🔹দিব্যাংগসকলক পিছত থৈ আমি সমাজখন কেতিয়াও আগুৱাই নিব নোৱাৰো🔹দিব্যাংগসকলক আঁতৰাই ৰাখি এখন সুশৃংখলিত-সুস্থিৰ সমাজৰ কথা আমি ভাবিব নোৱাৰো🔹গুৱাহাটীত আন্তৰ্জাতিক দিব্যাংগ দিৱসৰ অনুষ্ঠানত সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰী পীযুষ হাজৰীকা দিব্যাংগ মানে দিব্য অংগ! যিসকলে ভগৱানৰ অংগ লৈ এই পৃথিৱীলৈ আহিছে, সেইসকলক প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ‘দিব্যাংগ’ বুলি অভিহিত কৰিছে।- এই মন্তব্য সামাজিক ন্যায় আৰু
🔹দিব্যাংগসকলক পিছত থৈ আমি সমাজখন কেতিয়াও আগুৱাই নিব নোৱাৰো
🔹দিব্যাংগসকলক আঁতৰাই ৰাখি এখন সুশৃংখলিত-সুস্থিৰ সমাজৰ কথা আমি ভাবিব নোৱাৰো
🔹গুৱাহাটীত আন্তৰ্জাতিক দিব্যাংগ দিৱসৰ অনুষ্ঠানত সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰী পীযুষ হাজৰীকা
দিব্যাংগ মানে দিব্য অংগ! যিসকলে ভগৱানৰ অংগ লৈ এই পৃথিৱীলৈ আহিছে, সেইসকলক প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ‘দিব্যাংগ’ বুলি অভিহিত কৰিছে।- এই মন্তব্য সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰী পীযুষ হাজৰীকাৰ। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আজি অনুষ্ঠিত আন্তৰ্জাতিক দিব্যাংগ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি ৰাইজক উদ্দেশ্যি দিয়া ভাষণত মন্ত্ৰীগৰাকীয়ে এইদৰে মন্তব্য কৰে। তেওঁ কয় যে আজিৰ পৰা প্ৰায় ১০ বছৰ আগতে আমি যিসকলক বিকলাংগ বুলি কৈছিলো, এই শব্দটো শুনিবলৈ বেয়া লাগিছিল, সেয়ে প্ৰধানমন্ত্ৰীগৰাকীয়ে এই শব্দটোৰ পৰিৱৰ্তে ‘দিব্যাংগ’ শব্দটোৰ প্ৰয়োগ ঘটাইছিল। মন্ত্ৰীগৰাকীয়ে পুনৰ কয় যে দিব্যাংগ মানে ভগৱানৰ অংগ। ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনৰ উদ্ধৃতি মন্ত্ৰীগৰাকীয়ে কয় যে, পৃথিৱীৰ প্ৰায় ১৫ শতাংশ ব্যক্তি দিব্যাংগ। পৃথিৱীত যদি এই মুহূৰ্তত ৭৫০ বা ৮০০ কোটি ব্যক্তি জীৱিত আছে বুলি ভাবো, তেতিয়াহ’লে ইয়াৰ প্ৰায় এশ কোটি ব্যক্তি দিব্যাংগ। দিব্যাংগসকলক লৈ আমি সমাজখন আগবঢ়াই লৈ যাব লাগিব। দিব্যাংগসকলক আঁতৰাই ৰাখি এখন সুশৃংখলিত-সুস্থিৰ সমাজৰ কথা আমি কোনোৱে ভাবিবই নোৱাৰো। দিব্যাংগসকলক উদ্দেশ্যি মন্ত্ৰীগৰাকীয়ে কয় যে আমি প্ৰত্যেক মুহূৰ্ততে আপোনালোকক সন্মান কৰো, শ্ৰদ্ধা কৰো আৰু আপোনালোকৰ কাৰণে কাম কৰিবলৈকে আমি অহৰহ চেষ্টা কৰো। ১৯৯২ চনৰ পৰা এই দিব্যাংগ দিৱস পালন কৰাৰ কাৰণে ৰাষ্ট্ৰসংঘই ব্যৱস্থা হাতত লৈছিল। তেতিয়াৰ পৰা আজিৰ দিনটোত আমি সকলোৱে উলহ-মালহেৰে এই দিনটো আমি পালন কৰো। সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগে আজিৰ এই দিনটোত যথেষ্ট আড়ম্বৰপূৰ্ণভাৱে এই দিৱস পালন কৰাত মন্ত্ৰীগৰাকীয়ে বিভাগটোৰ প্ৰতিগৰাকী বিষয়া-কৰ্মচাৰীক ধন্যবাদ জ্ঞাপন কৰে। পৃথিৱীৰ প্ৰায় ১৫ শতাংশ লোক দিব্যাংগ, অসমতো কেইবা হাজাৰ দিব্যাংগ লোক আছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে আমি দিব্যাংগসকলক লৈহে এখন অসম গঢ়িব পাৰিম, তাৰ কাৰণে আৰু কাম কৰিম আপোনালোকক প্ৰতিশ্ৰুতি দিছো।

