728 x 90
Like Us On Facebook
Facebook Pagelike Widget
728 x 90

‘ছাত্ৰ-ছাত্ৰীসকল হ’ল দেশৰ ভৱিষ্যত, তেওঁলোক যদি আগুৱাই নাযায়, আমাৰ দেশৰ একো উন্নয়ন নহ’ব’- মন্ত্ৰী পীযুষ হাজৰীকা

‘ছাত্ৰ-ছাত্ৰীসকল হ’ল দেশৰ ভৱিষ্যত, তেওঁলোক যদি আগুৱাই নাযায়, আমাৰ দেশৰ একো উন্নয়ন নহ’ব’- মন্ত্ৰী পীযুষ হাজৰীকা

মৰিগাঁৱৰ তৰুণৰাম ফুকন খেলপথাৰত ‘বিকাশৰ ১২ দিন’ শীৰ্ষক কাৰ্যসূচীত মন্ত্ৰী পীযুষ হাজৰীকা ছাত্ৰ-ছাত্ৰীসকল হ’ল দেশৰ ভৱিষ্যত। ছাত্ৰ-ছাত্ৰীসকল যদি আগুৱাই নাযায়, আমাৰ দেশখনৰ একো উন্নয়ন নহ’ব।- এই মন্তব্য মন্ত্ৰী পীযুষ হাজৰীকাৰ। ‘বিকাশৰ ১২ দিন’ শীর্ষক কাৰ্যসূচী উপলক্ষে আজি মৰিগাঁও জিলাখনৰ মেধাৱী শিক্ষার্থীসকলক উৎসাহিত কৰাৰ উদ্দেশ্যে কেইবাখনো আঁচনিৰ শুভাৰম্ভ কৰি মন্ত্ৰীগৰাকীয়ে ৰাইজক উদ্দেশ্যি দিয়া ভাষণত এইদৰে মন্তব্য

মৰিগাঁৱৰ তৰুণৰাম ফুকন খেলপথাৰত ‘বিকাশৰ ১২ দিন’ শীৰ্ষক কাৰ্যসূচীত মন্ত্ৰী পীযুষ হাজৰীকা

ছাত্ৰ-ছাত্ৰীসকল হ’ল দেশৰ ভৱিষ্যত। ছাত্ৰ-ছাত্ৰীসকল যদি আগুৱাই নাযায়, আমাৰ দেশখনৰ একো উন্নয়ন নহ’ব।- এই মন্তব্য মন্ত্ৰী পীযুষ হাজৰীকাৰ। ‘বিকাশৰ ১২ দিন’ শীর্ষক কাৰ্যসূচী উপলক্ষে আজি মৰিগাঁও জিলাখনৰ মেধাৱী শিক্ষার্থীসকলক উৎসাহিত কৰাৰ উদ্দেশ্যে কেইবাখনো আঁচনিৰ শুভাৰম্ভ কৰি মন্ত্ৰীগৰাকীয়ে ৰাইজক উদ্দেশ্যি দিয়া ভাষণত এইদৰে মন্তব্য কৰে। এই উপলক্ষে মৰিগাঁও জিলা প্ৰশাসনৰ সহযোগত তৰুণৰাম ফুকন খেলপথাৰত আয়োজিত অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে শিক্ষাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি কয় যে যিবোৰ দেশ উন্নত, সেই দেশবোৰলৈ চালে দেখিবলৈ পাব যে সেইসমূহ দেশত শিক্ষিতৰ হাৰ ৯৮ বা ৯৭ শতাংশ। এইক্ষেত্ৰত মন্ত্ৰীগৰাকীয়ে ইউৰোপ, আমেৰিকা, অষ্ট্ৰলিয়া, জাপান আদি দেশৰ উদাহৰণ দাঙি ধৰে। তেওঁ কয় যে যিখন দেশৰ মানুহ শিক্ষিত, সেইখন দেশ উন্নত। সেইখন দেশ নদন-বদন। গতিকে আমি ছাত্ৰ-ছাত্ৰীক উচ্চ শিক্ষিত কৰিব লাগিব। সেই কাৰণে আজি ল’ৰা-ছোৱালী শিক্ষা গ্ৰহণৰ কাৰণে দূৰলৈ যাবলৈ যাতে অসুবিধা নাপায় সেই বাবে চাইকেল বিতৰণ কৰা হ’ল। ছাত্ৰ-ছাত্ৰীক উদগনি যোগাবলৈ স্কুটী দিয়াৰ ব্যৱস্থা কৰিলো। আনন্দৰাম বৰুৱা বঁটা দিয়াৰ ব্যৱস্থা কৰিলো।
ভাষণৰ আৰম্ভণিতে মন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত সমগ্ৰ ৰাজ্যতে ‘বিকাশৰ ১২ দিন’ শীর্ষক এক বিকাশ যাত্রা আৰম্ভ হোৱাৰ কথা অৱগত কৰে। এই বিশেষ উদ্যোগৰ জৰিয়তে মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ অধীনত ৰাজ্যৰ বিভিন্ন জিলাত উন্নয়নমূলক কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব বুলি কয়। মন্ত্ৰীগৰাকীয়ে কয় যে আজি আমাৰ কাৰণে অত্যন্ত এটা ভাল লগা দিন। আজিৰ দিনটোতেই মৰিগাঁৱত প্ৰায় ১ হাজাৰ ৮৬ গৰাকী ছাত্ৰ-ছাত্ৰীক ড০ বাণীকান্ত কাকতি মেধা বঁটা প্ৰদান কৰিছো। এই বঁটা আছে একোখন ৰঙা আৰু একোখন নীলা স্কুটী। আমি এইখন সভাতেই আনন্দ ৰাম বৰুৱা বঁটাৰ অধীনত ৬৮২ গৰাকী ছাত্ৰ-ছাত্ৰীক ১২,৫০০ কৈ টকা দিছো। সমগ্ৰ অসমত আমি প্ৰায় ৩ লাখ ২৩ হাজাৰ ৬ শ ৪০ গৰাকী ছাত্ৰ-ছাত্ৰীক দিবলৈ আগবাঢ়িছো। মৰিগাঁও জিলাত ১২ হাজাৰ ১২৮ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে আজিৰ পৰা চাইকেল লাভ কৰিবলৈ সক্ষম হ’ব।


