728 x 90
Like Us On Facebook
Facebook Pagelike Widget
728 x 90

মই ‘এক দেশ এক নিৰ্বাচন’ৰ সমৰ্থনত আছোঃ মন্ত্ৰী পীযুষ হাজৰীকা

মই ‘এক দেশ এক নিৰ্বাচন’ৰ সমৰ্থনত আছোঃ মন্ত্ৰী পীযুষ হাজৰীকা

‘নিৰ্বাচন বাৰে বাৰে হৈ থাকিলে উন্নয়নত প্ৰভাৱ পৰে, উন্নয়ন কমি যায়’কাছাৰত সংগঠন পৰ্ব কাৰ্যসূচীৰ অংশস্বৰূপে দলীয় কাৰ্যকৰ্তাৰে মত-বিনিময় মন্ত্ৰীগৰাকীৰখেল মহাৰণ- মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ এক অভিনৱ উদ্ভাৱনঃ মন্ত্ৰী পীযুষ হাজৰীকাশিলচৰত খেল মহাৰণৰ কাৰ্যসূচী উদ্বোধন মন্ত্ৰী পীযুষ হাজৰীকাৰ মই ‘এক দেশ এক নিৰ্বাচন’ৰ সমৰ্থনত আছো৷ নিৰ্বাচন বাৰে বাৰে হৈ থাকিলে উন্নয়নত প্ৰভাৱ পৰে, উন্নয়ন কমি

‘নিৰ্বাচন বাৰে বাৰে হৈ থাকিলে উন্নয়নত প্ৰভাৱ পৰে, উন্নয়ন কমি যায়’
কাছাৰত সংগঠন পৰ্ব কাৰ্যসূচীৰ অংশস্বৰূপে দলীয় কাৰ্যকৰ্তাৰে মত-বিনিময় মন্ত্ৰীগৰাকীৰ
খেল মহাৰণ- মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ এক অভিনৱ উদ্ভাৱনঃ মন্ত্ৰী পীযুষ হাজৰীকা
শিলচৰত খেল মহাৰণৰ কাৰ্যসূচী উদ্বোধন মন্ত্ৰী পীযুষ হাজৰীকাৰ