চাকৰিৰ ক্ষেত্ৰত অসম চৰকাৰে দিব্যাংগসকলৰ কাৰণে ৪ শতাংশ সংৰক্ষণ কৰাৰ কথাও মন্ত্ৰীগৰাকীয়ে ভাষণত উল্লেখ কৰে। বিগত চাৰে তিনিটা বছৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অসমৰ প্ৰায় ডেৰ লাখ লোকক চাকৰি দিছে। ইয়াত কোনেও ক’ব পৰা নাই যে ক’ৰবাত এটা অনিয়ম হৈছে বা দুৰ্নীতি হৈছে বুলি। সেই বাবে মন্ত্ৰীগৰাকীয়ে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰে। অসমত যোগ্যজনে চাকৰি লাভ কৰিছে, মেধাৱীজনে চাকৰি লাভ কৰিছে। তেওঁ কয় যে যোগ্য ভোগ্য বসুন্ধৰা- এই বাক্যশাৰী আমি মানি আহিছো আৰু আগলৈ মানি চলিম।
উল্লেখ্য যে অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই আজি গুৱাহাটীত আন্তৰ্জাতিক দিব্যাংগ দিৱস উপলক্ষে আয়োজিত দুটাকৈ পৃথক অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে| প্ৰথমতে মন্ত্ৰী হাজৰীকাই ভাৰত চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰ্যালয়ৰ অধীনৰ গুৱাহাটীস্থ বিশেষভাৱে সক্ষম ব্যক্তিৰ দক্ষতা বিকাশ, পুনৰ্বাসন আৰু সবলীকৰণৰ সংযোজিত ক্ষেত্ৰীয় কেন্দ্ৰ (চি আৰ চি)ৰ উদ্যোগত আয়োজিত আন্তৰ্জাতিক দিব্যাংগ দিৱসৰ অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশ লৈ সকলোকে এই দিৱসৰ বাবে শুভকামনা জ্ঞাপন কৰে| অনুষ্ঠানত বিশেষভাৱে সক্ষম ব্যক্তিৰ বাবে ভাৰত চৰকাৰৰ উদ্যোগত প্ৰদান কৰা হোৱা বিভিন্ন সামগ্ৰী আনুষ্ঠানিকভাৱে তেওঁ প্ৰদান কৰে| দেশৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰত চৰকাৰে দেশৰ দিব্যাংগ ব্যক্তিসকলৰ বাবে বহুখিনি ব্যৱস্থা গ্ৰহণ কৰা বুলি মন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰসংগত মন্তব্য প্ৰদান কৰে|
ইয়াৰ পিছত সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ মন্ত্ৰীগৰাকীয়ে গুৱহাটীৰ কলাক্ষেত্ৰত সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে আয়োজিত আন্তৰ্জাতিক দিব্যাংগ দিৱসৰ মুকলি সভা অনুষ্ঠানত উপস্থিত থাকে| বিশেষভাৱে সক্ষম ব্যক্তিৰদ্বাৰা নিৰ্মিত সামগ্ৰীৰ প্ৰদৰ্শনী পৰিদৰ্শন কৰি মন্ত্ৰীগৰাকীয়ে আপ্লুত হোৱা বুলি মন্তব্য প্ৰদান কৰে| আজিৰ অনুষ্ঠানতে মন্ত্ৰীগৰাকীয়ে বিভিন্ন ক্ষেত্ৰত সফলতা বুটলিবলৈ সক্ষম হোৱা বহুকেইগৰাকী দিব্যাংগ শিশু তথা ব্যক্তিক ৰাজ্য চৰকাৰৰ হৈ মানপত্ৰ আৰু বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰে| আনহাতে, মন্ত্ৰীগৰাকীয়ে বিভাগৰ হৈ দিব্যাংগসকলৰ বাবে বিভিন্ন সঁজুলিও আজিৰ অনুষ্ঠানতে আগবঢ়ায়| অনুষ্ঠানত বক্তব্য ৰাখি মন্ত্ৰী হাজৰীকাই কয় যে দিব্যাংগ ব্যক্তিসকল আমাৰ সমাজৰ অভিন্ন অংগ আৰু তেওঁলোকক পিছত থৈ আমি আমাৰ সমাজখনক কোনোমতেই আগবঢ়াই লৈ যাব নোৱাৰো| ৰাষ্ট্ৰসংঘৰ এক প্ৰতিবেদন অনুসৰি বিশ্বৰ মুঠ জনসংখ্যাৰ প্ৰায় ১৫ শতাংশ ব্যক্তিয়েই কিবা এক ধৰণৰ শাৰীৰিক প্ৰতিবন্ধকতাৰ সন্মুখীন হৈ থকা বুলি মন্তব্য কৰি মন্ত্ৰীগৰাকীয়ে কয় যে এই প্ৰতিবন্ধকতা কিন্তু তেওঁলোকক সমাজৰ বাবে অৱদান আগবঢ়োৱাৰ ক্ষেত্ৰত হেঙাৰ হোৱা