বঙাইগাঁও, ১০ ডিচেম্বৰঃ ‘অসম কাব্য কানন’ৰ সপ্তম বার্ষিক অধিৱেশন দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে বঙাইগাঁৱৰ বীৰঝৰা মহাবিদ্যালয়ত অনুষ্ঠিত হয়। এই উপলক্ষে পুৱা পতাকা উত্তোলন কৰে অসম কাব্য কাননৰ সভাপতি ডাঃ হীৰেন্দ্ৰ কুমাৰ ভাগৱতীয়ে। ইয়াৰ পিছত বন্তি প্রজ্বালন কৰে অধিৱেশনৰ অভ্যর্থনা সমিতিৰ সম্পাদক পৱিত্র কুমাৰ নাথ, কার্যকৰী সদস্য ভূমিকা দাস, যামিনী দেৱী আৰু লাৱণ্য নাথে। স্মৃতি তর্পণ কৰে
বঙাইগাঁও, ১০ ডিচেম্বৰঃ ‘অসম কাব্য কানন’ৰ সপ্তম বার্ষিক অধিৱেশন দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে বঙাইগাঁৱৰ বীৰঝৰা মহাবিদ্যালয়ত অনুষ্ঠিত হয়। এই উপলক্ষে পুৱা পতাকা উত্তোলন কৰে অসম কাব্য কাননৰ সভাপতি ডাঃ হীৰেন্দ্ৰ কুমাৰ ভাগৱতীয়ে। ইয়াৰ পিছত বন্তি প্রজ্বালন কৰে অধিৱেশনৰ অভ্যর্থনা সমিতিৰ সম্পাদক পৱিত্র কুমাৰ নাথ, কার্যকৰী সদস্য ভূমিকা দাস, যামিনী দেৱী আৰু লাৱণ্য নাথে। স্মৃতি তর্পণ কৰে বিশ্বজিৎ গগৈ, অনামিকা ৰায় আৰু ৰমেশ চন্দ্র ৰায়ে। ইয়াৰ পিছতে অসম কাব্য কাননৰ উপদেষ্টা জয়ন্ত কুমাৰ বর্মনৰ সঞ্চালনাত অনুষ্ঠিত হয় ‘সতীর্থৰ কবিতা পঢ়ো আহক’ শীর্ষক কবিতা পাঠৰ অনুষ্ঠান। এই অনুষ্ঠান পৰিচালনা কৰে অর্চনা ঠাকুৰীয়া, ৰিংকুমণি বড়া আৰু অসম কাব্য কাননৰ সম্পাদক নৱ ৰাজনে। এই অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অসম সাহিত্য সভা তথা কবি সন্মিলনৰ প্রাক্তন আহ্বায়ক মির্জা হুমায়ুন কবিৰ আৰু পষেকীয়া কাব্যকাননৰ প্রকাশক ছেকেণ্ডাৰ আলী আহমেদ। দুপৰীয়া ডাঃ হীৰেন্দ্ৰ কুমাৰ ভাগৱতীৰ সভাপতিত্বত অনুষ্ঠিত হয় মুকলি সভা আৰু বঁটা প্রদান অনুষ্ঠান। সভাৰ আৰম্ভণিতে কাব্য কাননৰ সম্পাদক নৱ ৰাজনে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰাৰ লগতে সম্পাদকীয় প্রতিবেদন পাঠ কৰে।

