২০২৪ বৰ্ষৰ বাবে দ্বিজেন নাথ গৱেষণা গ্ৰন্থ বঁটা ঘোষণা কৰা হৈছে। বিশিষ্ট লেখক-গৱেষক ড০ ৰুমী নাথ তেওঁৰ ‘অসমীয়া মানঃ মানৰ দেশৰ পৰা অসম দেশলৈ’ শীৰ্ষক গৱেষণামূলক গ্ৰন্থখনৰ বাবে এই বঁটাৰ বাবে বিবেচিত হৈছে। গোৱালপাৰা জিলাৰ দুধনৈৰ বাসিন্দা ড০ ৰুমী নাথে ইতিমধ্যে লোক-সংস্কৃতি বিষয়ক ভালেখিনি গৱেষণামূলক কাম কৰিছে আৰু লোক-সাহিত্য, সংস্কৃতি বিষয়ক গৱেষণামূলক গ্ৰন্থ তথা লেখনিৰে
২০২৪ বৰ্ষৰ বাবে দ্বিজেন নাথ গৱেষণা গ্ৰন্থ বঁটা ঘোষণা কৰা হৈছে। বিশিষ্ট লেখক-গৱেষক ড০ ৰুমী নাথ তেওঁৰ ‘অসমীয়া মানঃ মানৰ দেশৰ পৰা অসম দেশলৈ’ শীৰ্ষক গৱেষণামূলক গ্ৰন্থখনৰ বাবে এই বঁটাৰ বাবে বিবেচিত হৈছে। গোৱালপাৰা জিলাৰ দুধনৈৰ বাসিন্দা ড০ ৰুমী নাথে ইতিমধ্যে লোক-সংস্কৃতি বিষয়ক ভালেখিনি গৱেষণামূলক কাম কৰিছে আৰু লোক-সাহিত্য, সংস্কৃতি বিষয়ক গৱেষণামূলক গ্ৰন্থ তথা লেখনিৰে অসমীয়া সাহিত্যৰ ভঁড়াল চহকী কৰিছে। তেওঁ লোক-সংস্কৃতিৰ ওপৰত গৱেষণা কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা এম ফিল আৰু সন্মানীয় ডক্টৰেট ডিগ্ৰী লাভ কৰিছে। এইগৰাকী গৱেষক ২০২৪ বৰ্ষৰ ‘দ্বিজেন নাথ গৱেষণা গ্ৰন্থ’ বঁটাৰ বাবে বিবেচিত হৈছে। উল্লেখ্য যে, গোৱালপৰীয়া লোক-সংস্কৃতিৰ গৱেষক-পণ্ডিত, বিশিষ্ট শিক্ষাবিদ-সাহিত্যিক বঙাইগাঁও জিলাৰ নৰ্থ বইটামাৰী অঞ্চলৰ প্ৰয়াত দ্বিজেন নাথৰ সোঁৱৰণত তেখেতৰ পৰিয়ালে বিগত বছৰৰ পৰা এই বঁটা প্ৰদান কৰি আহিছে। এই বঁটাত থাকিব নগদ ৩৫,০০০ টকা, স্মাৰক, মানপত্ৰ, অংগবস্ত্ৰ আৰু সাহিত্যিক দ্বিজেন নাথৰ ‘গোৱালপৰীয়া লোক-সংস্কৃতিৰ মৌকোঁহ’ নামৰ বিশেষ ৰচনাৱলীখন। অহা ২৫ ডিচেম্বৰত সাহিত্য-সংস্কৃতিমূলক অনুষ্ঠান ‘স্পন্দন… শব্দৰ পৰা হৃদয়লৈ’ৰ উদ্যোগত গুৱাহাটীৰ কটন মহাবিদ্যালয়ৰ এলমনাই ভৱনত অনুষ্ঠিত হ’বলগীয়া এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত তেওঁক উক্ত বঁটা প্ৰদান কৰা হ’ব।
Leave a Comment
Your email address will not be published. Required fields are marked with *