যোৱা ৯ ৰ পৰা ১৫ ডিচেম্বৰলৈ দিল্লীৰ ত্যাগৰাজ স্পৰ্টছ কমপ্লেক্সত অনুষ্ঠিত হৈ যোৱা ৬৮ সংখ্যক ৰাষ্ট্ৰীয় স্কুল গেমছত অসমৰ কাৰাটে খেলুৱৈ তনায়া নাথে ১৭ বছৰ অনুৰ্ধৰ ছোৱালীৰ কুমিটেৰ-৩৬ কেজি শাখাত সোণৰ পদক লাভ কৰিবলৈ সক্ষম হয়।এই সফলতাৰ বাবে কাৰাটেকা গৰাকীক অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ সঞ্চালক, সদৌ অসম কাৰাটে সন্থাৰ সভাপতি দিগন্ত কলিতা,
যোৱা ৯ ৰ পৰা ১৫ ডিচেম্বৰলৈ দিল্লীৰ ত্যাগৰাজ স্পৰ্টছ কমপ্লেক্সত অনুষ্ঠিত হৈ যোৱা ৬৮ সংখ্যক ৰাষ্ট্ৰীয় স্কুল গেমছত অসমৰ কাৰাটে খেলুৱৈ তনায়া নাথে ১৭ বছৰ অনুৰ্ধৰ ছোৱালীৰ কুমিটেৰ-৩৬ কেজি শাখাত সোণৰ পদক লাভ কৰিবলৈ সক্ষম হয়।
এই সফলতাৰ বাবে কাৰাটেকা গৰাকীক অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ সঞ্চালক, সদৌ অসম কাৰাটে সন্থাৰ সভাপতি দিগন্ত কলিতা, সম্পাদক আদৰ্শ চৌধুৰীয়ে আৰু কামৰূপ জিলাৰ সাধাৰণ সম্পাদক ৰূপক ৰাজবংশীযে অভিনন্দন জ্ঞাপন কৰিছে। উল্লেখ্য যে, খেলুৱৈগৰাকীয়ে যোৱা ২০২১ চনৰ পৰা এতিয়ালৈকে একেৰাহে ৪ বছৰ ৰাজ্যিক প্ৰতিযোগিতাত কুমিটে শাখাত সোণৰ পদক লাভ কৰি আহিছে। খেলুৱৈগৰাকী কামৰূপ জিলা কাৰাটে ড’ সন্থাৰ অন্তৰ্গত আজাৰা কাৰাটে ক্লাবৰ খেলুৱৈ।

Leave a Comment
Your email address will not be published. Required fields are marked with *