আনহাতে, আদৰণী ভাষণ দিয়ে অভ্যর্থনা সমিতিৰ সভাপতি ধীৰেশ চন্দ্র ৰায়ে। সভাত মুখ্য অতিথিৰূপে উপস্থিত থাকি ভাষণ প্রদান কৰে সাহিত্য অকাডেমীৰ অসমীয়া ভাষা উপদেষ্টা পৰিষদ সদস্য তথা ভট্টদেৱ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড০ বিনীতা বৰা দেৱচৌধুৰীয়ে। সেইদৰে সন্মানীয় অতিথিৰূপে উপস্থিত থাকি বক্তব্য দাঙি ধৰে বঙাইগাঁও জিলা সাহিত্য সভাৰ সভাপতি ৰোহিণী কুমাৰ চৌধুৰীয়ে। সভাত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ হিল্লোলজ্যোতি সিংহ, একেখন বিশ্ববিদ্যালয়ৰে ছাত্র কল্যাণ পৰিষদৰ সঞ্চালক তথা কাব্য কাননৰ উপ-সভাপতি ড০ প্রহ্লাদ বসুমতাৰী, কাব্যম প্রকাশৰ প্রকাশক প্রদীপ চন্দ্র শর্মা আৰু কাব্যম বঁটাপ্রাপক দেৱজিত হাজৰিকাই বিশিষ্ট অতিথিৰূপে অংশগ্রহণ কৰে। আনহাতে, বৃহত্তৰ বঙাইগাঁও প্রেছ ক্লাবৰ সভাপতি ৰঞ্জিত কুমাৰ শৰ্মাই আমন্ত্রিত অতিথিৰূপে অংশগ্রহণ কৰে। সভাত ড০ হিল্লোলজ্যোতি সিংহ আৰু ৰঞ্জিত কুমাৰ শর্মায়ো সভাত চমু বক্তব্য দাঙি ধৰে। ইপিনে, উক্ত সভাতেই কাব্যগ্রন্থ ‘আমাৰ কাব্যকানন’ উন্মোচন কৰি বক্তব্য দাঙি ধৰে নলবাৰীৰ বৰভাগ মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ড০ সুশান্ত কুমাৰ কাশ্যপে। সভাত দেৱজিত হাজৰিকাক ২০২৪ চনৰ ‘কাব্যম বঁটা’ প্রদান কৰা হয়। অভ্যর্থনা সমিতিৰ সম্পাদক পৱিত্র কুমাৰ নাথে শলাগৰ শৰাই আগবঢ়োৱাৰ পিছত সভাপতিয়ে চমু বক্তব্যৰে সভা সামৰে। আনহাতে, বিয়লি ‘কবিতাৰ মেলা’ শীর্ষক কবি সম্মিলন অনুষ্ঠিত হয়। সাহিত্য অকাডেমীৰ যুৱ-বঁটা প্রাপক প্রতীম বৰুৱাৰ সঞ্চালনাত অনুষ্ঠিত হোৱা ‘কবিতাৰ মেলা’ত তিনিকুৰিৰো অধিক কবিয়ে কবিতা পাঠ কৰে। এই অনুষ্ঠানত ধ্রুৱ কুমাৰ তালুকদাৰ, দিগন্ত নিবিড়, খঞ্জনা শর্মা, মেঘালী বৰা শইকীয়াই বিশিষ্ট অতিথিৰূপে অংশগ্রহণ কৰে। সভাত প্রদীপ চন্দ্র শর্মা, ড০ প্রহ্লাদ বসুমতাৰী, জুৰি ভট্টাচার্য, গিৰিজা শর্মা, মানস ৰঞ্জন, কৌশল্যা ৰায়, জোৎস্নাপ্রিয়া দেৱী, পিংকুজিৎ দাস, গণেশ্বৰ দেৱ শর্মা, বিশেশ্বৰ বর্মন, হলিৰাম নাথ, মাজেন চন্দ্র নাথ, বিপুল বৈশ্য, উৎপল কলিতা, দাদন ভূঞা, অনিতা মেধি মিশ্র আৰু চয়নিকা ভূঞাক সম্বর্ধনা জনোৱা হয়। সম্বর্ধনা অনুষ্ঠানৰ আঁত ধৰে নৱ ৰাজনে। সন্ধিয়া সামৰণি অনুষ্ঠান অনুষ্ঠিত হয়।
Leave a Comment
Your email address will not be published. Required fields are marked with *