উল্লেখ্য যে ‘বিকাশৰ ১২ দিন’ শীর্ষক কাৰ্যসূচী উপলক্ষে কেইবাখনো আঁচনিৰ শুভাৰম্ভ কৰি মন্ত্ৰীগৰাকীয়ে প্ৰজ্ঞান ভাৰতী আঁচনিৰ ড০ বাণীকান্ত কাকতি মেধা বঁটাৰ অধীনত জিলাখনৰ বিগত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত ৭৫ শতাংশৰ অধিক নম্বৰ লাভ কৰা ছাত্ৰ আৰু ৬০ শতাংশৰ অধিক নম্বৰ লাভ কৰা ছাত্ৰীক সামৰি মুঠ ১০৮৬গৰাকী ছাত্র-ছাত্রীক স্কুটাৰ প্ৰদান, মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ অধীনত জিলাখনৰ নৱম শ্ৰেণীত অধ্যয়নৰত ১২,১২৮গৰাকী ছাত্র-ছাত্রীক বিনামূলীয়াকৈ চাইকেল প্ৰদান আৰু জিলাখনত চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৭৫ শতাংশতকৈ অধিক নম্বৰ লাভ কৰা মুঠ ৬২২গৰাকী ছাত্ৰ-ছাত্ৰীক এই বছৰৰ আনন্দৰাম বৰুৱা বঁটাৰ অধীনত নগদ ধন ১২,৫০০ টকাকৈ ডিবিটিযোগে প্রদান কৰা কথা অৱগত কৰে।
আনহাতে, ‘বিকাশৰ ১২ দিন’ত অসমৰ প্ৰায় ১২ লাখ মানুহক বিভিন্ন প্ৰকাৰে উপকৃত কৰা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। ইয়াৰ ভিতৰত প্ৰলয়ংকৰী বানপানীৰ সময়ত ক্ষতিগ্ৰস্ত হোৱা মানুহক সাহায্য প্ৰদান, ছাত্ৰ-ছাত্ৰীক স্কুটাৰ প্ৰদান, চাইকেল প্ৰদান, আনন্দ ৰাম বৰুৱা বঁটা প্ৰদান আৰু মাইক্ৰ’ফাইনেন্সৰ ঋণৰ কাৰণে টকা প্ৰদান আদি কাৰ্যসূচীসমূহ অহা ১২ দিনৰ ভিতৰত সম্পন্ন কৰা হ’ব বুলি কয়। ইয়াৰ জৰিয়তে মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমবাসীৰ কাৰণে কেনেদৰে কাম কৰিছে, সেয়া পুনৰ এবাৰ প্ৰতিফলিত হ’ব বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।
মন্ত্ৰীগৰাকীয়ে অতীতৰ স্মৃতি ৰোমন্থন কৰি কয় যে আজিৰ পৰা প্ৰায় ৯ বছৰ পূৰ্বে ৰমাকান্ত দেউৰী আৰু মই জাগীৰোড আৰু মৰিগাঁৱৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈছিলো। ৰমাকান্ত দেউৰী আগতে তিৱা স্বায়ত্তশাসিত পৰিষদৰ চিইএম আছিল আৰু মই ৰহা সমষ্টিৰ বিধায়ক আছিলো। আৰু ২০১৬ চনত আমি দুয়ো মৰিগাঁৱৰ পৰা বিধায়ক নিৰ্বাচিত হ’লো। ইয়াৰ পূৰ্বে মৰিগাঁও সমষ্টিৰ পৰিৱেশ কেনে আছিল তেওঁ ৰাইজক মনত পেলাই চাবলৈ কয়। সেইখিনি সময়ত মৰিগাঁৱৰ পৰা জাগীৰোডলৈকে যাওঁতে অতি কমেও ডেৰ ঘণ্টা লাগিছিল বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। সেইখিনি সময়ত কংগ্ৰেছ চৰকাৰে যি ৰাস্তাৰ কাম আৰম্ভ কৰিছিল, সেই ৰাস্তা সম্পূৰ্ণ কৰিব পৰা নাছিল বুলি তেওঁ কয়। আৰু সুদীৰ্ঘ ১১ বছৰৰ পাছত সেই ৰাস্তাৰ কাম বিজেপি চৰকাৰে সম্পূৰ্ণ কৰা বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে মৰিগাঁৱৰ ৰাস্ত-ঘাটৰ অৱস্থা অত্যন্ত বেয়া আছিল বুলি কয়। মন্ত্ৰীগৰাকীয়ে কয় যে আমি ৭২-৭৫ কোটি টকা আনি ৰাস্তা বনাবলৈ সক্ষম হৈছিলো। অসম মালা আঁচনিৰ অধীনত ভগত গাঁৱৰ পৰা চন্দ্ৰপুৰলৈ ৰাস্তা বনাবলৈ সক্ষম হৈছিলো। আনহাতে, মৰিগাঁও জিলাখন বানপানী প্ৰৱন জিলা আছিল, খেতিয়কৰ দুৰ্দশাৰ সীমা নাছিল, বানপানীয়ে ঘৰ ভাগি নষ্ট কৰি দিছিল। কিন্তু আজি মই গৌৰৱেৰে ক’ব পাৰো যে মৰিগাঁও জিলাত এইবাৰ বানপানী হোৱা নাই, বানপানীয়ে ঘৰ ভাঙিব পৰা নাই, খেতি দুগুণ হৈছে, ডাবল-ট্ৰিপল প্ৰফিট হৈছে। আনহাতে, কংগ্ৰেছক চোকা সমালোচনা কৰি মন্ত্ৰীগৰাকীয়ে কয় যে ৭০ বছৰেও কংগ্ৰেছ চৰকাৰে লাহৰীঘাটৰ বানপানী, মৰিগাঁও জিলাৰ বানপানী সমস্যা সমাধান কৰিব নোৱাৰিলে। ইয়াৰ বিপৰীতে মন্ত্ৰী হাজৰীকাই জলসম্পদ মন্ত্ৰী হৈ মৰিগাঁও জিলাৰ বানপানী সমস্যা ৯০ শতাংশ সমাধান কৰিবলৈ সক্ষম হোৱা বুলি ভাষণত উল্লেখ কৰে।
মন্ত্ৰীগৰাকীয়ে লাহৰীঘাটৰ টেঙাগুৰিৰ মানুহে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ দিয়াৰ প্ৰসংগ উত্থাপন কৰে। তেওঁ কয় যে প্ৰায় চাৰিশ কোটি টকাৰে লাহৰীঘাটত গৰাখহনীয়া ৰোধৰ কাম আৰম্ভ কৰাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াক লাহৰীঘাটৰ মানুহে ধন্যবাদ দিছে। নেলীৰ মানুহেও মুখ্যমন্ত্ৰীক ধন্যবাদ দিছে, কিয়নো এইবোৰ অঞ্চলত আগতে শালি খেতি নহৈছিল, বানপানী হৈছিল, মথাউৰি নাছিল। মায়ঙত শালি খেতি নহৈছিল। নেলীৰ পৰা ধৰমতুললৈ হাজাৰ হাজাৰ বিঘা কৃষি ভূমিত শালি খেতি নহৈছিল। তাত আমি শ্লুইচ গেট বনালো, লাহৰীঘাট, জাগীৰোডত মথাউৰি বনালো, এতিয়া সেই অঞ্চলসমূহত শালি খেতিও হয়, ৰবি খেতিও হয়, মানুহে দুগুণ উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। যাৰ বাবে সেই অঞ্চলৰ মানুহে মুখ্যমন্ত্ৰীক ধন্যবাদ দিছে।
