728 x 90
Like Us On Facebook
Facebook Pagelike Widget
728 x 90

মই ‘এক দেশ, এক নিৰ্বাচন’ৰ সম্পূৰ্ণ সমৰ্থনত আছোঃ মন্ত্ৰী পীযুষ হাজৰীকা

মই ‘এক দেশ, এক নিৰ্বাচন’ৰ সম্পূৰ্ণ সমৰ্থনত আছোঃ মন্ত্ৰী পীযুষ হাজৰীকা

‘প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই নিৰ্বাচনী প্ৰক্ৰিয়াক মই হৃদয়ৰ পৰা সমৰ্থন জনাইছো’হাইলাকান্দিত দলীয় কৰ্মকৰ্তাৰে সংগঠন পৰ্বত মিলিত হ’ল মন্ত্ৰী পীযুষ হাজৰীকা মই ৱান নেশ্যন ৱান ইলেকচনৰ সম্পূৰ্ণ সমৰ্থনত আছো। বেলেগে বেলেগ নিৰ্বাচন পতাটো দেশখনৰ কাৰণে ভাল নহয়। গতিকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যি ‘এক দেশ, এক নিৰ্বাচন’ প্ৰক্ৰিয়া আনিছে, তাক মই হৃদয়ৰ পৰা সমৰ্থন জনাইছো। –

‘প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই নিৰ্বাচনী প্ৰক্ৰিয়াক মই হৃদয়ৰ পৰা সমৰ্থন জনাইছো’
হাইলাকান্দিত দলীয় কৰ্মকৰ্তাৰে সংগঠন পৰ্বত মিলিত হ’ল মন্ত্ৰী পীযুষ হাজৰীকা

মই ৱান নেশ্যন ৱান ইলেকচনৰ সম্পূৰ্ণ সমৰ্থনত আছো। বেলেগে বেলেগ নিৰ্বাচন পতাটো দেশখনৰ কাৰণে ভাল নহয়। গতিকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যি ‘এক দেশ, এক নিৰ্বাচন’ প্ৰক্ৰিয়া আনিছে, তাক মই হৃদয়ৰ পৰা সমৰ্থন জনাইছো। – এই মন্তব্য অসম চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰীকাৰ। দলৰ সাংগঠনিক কামত বৰাক উপত্যকা ভ্ৰমণৰ সময়ত আজি হাইলাকান্দিত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত এই মন্তব্য কৰে। ‘ৱান নেশ্যন, ৱান ইলেকচন’ সন্দৰ্ভত সাংবাদিকে মন্ত্ৰীগৰাকীৰ পৰা প্ৰতিক্ৰিয়া জানিবলৈ বিচৰাত মন্ত্ৰীগৰাকীয়ে এইদৰে মন্তব্য কৰে। তেওঁ কয় যে আমাৰ দেশত নিৰ্বাচনটো বেলেগে বেলেগে হয়। প্ৰত্যেক বছৰে ৪খন-৫খন ৰাজ্যৰ নিৰ্বাচন হয়। ইয়াৰ বাবে উন্নয়নমূলক কাম-কাজ ৪-৫ মাহৰ কাৰণে বন্ধ হৈ যায়। সেয়ে বেলেগে বেলেগ নিৰ্বাচন পতাটো দেশখনৰ কাৰণে ভাল নহয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ৱান নেশ্যন ৱান ইলেকচনৰ যি প্ৰক্ৰিয়া আনিছে, তাক মই হৃদয়ৰ পৰা সমৰ্থন জনাইছো। এয়া সোনকালে হ’লে দেশৰ ভাল হ’ব বুলি মই অনুভৱ কৰিছো।
মন্ত্ৰীগৰাকীয়ে তেওঁ বৰাক উপত্যকা ভ্ৰমণৰ কাৰ্যক্ৰমণিকাৰ বিষয়েও সংবাদ মাধ্যমক অৱগত কৰে। তেওঁ কয় যে আমাৰ দলৰ সংগঠন পৰ্ব চলি আছে। কিছুদিন পূৰ্বে সদস্যভৰ্তি অভিযান চলিছিল। সদস্যভৰ্তি অভিযানত আমি অসমে ব্যাপক সফলতা লাভ কৰিছিলো। আমাৰ এক্টিভ মেম্বাৰ অৰ্থাৎ সক্ৰিয় সদস্যও যথেষ্টখিনি হ’ল। প্ৰায় ৭৫ হাজাৰ আমাৰ এক্টিভ মেম্বাৰ হ’ল। ৬২ লাখ সাধাৰণ সদস্য হ’ল। এতিয়া আমাৰ মণ্ডলসমূহ আৰু জিলাসমূহৰ কাৰণে নিৰ্বাচনৰ প্ৰক্ৰিয়া চলি আছে।
উল্লেখ্য যে বৰাক উপত্যকাৰ তিনিখন জিলাৰ সংগঠন পৰ্বৰ দায়িত্ব ন্যস্ত কৰা হৈছে মন্ত্ৰী পীযুষ হাজৰীকাক। বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা আৰু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মন্ত্ৰীগৰাকীক এই দায়িত্ব দিয়াৰ পিছত মন্ত্ৰীগৰাকীয়ে আজি বৰাকৰ হাইলাকান্দিত উপস্থিত হৈ মন্ত্ৰী কৌশিক ৰায়ৰ সৈতে বিজেপিৰ মণ্ডলসমূহৰ কাৰ্যকৰ্তাসকলৰ লগত সংগঠন পৰ্বত মিলিত হয়। বৈঠকত জিলাখনৰ লগতে জিলাৰ অন্তৰ্গত বিজেপিৰ মণ্ডলসমূহৰ সাংগঠনিক ভেটি শক্তিশালীকৰণ সন্দর্ভত দলৰ জ্যেষ্ঠ কাৰ্যকৰ্তাসকলৰ সৈতে মন্ত্ৰীগৰাকীয়ে মত বিনিময় কৰে।

Posts Carousel

Leave a Comment

Your email address will not be published. Required fields are marked with *

Latest Posts

Top Authors

Most Commented

Featured Videos