অৰ্থাৎ ১ লাখ ২৫ হাজাৰ ল’ৰা-ছোৱালীক মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান আঁচনিৰ অধীনত ২ লাখকৈ টকা দিয়াৰ বাবে মুখ্যমন্ত্ৰী উদ্যত হৈছে বুলি তেওঁ কয়।
মন্ত্ৰীগৰাকীয়ে অসম চৰকাৰৰ বৃহৎ নিযুক্তিৰ বিষয়ে উল্লেখ কৰি কয় যে আজি চাৰে তিনি বছৰত অসমৰ ডেৰ লাখ ল’ৰা-ছোৱালীক আমি চকৰি দিবলৈ সক্ষম হ’লো। কোনেও ক’ব নোৱাৰে যে চাকৰিৰ নামত ক’ৰবাত দুটা টকাৰ দুৰ্নীতি হৈছে বুলি। আমি চাকৰি দিছো সম্পূৰ্ণ স্বচ্ছতাৰে, মেধাৰ ভিত্তিত। এনেদৰে মন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰীৰ উদ্যমিতা আঁচনি, অৰুণোদয় আঁচনি, আয়ুষ্মান অসম আদি আঁচনিসমূহৰ বিষয়ে ব্যাখ্যা দাঙি ধৰে। তেওঁ কংগ্ৰেছ দলক তীব্ৰ সমালোচনা কৰি কয় যে উন্নয়নৰ নামত আমি যিমান কাম কৰিছো, সত্তৰ বছৰেও কংগ্ৰেছ দলে এই কাম কৰিব পৰা নাই। মেডিকেল কলেজৰ প্ৰসংগ উল্লেখ কৰি তেওঁ কয় যে স্বাধীনতৰা ৭০ বছৰত অসমত মেডিকেল কলেজ আছিল মাত্ৰ ৬ খন। কিন্তু আমি ৯ বছৰত অসমত মেডিকেল কলেজ বনালো ১৮ খন। মন্ত্ৰীগৰাকীয়ে ৰাজ্যখনৰ একাংশ কলেজক বিশ্ববিদ্যালয়লৈ উন্নীত কৰাৰ বিষয়ে উল্লেখ কৰি হোজাত কবিগুৰু ৰবীন্দ্ৰ নাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ স্থাপনৰ কথাও ভাষণ প্ৰসংগত উল্লেখ কৰে।
উল্লেখ্য যে এই কাৰ্যসূচীৰ অধীনত আজি হোজাই জিলাত মাইক্ৰ’ফাইনেন্সৰ ঋণ ৰেহাইৰ তৃতীয় পৰ্যায়ত “ন’ ডিউজ চাৰ্টিফিকেট” বিতৰণ, বানত ক্ষতিগ্ৰস্ত পৰিয়াললৈ সাহায্য প্ৰদান, পিএমএফএমই আঁচনিৰ অধীনত আত্মসহায়ক গোটলৈ প্ৰাৰম্ভিক মূলধন প্ৰদানকে ধৰি বহুকেইখন আঁচনিৰ সাহায্য প্ৰদান কৰা হয়। উল্লেখ্য যে ‘বিকাশৰ ১২ দিন’ কাৰ্যসূচীত জিলাখনৰ ১২ হাজাৰতকৈও অধিক লোক উপকৃত হৈছে। আজিৰ এই কাৰ্যসূচীত সাংসদকামাখ্যা প্ৰসাদ তাছা, বিধায়ক ৰামকৃষ্ণ ঘোষ, শিবু মিশ্ৰ, অসম সংখ্যালঘু উন্নয়ন পৰিষদৰ অধ্যক্ষ হাবিব মহম্মদ চৌধুৰী, হোজাই জিলা আয়ুক্ত, আৰক্ষী অধীক্ষক, সমাজকৰ্মীসহ বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।


















Leave a Comment
Your email address will not be published. Required fields are marked with *