মন্ত্ৰীগৰাকীয়ে কংগ্ৰেছ দলক সমালোচনা কৰি কয় যে আগতে এই অঞ্চলত বছৰৰ পাছত বছৰ ধৰি কংগ্ৰেছ দলৰ চৰকাৰ থকাৰ পিছতো তেওঁলোকে এই কাম কৰিব পৰা নাছিল। কিন্তু এই কাম আমি কৰিবলৈ সক্ষম হ’লো একমাত্ৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বাবে। যিগৰাকী মুখ্যমন্ত্ৰীয়ে দিনে নিশাই অসমৰ অকল উন্নয়নৰ কথা ভাবে। যিগৰাকী মুখ্যমন্ত্ৰীয়ে অসমক দেশৰ পাঁচখন ৰাজ্যৰ ভিতৰত লৈ যাব বিচাৰে।
ভাষণত মন্ত্ৰীগৰাকীয়ে কংগ্ৰেছ চৰকাৰক সমালোচনা কৰি শিক্ষা, চাকৰি আদিৰ ক্ষেত্ৰত কংগ্ৰেছে কেনেদৰে দুৰ্নীতিৰ পোহাৰ মেলিছিল সেই বিষয়ে ব্যাখ্যা দাঙি ধৰে। মন্ত্ৰীগৰাকীয়ে কয় যে কংগ্ৰেছে আনকি দুৰ্নীতিগ্ৰস্ত ৰাকেশ পাল নামৰ এজন ব্যক্তিক এপিএছচিৰ অধ্যক্ষৰ পদত বহুৱাইছিল। ৭০ লাখ ৫০ লাখ টকালৈকে ঘোচ দি ল’ৰা-ছোৱালী বিলাকে চাকৰি ল’ব লগা হৈছিল। আনকি অতি মেধাসম্পন্ন ল’ৰা-ছোৱালীকো ভয়-ভাবুকি দি টকা লৈছিল এই ৰাকেশ পাল বাহিনীয়ে। এপিএছচিৰ চাকৰি ধনী ঘৰৰ ল’ৰা-ছোৱালীয়ে পাইছিল। কিন্তু আজি সেই পৰিৱেশ নোহোৱা হ’ল। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সেই পৰিৱেশ নোহোৱা কৰিলে বুলি মন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰী ড০ শৰ্মাক প্ৰশংসাৰে উপচাই পেলায়।
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত মৰিগাঁও জিলাখনৰ কি কি উন্নয়নমূলক কাম সম্পন্ন কৰা হৈছে সেই বিষয়ে ভাষণত মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰাৰ লগতে অনুষ্ঠানত উপস্থিত থকা ছাত্ৰ-ছাত্ৰীসকলে যাতে সুনাগৰিক হিচাপে নিজকে প্ৰতিষ্ঠা লাভ কৰিব পাৰে তাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলক শুভেচ্ছা জ্ঞাপন কৰে। এই কাৰ্যসূচীত বিধায়ক ৰমাকান্ত দেউৰী, তিৱা স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰ, অসম যুৱ আয়োগৰ সদস্য ৰাতুল শৰ্মাৰ লগতে বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

Posts Carousel

Leave a Comment

Your email address will not be published. Required fields are marked with *

Latest Posts

Top Authors

Most Commented

Featured Videos