নাই| শাৰীৰিক প্ৰতিবন্ধকতাৰ হেঙাৰ আঁতৰাই সফলতাৰ নিচান উৰুৱাবলৈ সক্ষম হোৱা পদৰ্থবিদ ষ্টিফেন হকিং, এভাৰেষ্টবিজয়ী পৰ্বতাৰোহী অৰুণিমা সিনহা আদিৰ উদাহৰণেৰে মন্ত্ৰীগৰাকীয়ে কয় যে বহু ক্ষেত্ৰত বিশেষভাৱে সক্ষম ব্যক্তিসকলে সমাজলৈ আন সাধাৰণ ব্যক্তিতকৈও অধিক অৱদান আগবঢ়াবলৈ সক্ষম হৈছে| বিগত পেৰা অলিম্পিকত ভাৰতবৰ্ষৰ বিশেষভাৱে সক্ষম খেলুৱৈসকলে অংশ লৈ ৭ টা সোণৰ পদকেৰে মুঠ ২৯ টা পদক লাভ কৰি আমাৰ সকলোকে গৌৰৱাম্বিত কৰা বুলি উল্লেখ কৰি মন্ত্ৰী হাজৰীকাই কয় যে দিব্যাংগসকলৰ মানসিক দৃঢ়তা আমাৰ সকলোৰে বাবে প্ৰেৰণাৰ উৎস|
অসম চৰকাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত দিব্যাংগসকলৰ বাবে আন্তৰিকতাৰে কাম কৰি থকা বুলি মন্তব্য কৰি মন্ত্ৰী হাজৰীকাই কয় যে বিগত সময়ছোৱাত চৰকাৰী চাকৰিত নিযুক্তি লাভ কৰা ব্যক্তিসকলৰ মাজত ৰীতি অনুযায়ী যথেষ্টসংখ্যক দিব্যাংগ ব্যক্তিয়েও নিযুক্তি লাভ কৰিছে| আনহাতে, ৰাজ্য চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ অধীনত বৰ্তমানে ৰাজ্যখনত ৬ খনকৈ বিশেষভাৱে সক্ষম শিক্ষাৰ্থীৰ বাবে বিদ্যালয় চলি আছে| মানসিকভাৱে বাধাগ্ৰস্ত ব্যক্তিৰ বাবে আশ্ৰয়গৃহ, চকু পৰীক্ষা তথা আন বহু ধৰণেৰে বৰ্তমানৰ চৰকাৰে দিব্যাংগসকলক সহায় কৰি আহিছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে| আনহাতে, ৰাজ্যখনৰ প্ৰতিগৰাকী দিব্যাংগ ব্যক্তিয়েই ৰাজ্য চৰকাৰৰ অৰুণোদয় আঁচনিৰ অধীনত মাহিলী ১২৫০ টকাকৈ লাভ কৰি আছে বুলিও মন্ত্ৰী হাজৰীকাই ভাষণ প্ৰসংগত উল্লেখ কৰে| চলিত বিত্তীয় বৰ্ষত ৰাজ্য চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ উদ্যোগত দিব্যাংগ ব্যক্তিসকলৰ দক্ষতা বিকাশৰ বাবে প্ৰায় ৩ কোটি টকা মোকলাই দিয়া হৈছে বুলি মন্তব্য কৰি সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ মন্ত্ৰীগৰাকীয়ে যোগ্য ব্যক্তিসকলক ইয়াৰ অধীনত সুবিধা লবলৈ আহ্বান জনায়|
উল্লেখ্য যে অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ উদ্যোগত আজি কলাক্ষেত্ৰত দিনজোৰা কাৰ্যসূচীৰে আন্তৰ্জাতিক দিব্যাংগ দিৱস উদযাপন কৰা হয়| পুৱা দিব্যাংগ ব্যক্তিসকলৰ বাবে খেলা-ধূলা, কলা, সাহিত্য আৰু সাংস্কৃতিক প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ লগতে এখন বিশেষ প্ৰদৰ্শনীৰো ব্যৱস্থা কৰা হয়| পাছবেলাৰ মুকলি সভাৰ অনুষ্ঠানত মন্ত্ৰী পীযুষ হাজৰীকাৰ লগতে অসম জ্যেষ্ঠ নাগৰিক কল্যাণ পৰিষদৰ অধ্যক্ষ ডাঃ প্ৰদীপ ঠাকুৰীয়া, অসম ৰাজ্যিক পৰিবহণ নিগমৰ উপাধ্যক্ষ প্ৰণৱ জ্যোতি লহকৰ, অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগৰ অধ্যক্ষ শ্যামল শইকীয়া, সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ আয়ুক্ত সচিব বীৰেন্দ্ৰ মিট্টাল সহিতে ৰাজ্য চৰকাৰৰ বহুকেইগৰাকী জ্যেষ্ঠ বিষয়া, ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা দিব্যাংগ ব্যক্তিসকল উপস্থিত থাকে|
Leave a Comment
Your email address will not be published. Required fields are marked with *