ৰকিবুল হুছেইনে ঠিকেই কৈছে গো-মাংস বেয়া বস্তু, গো-মাংস খুৱাব নালাগে। গো-মাংস খোৱা বাদ দি ৰকিবুল হুছেইনে নিজেই সমাজৰ আগত উদাহৰণ দাঙি ধৰক।- এই মন্তব্য মন্ত্ৰী পীযুষ হাজৰীকাৰ। গো-মাংসক লৈ অব্যাহত থকা বিতৰ্কলৈ নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি আজি সাংবাদিকৰ আগত এই মন্তব্য কৰি ৰকিবুল হুছেইনক নিদৰ্শন দাঙি ধৰিবলৈ আহ্বান জনায় মন্ত্ৰীগৰাকীয়ে। এই ক্ষেত্ৰত কংগ্ৰেছ দলকো তীব্ৰ
ৰকিবুল হুছেইনে ঠিকেই কৈছে গো-মাংস বেয়া বস্তু, গো-মাংস খুৱাব নালাগে। গো-মাংস খোৱা বাদ দি ৰকিবুল হুছেইনে নিজেই সমাজৰ আগত উদাহৰণ দাঙি ধৰক।- এই মন্তব্য মন্ত্ৰী পীযুষ হাজৰীকাৰ। গো-মাংসক লৈ অব্যাহত থকা বিতৰ্কলৈ নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি আজি সাংবাদিকৰ আগত এই মন্তব্য কৰি ৰকিবুল হুছেইনক নিদৰ্শন দাঙি ধৰিবলৈ আহ্বান জনায় মন্ত্ৰীগৰাকীয়ে। এই ক্ষেত্ৰত কংগ্ৰেছ দলকো তীব্ৰ সমালোচনা কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে মুখ্যমন্ত্ৰী ডাঙৰীয়াইতো ইতিমধ্যে কৈছেই, যদি কংগ্ৰেছে কয়, ভূপেন বৰা বা ৰকিবুল হুছেইনে কয় গো-মাংস মুখ্যমন্ত্ৰীয়ে নিষিদ্ধ কৰিব। মন্ত্ৰীগৰাকীয়ে ৰকিবুলে যিহেতু কৈছে গো-মাংস খুৱাইছে, বেয়া বস্তু আপুনি কিয় খায় বুলি ওলোটাই ৰকিবুল হুছেইনক তেওঁ প্ৰশ্ন কৰে। তেওঁ ৰকিবুল হুছেইনক উদ্দেশ্যি কয় যে আপুনি নিজে গো-মাংস খোৱা ত্যাগ কৰক আৰু সমাজক আপুনি উদাহৰণ দেখুওৱাক যে মই নাখাওঁ বেলেগো খাব নালাগে। বিজেপিয়ে গো-মাংস খুৱাইছে বুলি মইতো কেতিয়াও নামানো। কিন্তু ৰকিবুল হুছেইনে যিহেতু কৈছে গো-মাংস বেয়া বস্তু, গো-মাংস খুৱাব নালাগে, তেওঁ নিজেই উদাহৰণ হিচাপে নিজকে লওক, গো-মাংস তেওঁ খোৱা বাদ দিয়ক তাৰ কাৰণে মই তেওঁক অনুৰোধ জনাইছো।
মন্ত্ৰীগৰাকীয়ে কয় যে সনাতনী সভ্যতা সংস্কৃতিত গো-মাতাক আমি সেৱা কৰো। ৰকিবুল হুছেইন ডাঙৰীয়াই ঠিকেই কৈছে, গো-মাংস খোৱাটো বেয়া। অৱশ্যে তেওঁ উপদেশতকৈ আৰ্হি ভাল বুলি জানিব লাগে আৰু ভূপেন বৰাই প্ৰত্যেকবাৰে সনাতনী সভ্যতা-সংস্কৃতিক অপমান কৰি আহিছে। মন্ত্ৰী হাজৰীকাই এনে সাম্প্ৰদায়িক মানুহ থকা দলৰ পৰা আমি আৰু বেছি আশা নকৰো বুলিও মন্তব্য কৰে।
Leave a Comment
Your email address will not be published. Required fields are marked with *