মই ‘এক দেশ এক নিৰ্বাচন’ৰ সমৰ্থনত আছো৷ নিৰ্বাচন বাৰে বাৰে হৈ থাকিলে উন্নয়নত প্ৰভাৱ পৰে, উন্নয়ন কমি যায়৷ দেশত প্ৰতি বছৰে পাঁচখন ৰাজ্যৰ নিৰ্বাচন হয়৷ কেন্দ্ৰীয় চৰকাৰৰে হওক বা ৰাজ্য চৰকাৰৰে হওক ৬ মাহৰ বাবে উন্নয়ন স্থৱিৰ হৈ যায়৷- এই মন্তব্য মন্ত্ৰী পীযুষ হাজৰীকাৰ৷ দলৰ সাংগঠনিক কামত বৰাক উপত্যকা ভ্ৰমণৰ সময়ত আজি কাছাৰত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত এইদৰে মন্তব্য কৰে৷ উল্লেখ্য যে ভাৰতীয় জনতা পাৰ্টিৰ সংগঠন পৰ্ব কাৰ্যসূচীৰ অংশস্বৰূপে মন্ত্ৰীগৰাকীয়ে আজি দলৰ কাছাৰ জিলা সমিতিৰ কাৰ্যকৰ্তাসকলৰে মত-বিনিময় কৰে। এই কাৰ্যসূচী সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে এয়া মোৰ সম্পূৰ্ণ ৰাজনৈতিক ভ্ৰমণ৷ এইবাৰ মই কোনো চৰকাৰী কাম লৈ ইয়ালৈ অহা নাই৷ আমাৰ দলৰ সংগঠন পৰ্ব চলি আছে৷ দলে মোক এটা দায়িত্ব দিছিল৷ আমাৰ দলে প্ৰায় ৬২-৬৩ লাখ সদস্যভৰ্তি কৰিলে৷ ভাৰতৰ ভিতৰত তথা দেশৰ ভিতৰত আমি খুব ভাল স্থান লাভ কৰিলো৷ প্ৰায় ৮০ হাজাৰ আমাৰ এক্টিভ মেমম্বাৰ হোৱাৰ পথত৷ এতিয়া আমাৰ মণ্ডল আৰু জিলাসমূহ গঠন হ’ব৷ তাৰ কাৰণে মই ইয়ালৈকে আহিছো৷ কালি হাইলাকান্দি গৈছিলো, কৰিমগঞ্জলৈও গৈছো৷ আজি কাছাৰ জিলাৰ আমাৰ কাৰ্যকৰ্তাসকলৰ লগত আলাপ-আলোচনা কৰিলো৷ তেওঁলোকৰ পৰা পৰামৰ্শ ল’লো, তেওঁলোকৰ পৰামৰ্শখিনি মই ৰাজ্যিক সভাপতি আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক জনাম৷ তেওঁলোকেই সিদ্ধান্ত ল’ব যে তিনিখন জিলাৰ জিলা সভাপতি আৰু মণ্ডল সভাপতি কোন হ’ব৷
‘এক দেশ, এক নিৰ্বাচন’ক লৈ বিতৰ্ক অব্যাহত থকা সন্দৰ্ভত মন্ত্ৰীগৰাকীৰ পৰা প্ৰতিক্ৰিয়া জানিবলৈ বিচৰাত মন্ত্ৰীগৰাকীয়ে কয় যে এই ক্ষেত্ৰত মই অত্যন্ত সুখী আৰু মই ‘এক দেশ এক নিৰ্বাচন’ৰ সমৰ্থনত আছো৷ তেওঁ কয় যে নিৰ্বাচন বাৰে বাৰে হৈ থাকিলে উন্নয়নত প্ৰভাৱ পৰে, উন্নয়ন কমি যায়৷ দেশত প্ৰতি বছৰে পাঁচখন ৰাজ্যৰ নিৰ্বাচন হয়৷ কেন্দ্ৰীয় চৰকাৰৰে হওক বা সেই গোটেইকেইখন ৰাজ্যৰে হওক ৬ মাহৰ বাবে উন্নয়ন স্থৱিৰ হৈ যায়৷ কেন্দ্ৰীয় চৰকাৰখনৰ প্ৰত্যেক বছৰে ৪ মাহৰ কাৰণে উন্নয়ন স্থৱিৰ হৈ যায় আৰু উন্নয়নমূলক কামত অসুবিধা আহি পৰে৷ একেলগে নিৰ্বাচন হ’লে সময়ো কম লাগিব, টকা-পইচা কম লাগিব, স্থৱিৰতা নাহিব৷ গতিকে ব্যক্তিগতভাৱে মই কওঁ যে ‘ৱান নেশ্যন, ৱান ইলেকচন’ অত্যন্ত গুৰুত্বপূৰ্ণ৷
ইপিনে, মন্ত্ৰী পীযুষ হাজৰীকাই আজি শিলচৰত অনুষ্ঠিত হোৱা শিলচৰ বিধানসভা সমষ্টিভিত্তিক খেল মহাৰণৰ কাৰ্যসূচী উদ্বোধন কৰে। উল্লেখ্য যে খেল মহাৰণৰ প্ৰথম সংস্কৰণৰ অভূতপূৰ্ব সফলতাৰ পাছত এতিয়া ৰাজ্যজুৰি অনুষ্ঠিত হৈ আছে ইয়াৰ দ্বিতীয় সংস্কৰণ। ৰাজ্যৰ যুৱ প্ৰতিভাৰ বিকাশৰ লক্ষ্যৰে নতুন খেল অন্তৰ্ভুক্তি, নতুন ক্ৰীড়া প্ৰতিভাৰ সৈতে অনুষ্ঠিত হৈছে ৰাজ্যৰ ক্ৰীড়া ইতিহাসৰ সৰ্ববৃহৎ প্ৰতিযোগিতা ‘খেল মহাৰণ ২.০’। মন্ত্ৰী পীযুষ হাজৰীকাই ক্ৰীড়াপ্ৰেমীৰ মাজত ব্যাপক উছাহ প্ৰত্যক্ষ কৰি আপ্লুত হৈ পৰে আৰু সকলোকে শুভেচ্ছা জ্ঞাপন কৰে৷ এই সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ এটা অভিনৱ উদ্ভাৱন আছিল এই খেল মহাৰণ৷ এই খেল মহাৰণত লাখ লাখ ল’ৰা-ছোৱালীয়ে অংশগ্ৰহণ কৰিছে৷ যাৰ ফলত সৰুৰে পৰা যিসকল ল’ৰা-ছোৱালীয়ে ভালদৰে খেলিছে সেই খেলুৱৈ প্ৰতিভাক চিনাক্ত কৰিবলৈ সহজ হৈছে৷ পৰৱৰ্তী সময়ত এই খেলুৱৈ প্ৰতিভাসমূহক আমি আৰু অনুশীলন কৰাৰ সুবিধা কৰি দিম বা তেওঁলোকৰ প্ৰতি নজৰ ৰাখিম৷ তেওঁলোকে গৈ পৰৱৰ্তী সময়ত ৰাজ্যিক পৰ্যায়ত বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাল প্ৰদৰ্শন কৰিব- এয়াই চৰকাৰৰ আশা বা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আশা৷ এই আশা যাতে পূৰণ হয় মই তাৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো৷
আজিৰ এই কাৰ্যসূচীত মন্ত্ৰীগৰাকীৰ সৈতে বিধায়কত্ৰয় দিপায়ন চক্ৰৱৰ্তী, মিহিৰকান্তি সোম আৰু কমলাক্ষ্য দে’ পুৰকায়স্থ, অসম অলিম্পিক সন্থাৰ যুটীয়া সম্পাদক ৰাতুল শৰ্মা, কাছাৰ জিলাৰ জিলা আয়ুক্ত, কাছাৰ জিলা ক্ৰীড়া সন্থাৰ সভাপতি-সম্পাদক তথা অন্যান্য বিষয়ববীয়াসহ বহুসংখ্যক লোক উপস্থিত থাকে।

Posts Carousel

Leave a Comment

Your email address will not be published. Required fields are marked with *

Latest Posts

Top Authors

Most Commented

Featured Videos

error: Content is protected !!